--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে চলিত সপ্তাহতে মধ্যপ্ৰাচ্য ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ ইজৰাইল, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ভাৰতৰ সৈতে ভাৰ্চুৱেল বৈঠকত অংশ ল’ব বুলি খবৰ ওলাইছে।

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে এই বৈঠকত চাৰিখন দেশৰ শীৰ্ষ নেতাই কেইবাটাও বিষয়ত আলোচনা কৰিব বুলি সোমবাৰে সাংবাদিকৰ আগত অৱগত কৰে। অৱশ্যে, আলোচনাত খাদ্য সুৰক্ষাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিব বুলিও প্ৰকাশ পাইছে।

জলবায়ু সংকটৰ বাবে সমগ্ৰ বিশ্বতে খাদ্য উৎপাদনৰ অৱস্থা এতিয়া অত্যন্ত পয়ালগা। ৰাছিয়া-ইউক্ৰেইনৰ মাজত সংঘটিত যুদ্ধৰ বাবে বিশ্বৰ খাদ্য সংকট যিকোনো দিনাই তীব্ৰতৰ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে সংশ্লিষ্ট মহলে। ইফালে, ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসনে অনাগত মাহত খাদ্য সংকট আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে বুলিও সকীয়াই দিছে ৰাষ্ট্ৰসংঘই।

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে কয় যে, ‘এই যুদ্ধৰ ফলত দৰিদ্ৰ দেশসমূহত খাদ্যৰ নিৰাপত্তাহীনতা আৰু অধিক ভয়াৱহ হৈ পৰিছে। খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে।’

তেওঁ লগতে কয় যে, ‘ইউক্ৰেইনৰ ৰপ্তানি যুদ্ধৰ পূৰ্বৰ স্তৰলৈ ঘূৰাই আনিব নোৱাৰিলে বিশ্বই দুৰ্ভিক্ষৰ সন্মুখীন হ’ব পাৰে। আৰু এই দুৰ্ভিক্ষ বছৰৰ পিছত বছৰ ধৰি চলি থাকিব পাৰে।’

খাদ্য সংকটৰ বাবে ৰাছিয়াই পশ্চিমীয়াসকলক দোষাৰোপ কৰিছে তেওঁলোকে কয় যে পশ্চিমকে ধৰি জি-৭ দেশসমূহে মস্কোক পৃথক কৰাৰ বাবে চলোৱা যৌথ প্ৰচেষ্টাই খাদ্য সংকট আৰু অধিক ভয়াৱহ কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে