--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে চলিত সপ্তাহতে মধ্যপ্ৰাচ্য ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ ইজৰাইল, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ভাৰতৰ সৈতে ভাৰ্চুৱেল বৈঠকত অংশ ল’ব বুলি খবৰ ওলাইছে।

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে এই বৈঠকত চাৰিখন দেশৰ শীৰ্ষ নেতাই কেইবাটাও বিষয়ত আলোচনা কৰিব বুলি সোমবাৰে সাংবাদিকৰ আগত অৱগত কৰে। অৱশ্যে, আলোচনাত খাদ্য সুৰক্ষাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিব বুলিও প্ৰকাশ পাইছে।

জলবায়ু সংকটৰ বাবে সমগ্ৰ বিশ্বতে খাদ্য উৎপাদনৰ অৱস্থা এতিয়া অত্যন্ত পয়ালগা। ৰাছিয়া-ইউক্ৰেইনৰ মাজত সংঘটিত যুদ্ধৰ বাবে বিশ্বৰ খাদ্য সংকট যিকোনো দিনাই তীব্ৰতৰ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে সংশ্লিষ্ট মহলে। ইফালে, ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসনে অনাগত মাহত খাদ্য সংকট আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে বুলিও সকীয়াই দিছে ৰাষ্ট্ৰসংঘই।

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে কয় যে, ‘এই যুদ্ধৰ ফলত দৰিদ্ৰ দেশসমূহত খাদ্যৰ নিৰাপত্তাহীনতা আৰু অধিক ভয়াৱহ হৈ পৰিছে। খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে।’

তেওঁ লগতে কয় যে, ‘ইউক্ৰেইনৰ ৰপ্তানি যুদ্ধৰ পূৰ্বৰ স্তৰলৈ ঘূৰাই আনিব নোৱাৰিলে বিশ্বই দুৰ্ভিক্ষৰ সন্মুখীন হ’ব পাৰে। আৰু এই দুৰ্ভিক্ষ বছৰৰ পিছত বছৰ ধৰি চলি থাকিব পাৰে।’

খাদ্য সংকটৰ বাবে ৰাছিয়াই পশ্চিমীয়াসকলক দোষাৰোপ কৰিছে তেওঁলোকে কয় যে পশ্চিমকে ধৰি জি-৭ দেশসমূহে মস্কোক পৃথক কৰাৰ বাবে চলোৱা যৌথ প্ৰচেষ্টাই খাদ্য সংকট আৰু অধিক ভয়াৱহ কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র