--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অভিনেত্ৰী ৰিমি সেনে বলীউড বৰ বিশেষ স্থান লাভ কৰিব নোৱাৰিলে। অভিনেত্ৰীগৰাকীয়ে এই মুহূৰ্তত চলচ্চিত্ৰৰ পৰা যথেষ্ট দূৰত আছে যদিও বিশেষ এক কাৰণত চৰ্চাত আছে। ৰিমি ছ’চিয়েল মিডিয়াত অতি সক্ৰিয়। ৰিমিয়ে প্ৰতিদিনে তেওঁৰ ফটো শ্বেয়াৰ কৰি থাকে আৰু অনুৰাগীসকলৰ সংযোগত থাকে। অৱশ্যে এইবাৰ ৰিমি তেওঁৰ কোনো পোষ্টৰ বাবে নহয় এক প্ৰৱঞ্চনাৰ গোচৰৰ বাবেহে চৰ্চালৈ আহিছে। অভিনেত্ৰীগৰাকী প্ৰৱঞ্চনাৰ বলি হৈছে। ৰিমি সেন ৪.৪০ কোটি টকাৰ প্ৰৱঞ্চনাৰ সন্মুখীন হৈছে।

অভিনেত্ৰীগৰাকীয়ে গোৰেগাঁওস্থিত এজন ব্যৱসায়ীয়ে তেওঁক ৪.১৪ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে। অভিনেত্ৰীগৰাকীয়ে তেতিয়া বিশেষ আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল।মুম্বাইৰ শ্ৰেষ্ঠ ব্যৱসায়ী যতীন ব্যাসক ৩ বছৰ আগতে আন্ধেৰীৰ এটা জিমত ৰিমীয়ে প্ৰথমবাৰৰ বাবে লগ পাইছিল। লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠে।

ৰিমিয়ে কৈছিল যে মানুহজনে বিনিয়োগৰ নামত তেওঁৰ পৰা টকা লৈছিল। যতীনে ৰিমিক ৪০% ধন লাভ দিয়াৰ বাবে তেওঁৰ কোম্পানীত বিনিয়োগ কৰিবলৈ প্ৰস্তাৱ দিছিল। ইয়াৰ পাছত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কোম্পানীত ৪.১৪ কোটি টকা বিনিয়োগ কৰে। সময়সীমা উকলি যোৱাৰ পাছত যেতিয়া ৰিমীয়ে তেওঁৰ লাভজনক ধন বিচাৰিছিল তেতিয়া ব্যৱসায়ীজনে বিভিন্ন বাহানা দেখুৱাই বিষয়টোৰ পৰা ফালৰি কাটিছিল। এটা সময়ত আনকি ৰিমিৰ ফোন ৰিচিভ কৰাও বন্ধ কৰি দিলে ব্যৱসায়ী যতীন ব্যাসে।

অৱশেষত আৰক্ষীৰ কাষ চাপি ২৯ মাৰ্চত অভিযুক্তৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু অপৰাধমূলক বিশ্বাস ভংগৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ পঞ্জীয়ন কৰে ৰিমি সেনে। অভিযোগৰ ভিত্তিত আইপিচিৰ ৪২০ আৰু ৪০৯ ধাৰাৰ অধীনত যতীন ব্যাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তজনক ধৰিবলৈ অনুসন্ধান চলাই আছে আৰক্ষীয়ে।

আৰু পঢ়কঃ মোৰ জীৱনত আগতে যথেষ্ট শান্তি আছিল,এতিয়া মই বৰ ব্যস্ত থাকোঃ ভুবন বাদ্যকৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু