--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অভিনেত্ৰী ৰিমি সেনে বলীউড বৰ বিশেষ স্থান লাভ কৰিব নোৱাৰিলে। অভিনেত্ৰীগৰাকীয়ে এই মুহূৰ্তত চলচ্চিত্ৰৰ পৰা যথেষ্ট দূৰত আছে যদিও বিশেষ এক কাৰণত চৰ্চাত আছে। ৰিমি ছ’চিয়েল মিডিয়াত অতি সক্ৰিয়। ৰিমিয়ে প্ৰতিদিনে তেওঁৰ ফটো শ্বেয়াৰ কৰি থাকে আৰু অনুৰাগীসকলৰ সংযোগত থাকে। অৱশ্যে এইবাৰ ৰিমি তেওঁৰ কোনো পোষ্টৰ বাবে নহয় এক প্ৰৱঞ্চনাৰ গোচৰৰ বাবেহে চৰ্চালৈ আহিছে। অভিনেত্ৰীগৰাকী প্ৰৱঞ্চনাৰ বলি হৈছে। ৰিমি সেন ৪.৪০ কোটি টকাৰ প্ৰৱঞ্চনাৰ সন্মুখীন হৈছে।

অভিনেত্ৰীগৰাকীয়ে গোৰেগাঁওস্থিত এজন ব্যৱসায়ীয়ে তেওঁক ৪.১৪ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে। অভিনেত্ৰীগৰাকীয়ে তেতিয়া বিশেষ আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল।মুম্বাইৰ শ্ৰেষ্ঠ ব্যৱসায়ী যতীন ব্যাসক ৩ বছৰ আগতে আন্ধেৰীৰ এটা জিমত ৰিমীয়ে প্ৰথমবাৰৰ বাবে লগ পাইছিল। লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠে।

ৰিমিয়ে কৈছিল যে মানুহজনে বিনিয়োগৰ নামত তেওঁৰ পৰা টকা লৈছিল। যতীনে ৰিমিক ৪০% ধন লাভ দিয়াৰ বাবে তেওঁৰ কোম্পানীত বিনিয়োগ কৰিবলৈ প্ৰস্তাৱ দিছিল। ইয়াৰ পাছত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কোম্পানীত ৪.১৪ কোটি টকা বিনিয়োগ কৰে। সময়সীমা উকলি যোৱাৰ পাছত যেতিয়া ৰিমীয়ে তেওঁৰ লাভজনক ধন বিচাৰিছিল তেতিয়া ব্যৱসায়ীজনে বিভিন্ন বাহানা দেখুৱাই বিষয়টোৰ পৰা ফালৰি কাটিছিল। এটা সময়ত আনকি ৰিমিৰ ফোন ৰিচিভ কৰাও বন্ধ কৰি দিলে ব্যৱসায়ী যতীন ব্যাসে।

অৱশেষত আৰক্ষীৰ কাষ চাপি ২৯ মাৰ্চত অভিযুক্তৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু অপৰাধমূলক বিশ্বাস ভংগৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ পঞ্জীয়ন কৰে ৰিমি সেনে। অভিযোগৰ ভিত্তিত আইপিচিৰ ৪২০ আৰু ৪০৯ ধাৰাৰ অধীনত যতীন ব্যাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তজনক ধৰিবলৈ অনুসন্ধান চলাই আছে আৰক্ষীয়ে।

আৰু পঢ়কঃ মোৰ জীৱনত আগতে যথেষ্ট শান্তি আছিল,এতিয়া মই বৰ ব্যস্ত থাকোঃ ভুবন বাদ্যকৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ