--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দশক বাগৰিলেই পিতৃ হয় হিন্দী ছবিজগতৰ তাৰকা অভিনেতা ছেইফ আলী খান। ঠিক যেন দশম বাৰ্ষিক পৰিকল্পনা! দহ বছৰ পাৰ হোৱাৰ লগে লগে পিতৃত্ব অৰ্জন কৰে তেওঁ। এই কথা প্ৰকাশ কৰিছে স্বয়ং তেওঁৰ পত্নীয়ে। ‘প্ৰতি দশকতেই পিতৃ হোৱাৰ সৌভাগ্য লাভ কৰিছে ছেইফে’ জনপ্ৰিয় অভিনেত্ৰী তথা ছেইফৰ দ্বিতীয় পত্নী কৰীণা কপুৰে কৰা এই মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।

ছেইফ
ছেইফৰ দ্বিতীয় পত্নী কৰীণা কাপুৰ খানে স্বামী ছেইফ আলী খানৰ পিতৃত্ব অৰ্জনৰ গৌৰৱৰ কথা প্ৰকাশ কৰি ধেমেলীয়া সুৰত এই কথা প্ৰকাশ কৰে৷ তেওঁ কয় যে, তেওঁৰ স্বামী ছেইফ আলী খান প্ৰতি দশকতে পিতৃ হৈছে। যেতিয়া ছেইফৰ বয়স ২০ বছৰ আছিল, তেতিয়া তেওঁৰ প্ৰথম পত্নী অমৃতা সিঙৰ সৈতে হোৱা প্ৰথম সন্তান ছাৰা আলী খানৰ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল। যেতিয়া তেওঁ ৩০ বছৰীয়া হৈছিল, ছেইফ আৰু অমৃতাৰ দ্বিতীয় সন্তান ইব্ৰাহিম আলী খানৰ জন্ম হৈছিল।

ছেইফে কৰিণাৰ সৈতে দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হোৱাৰ পাছত অৰ্থাৎ তেওঁৰ জীৱনৰ ৪০ৰ দশকত তেওঁ টাইমুৰ আলী খানৰ পিতৃ হয়। আনহাতে শেহতীয়াকৈ ৫০বছৰীয়া হোৱা ছেইফ আৰু কৰীণাৰ জীৱনলৈ আহিছে তেওঁলোকৰ দ্বিতীয় সন্তান জেহ।

ছেইফ আলী খান

কৰীণা কাপুৰে অলপতে এটা সাক্ষাৎকাৰত প্ৰতি দশকতে ছেইফ আলী খান পিতৃ হোৱা বুলি ৰসিকতাৰে মন্তব্য কৰে। ‘ছেইফৰ প্ৰতি দশকতে একোটাকৈ সন্তান আছে। তেওঁৰ বিশ, ত্ৰিশ, চল্লিশ আৰু এতিয়া পঞ্চাশৰ দশকতো পিতৃ হোৱাৰ গৌৰৱৰ অধিকাৰী হৈছ।’

ইয়াৰ পূৰ্বে হোৱা এক সাক্ষাৎকাৰত ছেইফৰ প্ৰথম সন্তান তথা অভিনেত্ৰী চাৰা আলী খানে তেওঁ পিতৃ সম্পৰ্কত কিছু কথা ব্যক্ত কৰিছিল৷ ছেইফ আৰু ছাৰা দুয়োগৰাকীয়ে কৌতুক কৰি সময় অতিবাহিত কৰে৷ আনকি যেতিয়া জেহ আলী খানৰ জন্ম হৈছিল ছেইফে ছাৰাক মৰমেৰে কৈছিল, ‘চোৱা তোমাৰ সৰু ভাইটি৷’ ছাৰাই যেহক মৰমেৰে ভৰপূৰ এটি সুখৰ সংজ্ঞা হিচাপে অবিহিত কৰিছিল৷ লগতে তেওঁ কয় যে, ‘মোৰ দেউতাৰ সৈতে কৰা মোৰ কৌতুক টো হ’ল যে তেওঁৰ জীৱনৰ প্ৰতিটো দশকত তেওঁৰ এটা সন্তান আছে- তেওঁৰ ২০, ৩০, ৪০ৰ দশকত, আৰু এতিয়া তেওঁৰ বয়স ৫০ বছৰ। পিতৃত্বৰ চাৰিটা পৃথক দশক উপভোগ কৰিবলৈ তেওঁ সঁচাকৈয়ে বহুত ভাগ্যৱান।’ তদুপৰি তেওঁ কয়, ‘এই শিশুটোৱে মোৰ দেউতা আৰু কৰীণাৰ জীৱনলৈ আৰু অধিক আনন্দ কঢ়িয়াই আনিব আৰু মই তেওঁলোকৰ বাবে অতিকৈ সুখী।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু