--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দশক বাগৰিলেই পিতৃ হয় হিন্দী ছবিজগতৰ তাৰকা অভিনেতা ছেইফ আলী খান। ঠিক যেন দশম বাৰ্ষিক পৰিকল্পনা! দহ বছৰ পাৰ হোৱাৰ লগে লগে পিতৃত্ব অৰ্জন কৰে তেওঁ। এই কথা প্ৰকাশ কৰিছে স্বয়ং তেওঁৰ পত্নীয়ে। ‘প্ৰতি দশকতেই পিতৃ হোৱাৰ সৌভাগ্য লাভ কৰিছে ছেইফে’ জনপ্ৰিয় অভিনেত্ৰী তথা ছেইফৰ দ্বিতীয় পত্নী কৰীণা কপুৰে কৰা এই মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।

ছেইফ
ছেইফৰ দ্বিতীয় পত্নী কৰীণা কাপুৰ খানে স্বামী ছেইফ আলী খানৰ পিতৃত্ব অৰ্জনৰ গৌৰৱৰ কথা প্ৰকাশ কৰি ধেমেলীয়া সুৰত এই কথা প্ৰকাশ কৰে৷ তেওঁ কয় যে, তেওঁৰ স্বামী ছেইফ আলী খান প্ৰতি দশকতে পিতৃ হৈছে। যেতিয়া ছেইফৰ বয়স ২০ বছৰ আছিল, তেতিয়া তেওঁৰ প্ৰথম পত্নী অমৃতা সিঙৰ সৈতে হোৱা প্ৰথম সন্তান ছাৰা আলী খানৰ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল। যেতিয়া তেওঁ ৩০ বছৰীয়া হৈছিল, ছেইফ আৰু অমৃতাৰ দ্বিতীয় সন্তান ইব্ৰাহিম আলী খানৰ জন্ম হৈছিল।

ছেইফে কৰিণাৰ সৈতে দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হোৱাৰ পাছত অৰ্থাৎ তেওঁৰ জীৱনৰ ৪০ৰ দশকত তেওঁ টাইমুৰ আলী খানৰ পিতৃ হয়। আনহাতে শেহতীয়াকৈ ৫০বছৰীয়া হোৱা ছেইফ আৰু কৰীণাৰ জীৱনলৈ আহিছে তেওঁলোকৰ দ্বিতীয় সন্তান জেহ।

ছেইফ আলী খান

কৰীণা কাপুৰে অলপতে এটা সাক্ষাৎকাৰত প্ৰতি দশকতে ছেইফ আলী খান পিতৃ হোৱা বুলি ৰসিকতাৰে মন্তব্য কৰে। ‘ছেইফৰ প্ৰতি দশকতে একোটাকৈ সন্তান আছে। তেওঁৰ বিশ, ত্ৰিশ, চল্লিশ আৰু এতিয়া পঞ্চাশৰ দশকতো পিতৃ হোৱাৰ গৌৰৱৰ অধিকাৰী হৈছ।’

ইয়াৰ পূৰ্বে হোৱা এক সাক্ষাৎকাৰত ছেইফৰ প্ৰথম সন্তান তথা অভিনেত্ৰী চাৰা আলী খানে তেওঁ পিতৃ সম্পৰ্কত কিছু কথা ব্যক্ত কৰিছিল৷ ছেইফ আৰু ছাৰা দুয়োগৰাকীয়ে কৌতুক কৰি সময় অতিবাহিত কৰে৷ আনকি যেতিয়া জেহ আলী খানৰ জন্ম হৈছিল ছেইফে ছাৰাক মৰমেৰে কৈছিল, ‘চোৱা তোমাৰ সৰু ভাইটি৷’ ছাৰাই যেহক মৰমেৰে ভৰপূৰ এটি সুখৰ সংজ্ঞা হিচাপে অবিহিত কৰিছিল৷ লগতে তেওঁ কয় যে, ‘মোৰ দেউতাৰ সৈতে কৰা মোৰ কৌতুক টো হ’ল যে তেওঁৰ জীৱনৰ প্ৰতিটো দশকত তেওঁৰ এটা সন্তান আছে- তেওঁৰ ২০, ৩০, ৪০ৰ দশকত, আৰু এতিয়া তেওঁৰ বয়স ৫০ বছৰ। পিতৃত্বৰ চাৰিটা পৃথক দশক উপভোগ কৰিবলৈ তেওঁ সঁচাকৈয়ে বহুত ভাগ্যৱান।’ তদুপৰি তেওঁ কয়, ‘এই শিশুটোৱে মোৰ দেউতা আৰু কৰীণাৰ জীৱনলৈ আৰু অধিক আনন্দ কঢ়িয়াই আনিব আৰু মই তেওঁলোকৰ বাবে অতিকৈ সুখী।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ