--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ ছিছোদিয়াই গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু জিতু বাঘানীক কেজৰিৱাল চৰকাৰৰ বিদ্যালয়সমূহ পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছে৷ লগতে, তেওঁ কয় যে গুজৰাটলৈ গৈয়ো তেওঁ একেটা কামকে কৰিব। আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কালি গুজৰাটৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ৰাজ্যখনৰ শিক্ষামন্ত্ৰী জিতু বাঘানীক দিল্লী বনাম গুজৰাটৰ আদৰ্শ বিদ্যালয়সমুহৰ ওপৰত দূৰদৰ্শনত মুকলি বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনায়। মনীষ ছিছোদিয়াৰ প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰত বাঘানীয়ে এক বিবৃতি জাৰি কৰি আপক ‘মিডিয়া ট্ৰায়েল’ চলাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে৷ গুজৰাট বিজেপিৰ টুইটাৰ হেণ্ডেলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এখন ‘মৰ্ফড’ (কেৰিকেচাৰ) ফটো পোষ্ট কৰাৰ পাছত আৰু নতুন দিল্লীত চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ দ্বাৰা চলি থকা ধৰ্ণা প্ৰতিবাদক লৈ তেওঁৰ চৰকাৰক সমালোচনা কৰাৰ পাছত ছিছোদিয়া আৰু বাঘানীৰ মাজত বাকযুদ্ধ আৰম্ভ হয়। ছিছোদিয়াই কয়, বিগত দুদিন ধৰি বিজেপি গুজৰাট দলে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰ আৰু তেওঁলোকৰ বিদ্যালয়সমূহৰ বিষয়ে যথেষ্ট টুইট কৰি আহিছে। মই গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী জিতু বাঘানীক কৈছোঁ যে গণতন্ত্ৰৰ বাবে বিতৰ্ক স্বাস্থ্যকৰ, সেয়েহে কেজৰিৱাল চৰকাৰৰ বিগত সাত বছৰত বিকশিত দিল্লীৰ আদৰ্শ বিদ্যালয় আৰু ২৭ বছৰত বিজেপিয়ে বিকশিত কৰা গুজৰাটৰ আদৰ্শ বিদ্যালয়সমূহৰ মাজত তুলনা হোৱা উচিত৷ তেওঁ লগতে কৈছিল যে গুজৰাটৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ‘শিক্ষাৰ আৰ্হি’ এক নিৰ্বাচনী ইচ্ছ্যু হ’ব। এইবাৰ গুজৰাটত শিক্ষাৰ আৰ্হিৰ ওপৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। মানুহে ভাবিব লাগিব যে তেওঁলোকে তেওঁলোকৰ সন্তানক কেনে ধৰণৰ শিক্ষা দিব বিচাৰে। মই ভাবো এই ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দলৰ দ্বাৰা কৰা কামৰ তুলনা গণতন্ত্ৰৰ এক অতি সুন্দৰ ধাৰণা আৰু গুজৰাট আৰু ভাৰতৰ শিশুসকলৰ বাবেও অপৰিহাৰ্য৷ বাঘানীয়ে তেওঁৰ বিবৃতিত কয়, গুজৰাট এনে এক যুদ্ধক্ষেত্ৰ নহয় য’ত কোনোবাই তেওঁলোকৰ ‘হিৰোগিৰি’ প্ৰদৰ্শন কৰিব পাৰে৷ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে ২০১৪ আৰু ২০১৯ত ২৬খন লোকসভা আসনত জয়লাভ কৰিছিল। দিল্লীত ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত আপৰ ফলাফল কি আছিল বুলি প্ৰশ্ন কৰে জিতু বাঘানীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক