--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দামবৃদ্ধিৰ জুয়ে দহিছে সৰ্বসাধাৰণক৷ ত্ৰাসি মধূসুদন সুঁৱৰিছে সৰ্বসাধাৰণ ৰাইজ তথা নেতাই৷ তাৰ মাজতে আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড° অংকিতা দত্তৰ নেতৃত্বত যুৱ কংগ্ৰেছে দামবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদেৰে উত্তাল কৰি তোলে গুৱাহাটীৰ ৰাজপথ৷ শেহতীয়াভাৱে দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ প্ৰতিবাদত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছে আজি সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। তাৰেই অংশস্বৰূপে গুৱাহাটীতো অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি ড° অংকিতা দত্ত, কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী, উপ-সভাপতি পৰিতোষ ৰয়ৰ লগতে বিভিন্ন বিষয়ববীয়াৰ নেতৃত্বত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয়। আৰক্ষীৰ প্ৰৱল বাধাকো নেওচি গুৱাহাটী মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে দামবৃদ্ধি ৰোধ কৰিব নোৱৰা চৰকাৰখনৰ বিৰুদ্ধে ভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী মুখৰিত কৰি তোলে। প্ৰতিবাদস্থলীত যুৱ কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে চিলিণ্ডাৰ ওলোটাই পাচলিৰ মালা আঁৰি প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদস্থলীতে চিলিণ্ডাৰ ওলোটাই চাহ কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে যুৱনেত্ৰীগৰাকীয়ে৷ সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যত সভাপতি ড° অংকিতা দত্তই কয় যে, দামবৃদ্ধিকে ধৰি জনতাৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰি এই বিজেপি চৰকাৰখনে কেৱল ধৰ্মীয় উন্মাদনা আৰু চমকলগা কথাৰে মানুহক বিভ্ৰান্ত কৰি ৰখাৰ চক্ৰান্ত আৰম্ভ কৰিছে। যেতিয়ালৈকে দামবৃদ্ধি ৰোধ নহব আৰু সৰ্বসাধাৰণৰ ৰাইজ আৰু যুৱক-যুৱতীৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে এই চৰকাৰখনে পদক্ষেপ হাতত নল’ব, তেতিয়ালৈকে যুৱ কংগ্ৰেছৰ এই প্ৰতিবাদ দেশজুৰি অব্যাহত থাকিব। New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান