--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দামবৃদ্ধিৰ জুয়ে দহিছে সৰ্বসাধাৰণক৷ ত্ৰাসি মধূসুদন সুঁৱৰিছে সৰ্বসাধাৰণ ৰাইজ তথা নেতাই৷ তাৰ মাজতে আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড° অংকিতা দত্তৰ নেতৃত্বত যুৱ কংগ্ৰেছে দামবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদেৰে উত্তাল কৰি তোলে গুৱাহাটীৰ ৰাজপথ৷ শেহতীয়াভাৱে দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ প্ৰতিবাদত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছে আজি সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। তাৰেই অংশস্বৰূপে গুৱাহাটীতো অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি ড° অংকিতা দত্ত, কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী, উপ-সভাপতি পৰিতোষ ৰয়ৰ লগতে বিভিন্ন বিষয়ববীয়াৰ নেতৃত্বত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয়। আৰক্ষীৰ প্ৰৱল বাধাকো নেওচি গুৱাহাটী মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে দামবৃদ্ধি ৰোধ কৰিব নোৱৰা চৰকাৰখনৰ বিৰুদ্ধে ভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী মুখৰিত কৰি তোলে। প্ৰতিবাদস্থলীত যুৱ কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে চিলিণ্ডাৰ ওলোটাই পাচলিৰ মালা আঁৰি প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদস্থলীতে চিলিণ্ডাৰ ওলোটাই চাহ কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে যুৱনেত্ৰীগৰাকীয়ে৷ সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যত সভাপতি ড° অংকিতা দত্তই কয় যে, দামবৃদ্ধিকে ধৰি জনতাৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰি এই বিজেপি চৰকাৰখনে কেৱল ধৰ্মীয় উন্মাদনা আৰু চমকলগা কথাৰে মানুহক বিভ্ৰান্ত কৰি ৰখাৰ চক্ৰান্ত আৰম্ভ কৰিছে। যেতিয়ালৈকে দামবৃদ্ধি ৰোধ নহব আৰু সৰ্বসাধাৰণৰ ৰাইজ আৰু যুৱক-যুৱতীৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে এই চৰকাৰখনে পদক্ষেপ হাতত নল’ব, তেতিয়ালৈকে যুৱ কংগ্ৰেছৰ এই প্ৰতিবাদ দেশজুৰি অব্যাহত থাকিব। New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক