--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
 ব্ৰিটেইনৰ প্ৰথম ভাৰতীয় বংশোদ্ভূত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ঋষি সুনক ।বৰ্তমান বিশ্ববাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ঋষি সুনক৷ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰীজনৰ পদবীৰ লগতে এতিয়া সমানে চৰ্চিত হৈ পৰিছে তেওঁৰ সম্পত্তিৰ পৰিমাণো৷গণতান্ত্ৰিক দেশসমূহৰ নেতাসকলৰ ভিতৰত, ঋষি সম্ভৱতঃ বিশ্বৰ আটাইতকৈ ধনী ৰাষ্ট্ৰপ্ৰধান।

১৯৮০ চনৰ ১২ জুনত ইংলেণ্ডৰ চাউদাম্পটনত সুনকৰ জন্ম হৈছিল। তেওঁৰ দেউতাক ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ এজন  চিকিৎসক আছিল।লগতে  তেওঁৰ মাতৃৰ নিজৰ ঔষধৰ দোকান আছিল।

ইনফোচিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ জোঁৱাই ঋষি আৰু তেওঁৰ পত্নী অক্ষতাৰ সম্পত্তিৰ মূল্য প্ৰায় £730 নিযুত। তেওঁলোক ব্ৰিটেইনৰ ২২২ তম ধনী দম্পতী। ঋষি আৰু অক্ষতাৰ ৰজা চাৰ্লছতকৈ অধিক সম্পত্তি আছে।

ঋষিয়ে ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে গোল্ডমেন চাক্সৰ সৈতে কাম কৰা আৰম্ভ কৰিছিল। তেওঁ দুটা বিনিয়োগ কোম্পানীৰ সহ-প্ৰতিষ্ঠাপকও আছিল । তেওঁৰ কোম্পানীয়ে ইউকেৰ ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা কেলিফৰ্ণিয়াৰ চিলিকন ভেলী আৰু ভাৰতৰ তথ্য প্ৰযুক্তিৰ ৰাজধানী বেংগালুৰুলৈকে কোম্পানীবোৰৰ সৈতে কাম কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ ৮ নিযুত ডলাৰ সম্পত্তিৰ বিপৰীতে  ৰজা তৃতীয় চাৰ্লছৰ মুঠ মূল্য ৫৫০ নিযুত পাউণ্ড। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ ১০ নিযুত ডলাৰ, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজৰ ৫ নিযুত ডলাৰ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ মাত্ৰ ৫,৪০,৮১৫ ডলাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুঠ মূল্য ভাৰতীয় মুদ্ৰাত ২২.৩৮ নিযুত ডলাৰ। ঋষি সুনক এই সকলো নেতাৰ তুলনাত আটাইতকৈ ধনী হিচাপে পৰিগণিত হৈছে৷ 

লণ্ডনৰ কেনচিংটনত সুনক দম্পতীৰ এটা পাঁচটা  শোৱা কোঠালীৰ ঘৰ আছে পেণ্ট । এই ঘৰটোৰ  মূল্য ৭ মিলিয়ন পাউণ্ড হ'ব বুলি অনুমান কৰা হৈছে। ইফালে, লণ্ডনৰ ওল্ড ব্ৰেম্পটন ৰোডত ঋষিৰ আন  এটা ঘৰো  আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন