--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকাশলংঘী হৈছে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সংখ্যা। ইতিমধ্যে তেওঁৰ ইনষ্টাগ্ৰামত প্ৰায় এক কোটি ফ’ল’ৱাৰ আছে। অনুৰাগীৰ সংখ্যাৰ ক্ষেত্ৰত জিফপমে বহু চেলিব্ৰিটিক পৰাস্ত কৰে। ছ’চিয়েল মিডিয়াত পোহনীয়া জন্তুৰ একাউণ্টৰ ভিতৰত উপাৰ্জনৰ ক্ষেত্ৰত জিফপ’মে প্ৰথম স্থান লাভ কৰিছে।

বিশ্বৰ ধনী লোকৰ তালিকাত শীৰ্ষত আছে ফেচবুকৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ। জিফপমৰ এই সুনামে জুকাৰবাৰ্গৰো দৃষ্টি আকৰ্ষণ কৰিছে। ছ’চিয়েল মিডিয়া হৈছে জিফপমৰ বাবে একমাত্ৰ উপাৰ্জনৰ উৎস। তেওঁৰ ইনষ্টাগ্ৰাম পেজত এটা পোষ্ট দি প্ৰায় ১০ লাখ টকা উপাৰ্জন কৰে।

২০১৩ চনত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ জনপ্ৰিয় গায়িকা কেটি পেৰীৰ "ডাৰ্ক হাউচ" গীতৰ ভিডিঅ'ত জিফপমক দেখা গৈছিল। আবিৰ্ভাৱৰ কেইছেকেণ্ডমানৰ ভিতৰতে তেওঁ সকলোৰে মনত স্থান দখল কৰে। জিফপম হৈছে প’মেৰেনিয়ান জাতৰ কুকুৰ। বহুতৰে মতে জিফপম হৈছে শেহতীয়াকৈ নেটত থকা আটাইতকৈ মৰমলগা কুকুৰ।

কেতিয়াবা জিফপমক কেফেত বহি নিজৰ প্ৰিয় খাদ্য খাই থকা দেখা যায়, কেতিয়াবা মোবাইলত নিজৰ প্ৰিয় ভিডিঅ’ গেম খেলি থকা দেখা যায়। এক অধ্যয়নত দাবী কৰা হৈছে যে বিশ্বজুৰি ছ’চিয়েল মিডিয়া একাউণ্ট থকা পোহনীয়া জন্তুবোৰৰ ২০ হাজাৰতকৈ অধিক অনুৰাগী আছে, প্ৰতিটো পোষ্টতে ভাল উপাৰ্জন কৰাৰ সম্ভাৱনা থাকে।

যদি কোনো পোহনীয়া জন্তুৰ ছ’চিয়েল মিডিয়াত ১ লাখ ৫০ হাজাৰৰ পৰা ২ লাখ ৫০ হাজাৰৰ ভিতৰত ফ’ল’ৱাৰ থাকে তেন্তে প্ৰতিটো পোষ্টত আয়ৰ পৰিমাণ বহুত বৃদ্ধি পায়। আয়ৰ পৰিমাণৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞসকলে কয় যে বিশ্বৰ আটাইতকৈ ধনী কুকুৰটো হ’ল জিফপ’ম।

বৰ্তমান জিফপমৰ অনুৰাগীৰ সংখ্যাই ৯২ লাখৰ সীমা অতিক্ৰম কৰিছে। এই সংখ্যাই অতি সোনকালে এক কোটিৰ সীমা অতিক্ৰম কৰিব বুলি ছ’চিয়েল মিডিয়া বিশেষজ্ঞসকলে অনুমান কৰিছে। বিশেষজ্ঞসকলৰ মতে, ছ’চিয়েল মিডিয়াত ফটো বা ভিডিঅ’ পোষ্ট কৰি জিফপ’মে ৯.৬ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰে।

২০১৭ চনৰ পৰা আমেৰিকাত জিফপমৰ সফলতাক উদযাপনৰ বাবে ২০ আগষ্টৰ ‘জিফ দিৱস’ পালন কৰা হৈছে। এই উদযাপনৰ কথা ঘোষণা কৰে লছ এঞ্জেলছ চহৰ পৰিষদে। ২০১৮ চনত মাৰ্ক জুকাৰবাৰ্গে জিফপমক ইনষ্টাগ্ৰামত ‘অগমেণ্টেড ৰিয়েলিটি ফিল্টাৰ’ নামৰ নতুন বৈশিষ্ট্য এটা যোগ কৰিবলৈ আমন্ত্ৰণ জনাইছিল।

জিফপমে তিনিবাৰকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে। সাধাৰণতে জিফপমে আগফালৰ ভৰি দুখনত অধিক ওজন লৈ খোজ কাঢ়ে। এইদৰে খোজ কঢ়া কুকুৰৰ ভিতৰত জিফপমে আটাইতকৈ বেছি বেগেৰে দৌৰাৰ অভিলেখ গঢ়িছে।

২০২২ চনৰ ৭ অক্টোবৰত জিফপমৰ আকস্মিক মৃত্যুৰ খবৰ টিকটকত বিয়পি পৰে। তেওঁৰ অনুৰাগীসকলে জিফপমৰ স্মৃতিত একাধিক একাউণ্ট সৃষ্টি কৰিছিল। পিছলৈ অৱশ্যে গম পোৱা যায় যে এই খবৰটো আচলতে ভুৱা। জিফপম জীয়াই আছে আৰু সুস্থ হৈ আছে।

২৬ ফেব্ৰুৱাৰী ২০১০ত জন্ম জিফপমৰ। এই বছৰত ১৪ বছৰ হৈছে কৰে। ২০১৩ চনত জিফপমে নিজৰ মালিকৰ সৈতে লছ এঞ্জেলছলৈ গুচি যায়। জিফপমে প্ৰথমবাৰৰ বাবে ২০১৩ চনত মুক্তি পোৱা কেটি পেৰীৰ মিউজিক ভিডিঅ’ত অভিনয় কৰিছিল। সেই বছৰতে তেওঁক ‘এডভেঞ্চাৰছ অৱ বেইলী: এ নাইট ইন কাউটাউন’ ছবিখনত দেখা গৈছিল। ইয়াৰ পিছত জিফপমে কেইবাখনো ছবিত অভিনয় কৰে। ২০১৬ চনত জিফপমে টেলিভিছনত দেখা দিছিল। ডিজনীৰ ‘বিজাৰ্ডভাৰ্ক’ নামৰ এখন ধাৰাবাহিকত  আছিল। বিখ্যাত ব্ৰেণ্ডৰ বিজ্ঞাপনতো জিফপমক দেখা যায়। 

জিফপমৰ জনপ্ৰিয়তা ইমানেই বেছি যে ২০১৭ চনত ‘আই এম জিফপ’ম’ শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ পাইছিল। তিনি বছৰৰ পাছত জিফপমৰ প্ৰতিচ্ছবি থকা এখন কেলেণ্ডাৰো প্ৰকাশ কৰা হয়। ``Gifmoji'' নামৰ এটা বিশেষ ইমোজিও জিফপমৰ ছবিৰ সৈতে সৃষ্টি কৰা হয়। ইনষ্টাগ্ৰামৰ পেজত বহুতো বিখ্যাত তাৰকাৰ সৈতে জিফপমৰ ছবি দেখা যায়। 

স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি বিগত ১২ বছৰত জিফপ’মৰ মুঠ সম্পত্তি ২০৬ কোটি টকা। বৰ্তমান  ইনষ্টাগ্ৰামত পোষ্ট কৰি ২৬ লাখ টকা উপাৰ্জন কৰে। আনহাতে, প্ৰতি টিকটক পোষ্টত প্ৰায় ১৬ লাখ টকা উপাৰ্জন কৰে। ইনষ্টাগ্ৰাম আৰু টিকটকৰ উপৰিও যয ইউটিউবৰ জৰিয়তে বিভিন্ন বিজ্ঞাপন সংস্থাৰ সৈতে কাম কৰা দেখা যায়। প্ৰতিটো বিজ্ঞাপন অভিযানত ১২ লাখ টকা উপাৰ্জন কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত বাধ্যতামূলক আৰ টি-পি চি আৰ টেষ্ট