--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই ২০২৩ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছে।নীৰজে ইতিমধ্যে পুৰুষৰ জেভেলিন থ্ৰ’ ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছে। নীৰজে প্ৰথম প্ৰচেষ্টাত ৮৮.৭৭ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে।উল্লেখ্য যে ছুইডেনৰ বুডাপেষ্টত অনুষ্ঠিত হৈ থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলখন অহা ২৭ আগষ্টত অনুষ্ঠিত হ’ব।

চলিত ছিজনত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছে নীৰজে। ইয়াৰ পূৰ্বে ৮৮.৬৭ মিটাৰত তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াছিল। পেৰিছ অলিম্পিকৰ বাবেও তেওঁ যোগ্যতা অৰ্জন কৰিছে।স্মৰ্তব্য যে অহা বছৰৰ ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক।

২০২৩ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত নীৰজৰ সৈতে ভাৰতৰ ডি পি মনুৱেও জেভলিন নিক্ষেপ ইভেণ্টত অংশগ্ৰহণ কৰিছিল। প্ৰথম প্ৰয়াসতে তেওঁ ৭৮.১ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে। দ্বিতীয় প্ৰচেষ্টাত তেওঁ ৮১.৩১ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে। ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টত গ্ৰুপ এৰ শীৰ্ষস্থান দখল কৰে নীৰজে। দ্বিতীয় স্থান লাভ কৰে জাৰ্মানীৰ জুলিয়ান ৱেবাৰে। তেওঁ ৮২.৩৯ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰে। তিনি নম্বৰ স্থানত দখল কৰে ভাৰতৰ ডি পি মনুৱে। ডেভিদ ৱেগনাৰে চতুৰ্থ স্থান দখল কৰে। তেওঁ ৮১.২৫ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে নীৰজে এক বৃহৎ সাফল্য লাভ কৰাৰ সুযোগ লাভ কৰিছে। যদি তেওঁ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰে, তেন্তে শ্বুটাৰে অভিনৱ বিন্দ্ৰাৰ সমকক্ষ হৈ পৰিব। অভিনৱ বিন্দ্ৰাই অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপৰ ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে। যদি নীৰজেও সোণৰ পদক লাভ কৰে তেন্তে তেওঁ হ’ব দ্বিতীয় ভাৰতীয় যিয়ে এই কৃতকাৰ্যতা লাভ কৰিব। ২০০৮ চনত অভিনৱ বিন্দ্ৰাই অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। ব্যক্তিগত ইভেণ্টত তেনে কৰা বিন্দ্ৰা প্ৰথমজন ভাৰতীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক