--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই ২০২৩ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছে।নীৰজে ইতিমধ্যে পুৰুষৰ জেভেলিন থ্ৰ’ ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছে। নীৰজে প্ৰথম প্ৰচেষ্টাত ৮৮.৭৭ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে।উল্লেখ্য যে ছুইডেনৰ বুডাপেষ্টত অনুষ্ঠিত হৈ থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলখন অহা ২৭ আগষ্টত অনুষ্ঠিত হ’ব।

চলিত ছিজনত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছে নীৰজে। ইয়াৰ পূৰ্বে ৮৮.৬৭ মিটাৰত তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াছিল। পেৰিছ অলিম্পিকৰ বাবেও তেওঁ যোগ্যতা অৰ্জন কৰিছে।স্মৰ্তব্য যে অহা বছৰৰ ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক।

২০২৩ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত নীৰজৰ সৈতে ভাৰতৰ ডি পি মনুৱেও জেভলিন নিক্ষেপ ইভেণ্টত অংশগ্ৰহণ কৰিছিল। প্ৰথম প্ৰয়াসতে তেওঁ ৭৮.১ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে। দ্বিতীয় প্ৰচেষ্টাত তেওঁ ৮১.৩১ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে। ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টত গ্ৰুপ এৰ শীৰ্ষস্থান দখল কৰে নীৰজে। দ্বিতীয় স্থান লাভ কৰে জাৰ্মানীৰ জুলিয়ান ৱেবাৰে। তেওঁ ৮২.৩৯ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰে। তিনি নম্বৰ স্থানত দখল কৰে ভাৰতৰ ডি পি মনুৱে। ডেভিদ ৱেগনাৰে চতুৰ্থ স্থান দখল কৰে। তেওঁ ৮১.২৫ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে নীৰজে এক বৃহৎ সাফল্য লাভ কৰাৰ সুযোগ লাভ কৰিছে। যদি তেওঁ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰে, তেন্তে শ্বুটাৰে অভিনৱ বিন্দ্ৰাৰ সমকক্ষ হৈ পৰিব। অভিনৱ বিন্দ্ৰাই অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপৰ ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে। যদি নীৰজেও সোণৰ পদক লাভ কৰে তেন্তে তেওঁ হ’ব দ্বিতীয় ভাৰতীয় যিয়ে এই কৃতকাৰ্যতা লাভ কৰিব। ২০০৮ চনত অভিনৱ বিন্দ্ৰাই অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। ব্যক্তিগত ইভেণ্টত তেনে কৰা বিন্দ্ৰা প্ৰথমজন ভাৰতীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক