--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলমান ভদ্ৰ মহিলাৰ বিশেষ এক আভৰণ হৈছে হিজাব। যাৰ জৰিয়তে মুছলিম মহিলাসকলে নিজকে পৰ্দাৰ মাজত ৰাখে। একেদৰে হিন্দু ধৰ্মাৱলম্বী ভদ্ৰ মহিলাসকলেও বিভিন্ন আভৰণেৰে নিজকে মাৰ্জিত কৰি ৰাখে। কিন্তু এইবাৰ  ভদ্ৰ মহিলাৰ হিজাব খুলি মগশ্বট লৈ বিপদত পৰিল খোদ চৰকাৰ। 

মগশ্বট হৈছে এনে এক প্ৰকাৰৰ ফটো তোলা পদ্ধতি যাৰ জৰিয়তে অভিযুক্তৰ মুখৰ ক্ল’জ আপ ফটো লোৱা হয়। বিশেষকৈ আৰক্ষীৰ ৰেকৰ্ড বা চৰকাৰী কামৰ বাবে মগশ্বট লোৱা হয়। ফটোখনৰ লগতে অভিযুক্তৰ আঙুলিৰ ছাপ, উচ্চতা আৰু ওজন আদি ব্যক্তিগত তথ্যও লোৱা হয়।

হিজাবৰ বাবেই মহিলাৰ ৰোষত পৰিল চৰকাৰ। হিজাবৰ বাবে এতিয়া চৰকাৰে ভৰিব লাগিব ১৪৬ কোটি টকা জৰিমনা। মহিলাৰ হিজাব খুলি আৰক্ষীয়ে লৈছিল ফটো। এতিয়া চৰকাৰে প্ৰায় ৪১০০ মহিলাক দিব লাগিব জৰিমনা।

এই ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত। গোচৰ ৰুজু কৰা মহিলা দুগৰাকীৰ নাম জামিলা ক্লাৰ্ক আৰু আৰৱা আজিজ। ২০১৭ চনৰ ৯ জানুৱাৰীত জামিলা আৰু ৩০ আগষ্টত আৰৱাক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত মূৰৰ পৰা হিজাব খুলিবলৈ বাধ্য হোৱাৰ বাবে লাজ অনুভৱ কৰা বুলি অভিযোগ কৰিছিল দুয়োয়ে।

আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জামিলাৰ স্বামীয়ে মিছা গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰাইছিল। অভিযোগ অনুসৰি গ্ৰেপ্তাৰৰ সময়ত আৰক্ষী বিষয়াসকলে জামিলাক হিজাব আঁতৰাই নিদিলে গোচৰ চলোৱাৰ ভাবুকি দিছিল। ইয়াত আৰৱাকো কোনো ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল বুলি অভিযোগ উঠিছে। 

অভিযোগ অনুসৰি যেতিয়া তেওঁৰ হিজাব আঁতৰোৱাৰ পিছত তেওঁৰ ফটো তোলা হৈছিল তেতিয়া সেই স্থানত উপস্থিত আছিল ৩০ জনতকৈ অধিক পুৰুষ কয়দী যিয়ে আৰৱাক দেখা পাইছিল। এই কথাত আৰভা ভাঙি পৰিল আৰু লগতে আৰবাৰ মহিলা অধিবক্তাগৰাকীয়ে কয় যে কাৰোবাক ধৰ্মীয় সাজ-পোছাক খুলিবলৈ বাধ্য কৰাটো তেওঁক উলংগ কৰি তালাচি চলোৱাৰ দৰেই হয়। ৫ এপ্ৰিল তাৰিখে উক্ত গোচৰটোত জৰিমনা দাবী কৰি বিত্তীয় নিষ্পত্তি দাখিল কৰা হৈছিল আৰু যত মাত্ৰ মানহাটান ফেডাৰেল আদালতৰ ন্যায়াধীশ এনালিছা টৰেছৰ অনুমোদনৰ প্ৰয়োজন আছিল।

নিউয়ৰ্ক চহৰৰ আইন বিভাগৰ মুখপাত্ৰ নিক পাওলুচিয়ে এক বিবৃতিত কয় যে এই বিত্তীয় নিষ্পত্তিৰ ফলত আৰক্ষী বিভাগৰ ইতিবাচক প্ৰভাৱ পৰিছে আৰু যি সকলো পক্ষৰ বাবে ভাল হৈছে। ২০১৪ চনৰ ১৬ মাৰ্চৰ পৰা ২০২১ চনৰ ২৩ আগষ্টৰ ভিতৰত যিসকল মহিলাই আৰক্ষীৰ সস্তক্ষেপৰ ফলত মূৰৰ হিজাব আঁতৰাবলৈ বাধ্য হৈছিল, তেওঁলোকে এই চুক্তিৰ অধীনত ধন লাভ কৰিব। তেওঁ লগতে আৰু কয় যে এইদৰে নিষ্পত্তিৰ ধন প্ৰায় ৪১০০ যোগ্য সদস্যৰ মাজত বিতৰণ কৰা হ’ব। আৰু ইয়াৰ মতে সকলোৱে কমেও ৬.৫ লাখ টকা পোৱাটো নিশ্চিত।

গোচৰ ৰুজি কৰা জামিলা ক্লাৰ্কে এক বিবৃতিত কয় যে যেতিয়া তেওঁ হিজাব খুলিবলৈ বাধ্য হৈছিল তেতিয়া তেওঁক উলংগ কৰা যেন লাগিছিল। হাজাৰ হাজাৰ নিউয়ৰ্কবাসীক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ভূমিকা লোৱাত তেওঁ অতি গৌৰৱান্বিত বুলিও কয় জামিলাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে