--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলমান ভদ্ৰ মহিলাৰ বিশেষ এক আভৰণ হৈছে হিজাব। যাৰ জৰিয়তে মুছলিম মহিলাসকলে নিজকে পৰ্দাৰ মাজত ৰাখে। একেদৰে হিন্দু ধৰ্মাৱলম্বী ভদ্ৰ মহিলাসকলেও বিভিন্ন আভৰণেৰে নিজকে মাৰ্জিত কৰি ৰাখে। কিন্তু এইবাৰ  ভদ্ৰ মহিলাৰ হিজাব খুলি মগশ্বট লৈ বিপদত পৰিল খোদ চৰকাৰ। 

মগশ্বট হৈছে এনে এক প্ৰকাৰৰ ফটো তোলা পদ্ধতি যাৰ জৰিয়তে অভিযুক্তৰ মুখৰ ক্ল’জ আপ ফটো লোৱা হয়। বিশেষকৈ আৰক্ষীৰ ৰেকৰ্ড বা চৰকাৰী কামৰ বাবে মগশ্বট লোৱা হয়। ফটোখনৰ লগতে অভিযুক্তৰ আঙুলিৰ ছাপ, উচ্চতা আৰু ওজন আদি ব্যক্তিগত তথ্যও লোৱা হয়।

হিজাবৰ বাবেই মহিলাৰ ৰোষত পৰিল চৰকাৰ। হিজাবৰ বাবে এতিয়া চৰকাৰে ভৰিব লাগিব ১৪৬ কোটি টকা জৰিমনা। মহিলাৰ হিজাব খুলি আৰক্ষীয়ে লৈছিল ফটো। এতিয়া চৰকাৰে প্ৰায় ৪১০০ মহিলাক দিব লাগিব জৰিমনা।

এই ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত। গোচৰ ৰুজু কৰা মহিলা দুগৰাকীৰ নাম জামিলা ক্লাৰ্ক আৰু আৰৱা আজিজ। ২০১৭ চনৰ ৯ জানুৱাৰীত জামিলা আৰু ৩০ আগষ্টত আৰৱাক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত মূৰৰ পৰা হিজাব খুলিবলৈ বাধ্য হোৱাৰ বাবে লাজ অনুভৱ কৰা বুলি অভিযোগ কৰিছিল দুয়োয়ে।

আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জামিলাৰ স্বামীয়ে মিছা গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰাইছিল। অভিযোগ অনুসৰি গ্ৰেপ্তাৰৰ সময়ত আৰক্ষী বিষয়াসকলে জামিলাক হিজাব আঁতৰাই নিদিলে গোচৰ চলোৱাৰ ভাবুকি দিছিল। ইয়াত আৰৱাকো কোনো ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল বুলি অভিযোগ উঠিছে। 

অভিযোগ অনুসৰি যেতিয়া তেওঁৰ হিজাব আঁতৰোৱাৰ পিছত তেওঁৰ ফটো তোলা হৈছিল তেতিয়া সেই স্থানত উপস্থিত আছিল ৩০ জনতকৈ অধিক পুৰুষ কয়দী যিয়ে আৰৱাক দেখা পাইছিল। এই কথাত আৰভা ভাঙি পৰিল আৰু লগতে আৰবাৰ মহিলা অধিবক্তাগৰাকীয়ে কয় যে কাৰোবাক ধৰ্মীয় সাজ-পোছাক খুলিবলৈ বাধ্য কৰাটো তেওঁক উলংগ কৰি তালাচি চলোৱাৰ দৰেই হয়। ৫ এপ্ৰিল তাৰিখে উক্ত গোচৰটোত জৰিমনা দাবী কৰি বিত্তীয় নিষ্পত্তি দাখিল কৰা হৈছিল আৰু যত মাত্ৰ মানহাটান ফেডাৰেল আদালতৰ ন্যায়াধীশ এনালিছা টৰেছৰ অনুমোদনৰ প্ৰয়োজন আছিল।

নিউয়ৰ্ক চহৰৰ আইন বিভাগৰ মুখপাত্ৰ নিক পাওলুচিয়ে এক বিবৃতিত কয় যে এই বিত্তীয় নিষ্পত্তিৰ ফলত আৰক্ষী বিভাগৰ ইতিবাচক প্ৰভাৱ পৰিছে আৰু যি সকলো পক্ষৰ বাবে ভাল হৈছে। ২০১৪ চনৰ ১৬ মাৰ্চৰ পৰা ২০২১ চনৰ ২৩ আগষ্টৰ ভিতৰত যিসকল মহিলাই আৰক্ষীৰ সস্তক্ষেপৰ ফলত মূৰৰ হিজাব আঁতৰাবলৈ বাধ্য হৈছিল, তেওঁলোকে এই চুক্তিৰ অধীনত ধন লাভ কৰিব। তেওঁ লগতে আৰু কয় যে এইদৰে নিষ্পত্তিৰ ধন প্ৰায় ৪১০০ যোগ্য সদস্যৰ মাজত বিতৰণ কৰা হ’ব। আৰু ইয়াৰ মতে সকলোৱে কমেও ৬.৫ লাখ টকা পোৱাটো নিশ্চিত।

গোচৰ ৰুজি কৰা জামিলা ক্লাৰ্কে এক বিবৃতিত কয় যে যেতিয়া তেওঁ হিজাব খুলিবলৈ বাধ্য হৈছিল তেতিয়া তেওঁক উলংগ কৰা যেন লাগিছিল। হাজাৰ হাজাৰ নিউয়ৰ্কবাসীক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ভূমিকা লোৱাত তেওঁ অতি গৌৰৱান্বিত বুলিও কয় জামিলাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক