--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি অৰ্থাৎ ২২ ডিচেম্বৰ ভাৰতৰ মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্ম বাৰ্ষিকী। তেওঁক গণিতৰ যাদুকৰ আৰু প্ৰতিভাশালী বুলি কোৱা হয়, কাৰণ তেওঁ কম বয়সতে গণিত সম্পৰ্কে বহু তত্ত্ব আৰু সাড়ে তিনি হাজাৰৰো অধিক সূত্ৰ দিছিল।

প্ৰতি বছৰে শ্ৰীনিবাস ৰামানুজনৰ জন্ম বাৰ্ষিকীত অৰ্থাৎ ২২ ডিচেম্বৰ দিনটো বিশ্ব গণিত দিৱস হিচাপে পালন কৰা হয় গণিতৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদানৰ সন্মানত। ভাৰত চৰকাৰে ২০১২ চনৰ ২৬ ফেব্ৰুৱাৰীত এক অধিসূচনা জাৰি কৰি শ্ৰীনিবাস ৰামানুজনৰ জন্মদিনটো ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰে। গণিতৰ যাদুকৰ বুলি কোৱা মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ লগত জড়িত আমোদজনক কথাবোৰ জানি লওক।

শ্ৰীনিবাস ৰামানুজনৰ জীৱন, গুৰুত্বপূৰ্ণ কৰ্ম আৰু মৃত্যু

- ১৮৮৭ চনত তামিলনাডুত জন্মগ্ৰহণ কৰিছিল ৰামানুজনৰ। মাত্ৰ ১২ বছৰ বয়সতে তেওঁ ত্ৰিকোণমিতি আয়ত্ত কৰি বহুতো উপপাদ্য বিকশিত কৰে।

- শ্ৰীনিবাস ৰামানুজনে ভগ্নাংশ, সংখ্যা তত্ত্ব আৰু গাণিতিক বিশ্লেষণতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

- গাণিতিক নীতিৰ ওপৰত কৰা কামৰ বাবে ৰামানুজন ‘লণ্ডন গণিত সমাজ’লৈ নিৰ্বাচিত হৈছিল।

-ৰামানুজনৰ দৰে মহান গণিতজ্ঞৰ ওপৰতো এখন ছবি নিৰ্মাণ কৰা হৈছে। ২০১৫ চনত মুক্তি লাভ কৰা ‘দ্য মেন হু ন’ ইনফিনিটি’ ছবিখনত ব্ৰিটিছ-ভাৰতীয় অভিনেতা দেৱ পাটিলে শ্ৰীনিবাস ৰামানুজনৰ চৰিত্ৰত অভিনয় কৰিছিল।

- মাত্ৰ ৩৩ বছৰ বয়সতে টিবি ৰোগত আক্ৰান্ত হৈ ৰামানুজনৰ মৃত্যু হয়। কিন্তু ইমান কম বয়সতো তেওঁ নিজৰ সৃষ্টিৰাজিৰ দ্বাৰা দেশ-বিদেশত বঁটা লাভ কৰিছিল।

ৰামানুজনৰ ভগৱানৰ ওপৰত অদম্য বিশ্বাস আছিল। তেওঁ গণিত সন্দৰ্ভত বহুতো তত্ত্ব দিছিল আৰু লগতে গণিতৰ লগত জড়িত পুৰণি সমস্যাও সমাধান কৰিছিল। ৰামানুজনৰ মৃত্যুৰ ৫৬ বছৰৰ পাছত তেওঁৰ এখন বহী চৰ্চালৈ আহিল, য’ত ৰামানুজনে দিয়া বহু সমীকৰণৰ অধ্যয়ন এতিয়াও চলি আছে।

ৰামানুজনৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোক দেৱীৰ প্ৰতি অপৰিসীম ভক্তি আছিল। কাৰণ ৰামানুজনৰ মাক-দেউতাকৰ বিয়াৰ বহু বছৰৰ পাছতো যেতিয়া কোনো সন্তান নাছিল তেতিয়া তেওঁলোকে মা নামগিৰিৰ মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰিছিল। ৰামানুজনৰ মাক-দেউতাকৰ মতে ৰামানুজনৰ জন্ম হৈছে দেৱীৰ কৃপাত। সেইবাবেই তেওঁৰো সম্পূৰ্ণ বিশ্বাস আছিল যে মহালক্ষ্মীয়ে ৰামানুজনক গাণিতিক সমীকৰণৰ জ্ঞান দিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক