--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি অৰ্থাৎ ২২ ডিচেম্বৰ ভাৰতৰ মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্ম বাৰ্ষিকী। তেওঁক গণিতৰ যাদুকৰ আৰু প্ৰতিভাশালী বুলি কোৱা হয়, কাৰণ তেওঁ কম বয়সতে গণিত সম্পৰ্কে বহু তত্ত্ব আৰু সাড়ে তিনি হাজাৰৰো অধিক সূত্ৰ দিছিল।

প্ৰতি বছৰে শ্ৰীনিবাস ৰামানুজনৰ জন্ম বাৰ্ষিকীত অৰ্থাৎ ২২ ডিচেম্বৰ দিনটো বিশ্ব গণিত দিৱস হিচাপে পালন কৰা হয় গণিতৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদানৰ সন্মানত। ভাৰত চৰকাৰে ২০১২ চনৰ ২৬ ফেব্ৰুৱাৰীত এক অধিসূচনা জাৰি কৰি শ্ৰীনিবাস ৰামানুজনৰ জন্মদিনটো ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰে। গণিতৰ যাদুকৰ বুলি কোৱা মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ লগত জড়িত আমোদজনক কথাবোৰ জানি লওক।

শ্ৰীনিবাস ৰামানুজনৰ জীৱন, গুৰুত্বপূৰ্ণ কৰ্ম আৰু মৃত্যু

- ১৮৮৭ চনত তামিলনাডুত জন্মগ্ৰহণ কৰিছিল ৰামানুজনৰ। মাত্ৰ ১২ বছৰ বয়সতে তেওঁ ত্ৰিকোণমিতি আয়ত্ত কৰি বহুতো উপপাদ্য বিকশিত কৰে।

- শ্ৰীনিবাস ৰামানুজনে ভগ্নাংশ, সংখ্যা তত্ত্ব আৰু গাণিতিক বিশ্লেষণতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

- গাণিতিক নীতিৰ ওপৰত কৰা কামৰ বাবে ৰামানুজন ‘লণ্ডন গণিত সমাজ’লৈ নিৰ্বাচিত হৈছিল।

-ৰামানুজনৰ দৰে মহান গণিতজ্ঞৰ ওপৰতো এখন ছবি নিৰ্মাণ কৰা হৈছে। ২০১৫ চনত মুক্তি লাভ কৰা ‘দ্য মেন হু ন’ ইনফিনিটি’ ছবিখনত ব্ৰিটিছ-ভাৰতীয় অভিনেতা দেৱ পাটিলে শ্ৰীনিবাস ৰামানুজনৰ চৰিত্ৰত অভিনয় কৰিছিল।

- মাত্ৰ ৩৩ বছৰ বয়সতে টিবি ৰোগত আক্ৰান্ত হৈ ৰামানুজনৰ মৃত্যু হয়। কিন্তু ইমান কম বয়সতো তেওঁ নিজৰ সৃষ্টিৰাজিৰ দ্বাৰা দেশ-বিদেশত বঁটা লাভ কৰিছিল।

ৰামানুজনৰ ভগৱানৰ ওপৰত অদম্য বিশ্বাস আছিল। তেওঁ গণিত সন্দৰ্ভত বহুতো তত্ত্ব দিছিল আৰু লগতে গণিতৰ লগত জড়িত পুৰণি সমস্যাও সমাধান কৰিছিল। ৰামানুজনৰ মৃত্যুৰ ৫৬ বছৰৰ পাছত তেওঁৰ এখন বহী চৰ্চালৈ আহিল, য’ত ৰামানুজনে দিয়া বহু সমীকৰণৰ অধ্যয়ন এতিয়াও চলি আছে।

ৰামানুজনৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোক দেৱীৰ প্ৰতি অপৰিসীম ভক্তি আছিল। কাৰণ ৰামানুজনৰ মাক-দেউতাকৰ বিয়াৰ বহু বছৰৰ পাছতো যেতিয়া কোনো সন্তান নাছিল তেতিয়া তেওঁলোকে মা নামগিৰিৰ মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰিছিল। ৰামানুজনৰ মাক-দেউতাকৰ মতে ৰামানুজনৰ জন্ম হৈছে দেৱীৰ কৃপাত। সেইবাবেই তেওঁৰো সম্পূৰ্ণ বিশ্বাস আছিল যে মহালক্ষ্মীয়ে ৰামানুজনক গাণিতিক সমীকৰণৰ জ্ঞান দিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু