--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ-বিদেশৰ কোটিপতিৰ কথা কওঁতে ইলন মাস্ক, জেফ বেজোছ, মুকেশ আম্বানী, গৌতম আদানীৰ দৰে ব্যৱসায়ীৰ নামেই মনলে আহে। তাৰ ভিতৰত ইলন বৰ্তমান বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি। অৱশ্যে ইতিহাসত এনেকুৱা মানুহ আছিল, যাৰ ধন-সম্পত্তিৰ বাবে ইলন আৰু বেজোছৰ দৰে ডাঙৰ ব্যৱসায়ীকো লাজ লাগিব।

চীনৰ সম্ৰাজ্ঞী ৱু জেটিয়ান। ইতিহাসবিদসকলৰ এক বৃহৎ অংশই দাবী কৰে যে তেওঁ আছিল পৃথিৱীৰ ‘আটাইতকৈ ধনী’ মহিলা। জেটিয়ানৰ সম্পত্তিৰ পৰিমাণ ১৬ কোটি ডলাৰ বুলি অনুমান কৰা হৈছে। আনহাতে, বৰ্তমান বিশ্বৰ ‘আটাইতকৈ ধনী মানুহ’ এলনৰ সম্পত্তিৰ পৰিমাণ ২৪,১৩ কোটি ডলাৰ।

অৰ্থাৎ ইলন, বেজোছ, আম্বানী আদি কেইবাজনো ধনী ব্যৱসায়ীৰ মুঠ সম্পত্তিতকৈ কেৱল জেটিয়ানৰ ধন বহু বেছি আছিল। জেটিয়ান আছিল চীনৰ টাং বংশৰ এগৰাকী সম্ৰাজ্ঞী আৰু বিশ্বৰ ‘আটাইতকৈ ধনী’ মহিলা। চীনৰ ইতিহাসৰ প্ৰথম আৰু একমাত্ৰ সম্ৰাজ্ঞী আছিল।

একাংশ ইতিহাসবিদৰ মতে জেটিয়ান আছিল এজন ধূৰ্ত আৰু নিৰ্দয় শাসক। কেইবাটাও বাতৰিত দাবী কৰা হৈছে যে জেটিয়ানে আনকি ক্ষমতাত থাকিবলৈ নিজৰ সন্তানকো হত্যা কৰিছিল। বহু ইতিহাসবিদৰ মতে জেটিয়ান আছিল উচ্চ শিক্ষিত। সেয়েহে টাং বংশৰ সকলো শক্তিশালী লোকে তেওঁক এজন যোগ্য শাসক হিচাপে গ্ৰহণ কৰিছিল।

ইতিমধ্যে জেটিয়ানৰ জীৱনৰ আধাৰত চীনত কেইবাখনো ছবি আৰু টিভি শ্ব’ নিৰ্মাণ কৰা হৈছে। ইয়াৰে এখন হ’ল ‘দ্য এমপ্রেস অফ চায়না’। এই ছবিখনত অভিনেত্ৰী ফেন বিংবিঙে জেটিয়ানৰ চৰিত্ৰত অভিনয় কৰিছিল।

জেটিয়ানে প্ৰায় ১৫ বছৰ টাং বংশত শাসন কৰিছিল। মধ্য এছিয়াত চীনা সাম্ৰাজ্যৰ সম্প্ৰসাৰণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জেটিয়ানৰ ৰাজত্বকালত চাহ আৰু ৰেচমৰ ব্যৱসায়ৰ উত্থানৰ বাবে চীনৰ অৰ্থনীতি যথেষ্ট উন্নত হৈছিল। চাহ আৰু ৰেচম উদ্যোগৰ বাহিৰেও জেতিয়ানৰ দিনত আন বহুতো উদ্যোগ ফুলি উঠিছিল। শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰতো চীন চহকী আছিল।

জেটিয়ানৰ জীৱনকালত, আৰু মৃত্যুৰ পিছতো তেওঁক বিভিন্ন চৰকাৰী উপাধিৰে সন্মানিত কৰা হৈছিল। ইয়াৰে এগৰাকী হ’ল ‘পবিত্ৰ সোণালী দেৱী’।

চীনৰ প্ৰাচীন ইতিহাস অনুসৰি জেটিয়ানৰ জন্ম হৈছিল ৬২১ চনৰ ১৭ ফেব্ৰুৱাৰীত। ৭০৫ চনৰ ১৬ ডিচেম্বৰত মৃত্যু হয়। অৰ্থাৎ তেওঁ প্ৰায় ৮৩ বছৰ জীয়াই আছিল। খবৰ অনুসৰি ৬৯০ চনৰ ১৬ অক্টোবৰত জেটিয়ানে সিংহাসনত আৰোহণ কৰে। মৃত্যুৰ কেইমাহমান আগলৈকে তেওঁ শাসন কৰিছিল। জেটিয়ানৰ দুজন স্বামী আছিল। তেওঁৰ দহটা সন্তান আছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন