--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ-বিদেশৰ কোটিপতিৰ কথা কওঁতে ইলন মাস্ক, জেফ বেজোছ, মুকেশ আম্বানী, গৌতম আদানীৰ দৰে ব্যৱসায়ীৰ নামেই মনলে আহে। তাৰ ভিতৰত ইলন বৰ্তমান বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি। অৱশ্যে ইতিহাসত এনেকুৱা মানুহ আছিল, যাৰ ধন-সম্পত্তিৰ বাবে ইলন আৰু বেজোছৰ দৰে ডাঙৰ ব্যৱসায়ীকো লাজ লাগিব।

চীনৰ সম্ৰাজ্ঞী ৱু জেটিয়ান। ইতিহাসবিদসকলৰ এক বৃহৎ অংশই দাবী কৰে যে তেওঁ আছিল পৃথিৱীৰ ‘আটাইতকৈ ধনী’ মহিলা। জেটিয়ানৰ সম্পত্তিৰ পৰিমাণ ১৬ কোটি ডলাৰ বুলি অনুমান কৰা হৈছে। আনহাতে, বৰ্তমান বিশ্বৰ ‘আটাইতকৈ ধনী মানুহ’ এলনৰ সম্পত্তিৰ পৰিমাণ ২৪,১৩ কোটি ডলাৰ।

অৰ্থাৎ ইলন, বেজোছ, আম্বানী আদি কেইবাজনো ধনী ব্যৱসায়ীৰ মুঠ সম্পত্তিতকৈ কেৱল জেটিয়ানৰ ধন বহু বেছি আছিল। জেটিয়ান আছিল চীনৰ টাং বংশৰ এগৰাকী সম্ৰাজ্ঞী আৰু বিশ্বৰ ‘আটাইতকৈ ধনী’ মহিলা। চীনৰ ইতিহাসৰ প্ৰথম আৰু একমাত্ৰ সম্ৰাজ্ঞী আছিল।

একাংশ ইতিহাসবিদৰ মতে জেটিয়ান আছিল এজন ধূৰ্ত আৰু নিৰ্দয় শাসক। কেইবাটাও বাতৰিত দাবী কৰা হৈছে যে জেটিয়ানে আনকি ক্ষমতাত থাকিবলৈ নিজৰ সন্তানকো হত্যা কৰিছিল। বহু ইতিহাসবিদৰ মতে জেটিয়ান আছিল উচ্চ শিক্ষিত। সেয়েহে টাং বংশৰ সকলো শক্তিশালী লোকে তেওঁক এজন যোগ্য শাসক হিচাপে গ্ৰহণ কৰিছিল।

ইতিমধ্যে জেটিয়ানৰ জীৱনৰ আধাৰত চীনত কেইবাখনো ছবি আৰু টিভি শ্ব’ নিৰ্মাণ কৰা হৈছে। ইয়াৰে এখন হ’ল ‘দ্য এমপ্রেস অফ চায়না’। এই ছবিখনত অভিনেত্ৰী ফেন বিংবিঙে জেটিয়ানৰ চৰিত্ৰত অভিনয় কৰিছিল।

জেটিয়ানে প্ৰায় ১৫ বছৰ টাং বংশত শাসন কৰিছিল। মধ্য এছিয়াত চীনা সাম্ৰাজ্যৰ সম্প্ৰসাৰণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জেটিয়ানৰ ৰাজত্বকালত চাহ আৰু ৰেচমৰ ব্যৱসায়ৰ উত্থানৰ বাবে চীনৰ অৰ্থনীতি যথেষ্ট উন্নত হৈছিল। চাহ আৰু ৰেচম উদ্যোগৰ বাহিৰেও জেতিয়ানৰ দিনত আন বহুতো উদ্যোগ ফুলি উঠিছিল। শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰতো চীন চহকী আছিল।

জেটিয়ানৰ জীৱনকালত, আৰু মৃত্যুৰ পিছতো তেওঁক বিভিন্ন চৰকাৰী উপাধিৰে সন্মানিত কৰা হৈছিল। ইয়াৰে এগৰাকী হ’ল ‘পবিত্ৰ সোণালী দেৱী’।

চীনৰ প্ৰাচীন ইতিহাস অনুসৰি জেটিয়ানৰ জন্ম হৈছিল ৬২১ চনৰ ১৭ ফেব্ৰুৱাৰীত। ৭০৫ চনৰ ১৬ ডিচেম্বৰত মৃত্যু হয়। অৰ্থাৎ তেওঁ প্ৰায় ৮৩ বছৰ জীয়াই আছিল। খবৰ অনুসৰি ৬৯০ চনৰ ১৬ অক্টোবৰত জেটিয়ানে সিংহাসনত আৰোহণ কৰে। মৃত্যুৰ কেইমাহমান আগলৈকে তেওঁ শাসন কৰিছিল। জেটিয়ানৰ দুজন স্বামী আছিল। তেওঁৰ দহটা সন্তান আছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস