--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুগে যুগে মানুহৰ মাজত সমাদৃত হৈ আহিছে গোলাপ। হেজাৰ-বিজাৰ ফুলৰ প্ৰজাতিৰ মাজতো গোলাপে তাহানিৰ দিনৰে পৰাই স্বকীয়তা বজাই ৰাখি ’ফুলৰ ৰাণী’ৰ সন্মান অক্ষুণ্ণ ৰাখিব পাৰিছে। প্ৰাকৃতিক ভাৱে উপলব্ধ গোলাপৰ ৰং হয়তো  ৰঙা,গুলপীয়া,বগা আদি হোৱা দেখা যায়। আজিকালি কৃষি প্ৰযুক্তিৰ ব্যৱহাৰেৰে হালধীয়া,নীলা আদি বিভিন্ন ৰঙৰ গোলাপো সৃষ্টি কৰা হৈছে। কিন্তু ক’লা গোলাপ? ক’লা গোলাপ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এতিয়ালৈকে কতো সৃষ্টি কৰা হোৱা নাই। পৃথিৱীৰ  মাত্ৰ এটা বিশেষ স্থানত প্ৰতিবছৰে প্ৰাকৃতিক ভাবেই ফুলি আহিছে ক’লা গোলাপ। 

ক’লা গোলাপৰ বাবেই সেই ঠাই খন জগৎ বিখ্যাত। হয়, বিশ্বত ক’লা গোলাপ মাত্ৰ  এখন বিশেষ ঠাইতহে পোৱা যায়।ক’লা গোলাপ ফলে  বিখ্যাত কৰি তোলা সেই ঠাই খন  তুৰস্কত অৱস্থিত।

তুৰস্কৰ অতি প্ৰাচীন প্ৰদেশ হিচাবে জনাজাত উৰফাৰ নিচেই কাষতে অৱস্থিত হালফেটি নামৰ অঞ্চলটোতে প্ৰাকৃতিক ভাৱে ক’লা গোলাপ ফুলে। সেই ঠাইৰ মাটি আৰু পৰিবেশৰ বাবেই তাকত ক’লা গোলাপ ফুলি আহিছে বুলি ধাৰণা কৰা হৈছে।


তুৰস্কৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত ছানহুৰফা প্ৰদেশৰ সৰু অঞ্চল হালফেটিত কি কাৰণে ক’লা গোলাপ ফুলে তাৰ সঠিক কাৰণ এতিয়ালৈকে কোনেও নিৰ্ধাৰণ কৰিব পৰা নাই।

ইউফ্ৰেটিছ নদীৰ পূব পাৰত থকা  হালফেটিত এখন সৰু ঠাই। ইয়াত  বাস কৰে প্ৰায় ২,৫০০ গৰাকী লোকে।

 ক’লা গোলাপৰ খেতি কৰিয়েই তেওঁলোকৰ বহুতে জীৱন নিৰ্বাহ কৰি আহিছে।হালফেটিৰ পৰাই বিশ্বৰ বিভিন্ন ঠাইলৈ ক’লা গোলাপ ৰপ্তানি কৰা হয়।


 হালফেটিত ছেপ্তেম্বৰ মাহৰ পৰাই  ক’লা গোলাপ ফুলিবলৈ আৰম্ভ কৰে।২০১৩ চনত চিটাস্লো  ইণ্টাৰনেচনেলৰ সমিতিয়ে "ধীৰ গতিৰ চহৰ" হিচাপে চিহ্নিত কৰা হালফেটিত আছে বহু প্ৰাচীন শিলৰ ঘৰ। সেই ঘৰবোৰ কেতিয়া কোনে সাজিছিল তাৰো সঠিক তথ্য পোৱা নাযায়।  পৌৰাণিক ঘৰবোৰৰ সৈতে ক’লা গোলাপৰ সৌন্দৰ্যই আৰু অধিক ধুনীয়া কৰি তুলিছে হালফেটিক।

 গ্ৰীষ্মকালৰ আৰম্ভণিতে হাজাৰ হাজাৰ লোকে এই সৰু ঠাই খনত ব্যস্ত হৈ পৰে ক’লা গোলাপৰ উৎপাদনত।





FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা