--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুগে যুগে মানুহৰ মাজত সমাদৃত হৈ আহিছে গোলাপ। হেজাৰ-বিজাৰ ফুলৰ প্ৰজাতিৰ মাজতো গোলাপে তাহানিৰ দিনৰে পৰাই স্বকীয়তা বজাই ৰাখি ’ফুলৰ ৰাণী’ৰ সন্মান অক্ষুণ্ণ ৰাখিব পাৰিছে। প্ৰাকৃতিক ভাৱে উপলব্ধ গোলাপৰ ৰং হয়তো  ৰঙা,গুলপীয়া,বগা আদি হোৱা দেখা যায়। আজিকালি কৃষি প্ৰযুক্তিৰ ব্যৱহাৰেৰে হালধীয়া,নীলা আদি বিভিন্ন ৰঙৰ গোলাপো সৃষ্টি কৰা হৈছে। কিন্তু ক’লা গোলাপ? ক’লা গোলাপ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এতিয়ালৈকে কতো সৃষ্টি কৰা হোৱা নাই। পৃথিৱীৰ  মাত্ৰ এটা বিশেষ স্থানত প্ৰতিবছৰে প্ৰাকৃতিক ভাবেই ফুলি আহিছে ক’লা গোলাপ। 

ক’লা গোলাপৰ বাবেই সেই ঠাই খন জগৎ বিখ্যাত। হয়, বিশ্বত ক’লা গোলাপ মাত্ৰ  এখন বিশেষ ঠাইতহে পোৱা যায়।ক’লা গোলাপ ফলে  বিখ্যাত কৰি তোলা সেই ঠাই খন  তুৰস্কত অৱস্থিত।

তুৰস্কৰ অতি প্ৰাচীন প্ৰদেশ হিচাবে জনাজাত উৰফাৰ নিচেই কাষতে অৱস্থিত হালফেটি নামৰ অঞ্চলটোতে প্ৰাকৃতিক ভাৱে ক’লা গোলাপ ফুলে। সেই ঠাইৰ মাটি আৰু পৰিবেশৰ বাবেই তাকত ক’লা গোলাপ ফুলি আহিছে বুলি ধাৰণা কৰা হৈছে।


তুৰস্কৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত ছানহুৰফা প্ৰদেশৰ সৰু অঞ্চল হালফেটিত কি কাৰণে ক’লা গোলাপ ফুলে তাৰ সঠিক কাৰণ এতিয়ালৈকে কোনেও নিৰ্ধাৰণ কৰিব পৰা নাই।

ইউফ্ৰেটিছ নদীৰ পূব পাৰত থকা  হালফেটিত এখন সৰু ঠাই। ইয়াত  বাস কৰে প্ৰায় ২,৫০০ গৰাকী লোকে।

 ক’লা গোলাপৰ খেতি কৰিয়েই তেওঁলোকৰ বহুতে জীৱন নিৰ্বাহ কৰি আহিছে।হালফেটিৰ পৰাই বিশ্বৰ বিভিন্ন ঠাইলৈ ক’লা গোলাপ ৰপ্তানি কৰা হয়।


 হালফেটিত ছেপ্তেম্বৰ মাহৰ পৰাই  ক’লা গোলাপ ফুলিবলৈ আৰম্ভ কৰে।২০১৩ চনত চিটাস্লো  ইণ্টাৰনেচনেলৰ সমিতিয়ে "ধীৰ গতিৰ চহৰ" হিচাপে চিহ্নিত কৰা হালফেটিত আছে বহু প্ৰাচীন শিলৰ ঘৰ। সেই ঘৰবোৰ কেতিয়া কোনে সাজিছিল তাৰো সঠিক তথ্য পোৱা নাযায়।  পৌৰাণিক ঘৰবোৰৰ সৈতে ক’লা গোলাপৰ সৌন্দৰ্যই আৰু অধিক ধুনীয়া কৰি তুলিছে হালফেটিক।

 গ্ৰীষ্মকালৰ আৰম্ভণিতে হাজাৰ হাজাৰ লোকে এই সৰু ঠাই খনত ব্যস্ত হৈ পৰে ক’লা গোলাপৰ উৎপাদনত।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি