--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ইউক্ৰেইনত অবিৰত ভাবে বাজি আছে যুদ্ধৰ দামামা। প্ৰতিদিনেই ৰাছিয়াৰ সেনাৰ হাতত নিহত হৈছে শতাধিক ইউক্ৰেইনৰ সৈনিক। এনে সময়তে ক্ৰমাৎ সৈন্যবল কমি অহা ইউক্ৰেইনৰ সেনাত নিতৌ যোগদান কৰিছে শ শ অসামৰিক লোকে। মাৃভূমিক ৰাছিয়াৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ যুদ্ধক্ষেত্ৰত বীৰৰ দৰে জঁপিয়াই পৰা অসামৰিক লোকসকলৰ ভিৰৰে এজন হৈ ডঃ ফেডিৰ শ্বেণ্ড। 

ইউক্ৰেইনৰ  উজগোৰোড ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ অধ্যাপক তেওঁ। দেশ ৰক্ষাৰ বাবেই আগতে কোনো দিনে বন্দুক চুই নোপোৱা অধ্যাপক ফেডিৰ শ্বেণ্ডে হাতত তুলি লৈছে বন্দুক। নিপুন সৈনিকৰ দৰেই তেওঁ যুদ্ধক্ষেত্ৰত স্থাপন কৰা বাংকাৰত থাকিয়েই ৰুছ সেনাৰ বিৰুদ্ধে অবিৰত ভাবে চলাই গৈছে যুদ্ধ। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰাই অধ্যাপক ফেডিৰ শ্বেণ্ডে বিশ্ববিদ্যালয়ৰ চৌহদত ভৰি থব পৰা নাই। নিজৰ ঘৰ খনৰ পৰা প্ৰায় ১০০০ কিলোমিটাৰ নিলগত থাকি তেওঁ ৰাছিয়াৰ সেনাৰ বিৰুদ্ধে যুঁজি গৈছে। যুদ্ধৰ বিভীষিকা, আহত সৈনিকৰ আৰ্তনাদ, মিছাইল-বোমাৰ শব্দৰ মাজতো অধ্যাপক ফেডিৰ শ্বেণ্ডে পাহৰি যোৱা নাই তেওঁৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা। 

যুদ্ধ এদিন নহয় এদিন শেষ হ’ব। কিন্তু যুদ্ধৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ কি হ’ব? দিনৰ পিছত দিন ধৰি ইউক্ৰেইনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাত শিক্ষাৰ্থীসকলে পাঠ গ্ৰহণ কৰিব পৰা নাই। এই সমস্যাৰ সমাধান ক’ত? সমস্যাৰ সমাধান উলিয়াই লৈছে সৈনিকৰ বেশত যুদ্ধ কৰি থকা অধ্যাপক ফেডিৰ শ্বেণ্ডে। তেওঁ যুদ্ধৰ ধামখুমীয়াৰ মাজতে অনলাইনত শিক্ষাৰ্থীসকলৰ পাঠদান অব্যাহত ৰাখিছে। ছাত্ৰী-ছাত্ৰীসকলেও অধ্যাপক ফেডিৰ শ্বেণ্ডৰ অনলাইন ক্লাছত আগ্ৰহেৰে অংশগ্ৰহণ কৰিছে।

৪৭ বছৰীয়া অধ্যাপকগৰাকীয়ে যুদ্ধৰ বাবে সাজি লোৱা  বাংকাৰৰ ভিতৰৰ  পৰাই শিক্ষাৰ্থীৰ বাবে অনলাইন ক্লাছ চলাই গৈছে।কেতিয়াবা পাঠদান কৰি থকাৰ মাজতে প্ৰচণ্ড শব্দ কৰি বাংকাৰৰ বাহিৰত মিছাইল বিস্ফোৰিত হয়, তথাপি ক্ষান্ত হোৱা নাই অধ্যাক ফেডিৰ শ্বেণ্ড। শিক্ষকতাৰ মহান বৃত্তিক সন্মান জনাই তেওঁ দুগুণ উৎসাহেৰে লাগি গৈছে শিক্ষাৰ্থীক অনলাইন যোগে পাঠদান কৰাত। পাঠদানৰ মাজে মাজে তেওঁ শিক্ষাৰ্থীসকলক লগতে যুদ্ধ কিমান ভয়াৱহ, কোনটো বোমাই কিমান ক্ষতি সাধিব পাৰে আদি কথাবোৰ কৈ গৈছে।

যুদ্ধৰ মাজতে নিজৰ বৃত্তিটোকো জীয়াই ৰখা  ফেডিৰ শ্বেণ্ডই কয়” মই ২৭ বছৰ ধৰি বিশ্ববিদ্যালয়ত  শিক্ষকতা কৰি আহিছো। বৰ্তমান মোৰ দেশ সংকটৰ মাজত। এনে অৱস্থাত মই হাত সাৱটি বহি থাকিব নোৱাৰিলো, সেনাত যোগ দিলো। কিন্তু মই মোৰ শিক্ষকতাৰ বৃত্তি পাহৰিব পৰা নাই । শিক্ষকতা বৃত্তি মই অব্যাত ৰাখিছো। শিক্ষাৰ্থীক অনলাইন ক্লাছ দি আছো  
নাজানো আমি কেতিয়া পুনৰ শ্ৰেণী কোঠালৈ উভতি যাব পাৰিম।”

বাংকাৰত ভিতৰত থাকি  অন লাইন ক্লাছ কৰাটো সহজ নহয়। গুলী-বোমাৰ  শব্দই পাঠদান ব্যাহত কৰে। তথাপি অধ্যাপক ফেডিৰ শ্বেণ্ড আৰু তেওঁ শিক্ষাৰ্থীসকলে সকলো পৰিবেশতে এতিয়া অভ্যস্ত হৈ পৰিছে।
অধ্যাপক ফেডিৰ শ্বেণ্ডৰ দায়িত্ববোধক প্ৰশংসা কৰিছে ইউক্ৰেইনৰ শিক্ষা মন্ত্ৰী চেৰহি স্কাৰলেটে। মন্ত্ৰীগৰাকীয়ে  কয় যে এতিয়ালৈকে প্ৰায় ৯০০ শিক্ষকে সেনা বাহিনীত যোগ দিছে।ফেডিৰ শ্বেণ্ডৰ ত্যাগে সকলোকে মোহিত কৰিছে। তেওঁৰ দেশপ্ৰেম অতুলনীয় ।তেওঁক আমি চ্যেলুট জনাইছো”। ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগেও অধ্যাপক ফেডিৰ শ্বেণ্ডে বাংকাৰৰ পৰা অনলাইন ক্লাছ কৰাৰ দৃশ্য ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ