--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ইউক্ৰেইনত অবিৰত ভাবে বাজি আছে যুদ্ধৰ দামামা। প্ৰতিদিনেই ৰাছিয়াৰ সেনাৰ হাতত নিহত হৈছে শতাধিক ইউক্ৰেইনৰ সৈনিক। এনে সময়তে ক্ৰমাৎ সৈন্যবল কমি অহা ইউক্ৰেইনৰ সেনাত নিতৌ যোগদান কৰিছে শ শ অসামৰিক লোকে। মাৃভূমিক ৰাছিয়াৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ যুদ্ধক্ষেত্ৰত বীৰৰ দৰে জঁপিয়াই পৰা অসামৰিক লোকসকলৰ ভিৰৰে এজন হৈ ডঃ ফেডিৰ শ্বেণ্ড। 

ইউক্ৰেইনৰ  উজগোৰোড ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ অধ্যাপক তেওঁ। দেশ ৰক্ষাৰ বাবেই আগতে কোনো দিনে বন্দুক চুই নোপোৱা অধ্যাপক ফেডিৰ শ্বেণ্ডে হাতত তুলি লৈছে বন্দুক। নিপুন সৈনিকৰ দৰেই তেওঁ যুদ্ধক্ষেত্ৰত স্থাপন কৰা বাংকাৰত থাকিয়েই ৰুছ সেনাৰ বিৰুদ্ধে অবিৰত ভাবে চলাই গৈছে যুদ্ধ। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰাই অধ্যাপক ফেডিৰ শ্বেণ্ডে বিশ্ববিদ্যালয়ৰ চৌহদত ভৰি থব পৰা নাই। নিজৰ ঘৰ খনৰ পৰা প্ৰায় ১০০০ কিলোমিটাৰ নিলগত থাকি তেওঁ ৰাছিয়াৰ সেনাৰ বিৰুদ্ধে যুঁজি গৈছে। যুদ্ধৰ বিভীষিকা, আহত সৈনিকৰ আৰ্তনাদ, মিছাইল-বোমাৰ শব্দৰ মাজতো অধ্যাপক ফেডিৰ শ্বেণ্ডে পাহৰি যোৱা নাই তেওঁৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা। 

যুদ্ধ এদিন নহয় এদিন শেষ হ’ব। কিন্তু যুদ্ধৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ কি হ’ব? দিনৰ পিছত দিন ধৰি ইউক্ৰেইনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাত শিক্ষাৰ্থীসকলে পাঠ গ্ৰহণ কৰিব পৰা নাই। এই সমস্যাৰ সমাধান ক’ত? সমস্যাৰ সমাধান উলিয়াই লৈছে সৈনিকৰ বেশত যুদ্ধ কৰি থকা অধ্যাপক ফেডিৰ শ্বেণ্ডে। তেওঁ যুদ্ধৰ ধামখুমীয়াৰ মাজতে অনলাইনত শিক্ষাৰ্থীসকলৰ পাঠদান অব্যাহত ৰাখিছে। ছাত্ৰী-ছাত্ৰীসকলেও অধ্যাপক ফেডিৰ শ্বেণ্ডৰ অনলাইন ক্লাছত আগ্ৰহেৰে অংশগ্ৰহণ কৰিছে।

৪৭ বছৰীয়া অধ্যাপকগৰাকীয়ে যুদ্ধৰ বাবে সাজি লোৱা  বাংকাৰৰ ভিতৰৰ  পৰাই শিক্ষাৰ্থীৰ বাবে অনলাইন ক্লাছ চলাই গৈছে।কেতিয়াবা পাঠদান কৰি থকাৰ মাজতে প্ৰচণ্ড শব্দ কৰি বাংকাৰৰ বাহিৰত মিছাইল বিস্ফোৰিত হয়, তথাপি ক্ষান্ত হোৱা নাই অধ্যাক ফেডিৰ শ্বেণ্ড। শিক্ষকতাৰ মহান বৃত্তিক সন্মান জনাই তেওঁ দুগুণ উৎসাহেৰে লাগি গৈছে শিক্ষাৰ্থীক অনলাইন যোগে পাঠদান কৰাত। পাঠদানৰ মাজে মাজে তেওঁ শিক্ষাৰ্থীসকলক লগতে যুদ্ধ কিমান ভয়াৱহ, কোনটো বোমাই কিমান ক্ষতি সাধিব পাৰে আদি কথাবোৰ কৈ গৈছে।

যুদ্ধৰ মাজতে নিজৰ বৃত্তিটোকো জীয়াই ৰখা  ফেডিৰ শ্বেণ্ডই কয়” মই ২৭ বছৰ ধৰি বিশ্ববিদ্যালয়ত  শিক্ষকতা কৰি আহিছো। বৰ্তমান মোৰ দেশ সংকটৰ মাজত। এনে অৱস্থাত মই হাত সাৱটি বহি থাকিব নোৱাৰিলো, সেনাত যোগ দিলো। কিন্তু মই মোৰ শিক্ষকতাৰ বৃত্তি পাহৰিব পৰা নাই । শিক্ষকতা বৃত্তি মই অব্যাত ৰাখিছো। শিক্ষাৰ্থীক অনলাইন ক্লাছ দি আছো  
নাজানো আমি কেতিয়া পুনৰ শ্ৰেণী কোঠালৈ উভতি যাব পাৰিম।”

বাংকাৰত ভিতৰত থাকি  অন লাইন ক্লাছ কৰাটো সহজ নহয়। গুলী-বোমাৰ  শব্দই পাঠদান ব্যাহত কৰে। তথাপি অধ্যাপক ফেডিৰ শ্বেণ্ড আৰু তেওঁ শিক্ষাৰ্থীসকলে সকলো পৰিবেশতে এতিয়া অভ্যস্ত হৈ পৰিছে।
অধ্যাপক ফেডিৰ শ্বেণ্ডৰ দায়িত্ববোধক প্ৰশংসা কৰিছে ইউক্ৰেইনৰ শিক্ষা মন্ত্ৰী চেৰহি স্কাৰলেটে। মন্ত্ৰীগৰাকীয়ে  কয় যে এতিয়ালৈকে প্ৰায় ৯০০ শিক্ষকে সেনা বাহিনীত যোগ দিছে।ফেডিৰ শ্বেণ্ডৰ ত্যাগে সকলোকে মোহিত কৰিছে। তেওঁৰ দেশপ্ৰেম অতুলনীয় ।তেওঁক আমি চ্যেলুট জনাইছো”। ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগেও অধ্যাপক ফেডিৰ শ্বেণ্ডে বাংকাৰৰ পৰা অনলাইন ক্লাছ কৰাৰ দৃশ্য ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি