--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰক্তহীনতা এতিয়া সমগ্ৰ বিশ্বৰে এক সমস্যা হৈ পৰিছে। ই  মাতিব পাৰে নানা বিপদ৷ ৰক্তহীনতাৰ বাবেই আমাৰ দেহে সঠিকভাবে অক্সিজেনৰ যোগান নাপাব পাৰে৷ এক কথাত  ৰক্তহীনতা এতিয়া সমগ্ৰ বিশ্বৰ বাবে এক গুৰুতৰ সমস্যা হৈ থিয় দিছে। বিশেষকৈ মহিলা আৰু শিশুসকলক বেছিকৈ ৰক্তহীনতাৰ চিকাৰ হৈছে। শেহতীয়া এক সমীক্ষা অনুসৰি বিশ্বৰ মুঠ  জনসংখ্যাৰ এক-চতুৰ্থাংশ লোক ৰক্তহীনতাত আক্ৰান্ত হৈছে। 

আক্ৰান্তসকলৰ ভিতৰত মহিলা, গৰ্ভৱতী মাতৃ, যুৱতী আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৱেই বেছি।   দ্য লেঞ্চেট হেমাটোলজীত প্ৰকাশিতসমীক্ষা অনুসৰি  অনুসৰি ২০২১  চনত, বিশ্বব্যাপী ১.৯২ বিলিয়ন লোক ৰক্তহীনতাৰ চিকাৰ  হৈছে। ১৯৯০চনৰ পৰা ৪২০ নিযুত ৰোগী বৃদ্ধি পাইছে। ২০২১  চনত, উপ- চাহাৰা, আফ্ৰিকা আৰু দক্ষিণ এছিয়াত আটাইতকৈ বেছি ৰক্তহীনতাৰ ঘটনা পোহৰলৈ আহিছে।  

মহিলা আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৰ মাজত ৰক্তহীনতা বৃদ্ধি পাইছে। বিশ্বব্যাপী, ২০২১  চনত ১৭.৫  শতাংশ পুৰুষৰ তুলনাত৩১.২ শতাংশ মহিলা  ৰক্তহীনতাৰ চিকাৰ হৈছে। 

শৰীৰত  লোৰ পৰিমাণ বঢ়াবৰ বাবে ভিটামিন-চিযুক্ত  খাদ্য  যেনে আমলখি, মধুৰী, নেমুটেঙা, গজালি ওলোৱা বুট, মগুমাহ আদি প্ৰচুৰ খাব লাগে। 

একেদৰে ফলিক এচিদ থকা খাদ্য যেনে পালেং শাক, খুতুৰা শাক, মাহজাতীয় খাদ্য , তিল, আটা,  আদি খোৱা ভাল। বহু আহাৰে শৰীৰত  লো গ্ৰহণত বাধা দিয়ে । উদাহৰণ স্বৰূপে  চাহত থকা “টেনিনে” শৰীৰে লো গ্ৰহণত বাধা দিয়ে। সেয়ে  আহাৰ খোৱাৰ  এঘণ্টাৰ আগত বা পাছত চাহ খালে লো গ্ৰহণত বাধা আহি পৰিব পাৰে। গৰ্ভৱতী মহিলাই প্ৰচুৰ  লোযুক্ত খাদ্য  খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement