--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শীতকালত স্বাস্থ্যজনিত বহুতো সমস্যা দেখা যায়। বিশেষকৈ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে শিশু, বৃদ্ধ আৰু কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাত ভুগি থকা লোকসকলে নিজকে ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰি ৰখাটো অতি প্ৰয়োজন। কাৰণ তাপমাত্ৰা কমিলে ৰক্তচাপ, ছুগাৰ, হৃদৰোগ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা লোকৰ সমস্যা বৃদ্ধি পাব পাৰে। সেয়েহে নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি জানো আহক।

শীতকালত হাঁপানী, ব্ৰংকাইটিছ বা নিউমোনিয়া আদি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকৰ সমস্যা বৃদ্ধি পাব পাৰে। বতাহ শুকান আৰু ঠাণ্ডা হোৱাৰ বাবে শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ সমস্যা হোৱাৰ আশংকাও হ’ব পাৰে। শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা লোকসকলৰ বাবে ঠাণ্ডা বতৰে কিমান সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে কি কি কৰা উচিত জানো আহক।

* বতৰৰ পৰিৱৰ্তন আৰু বতাহৰ শুকানতাই আপোনাৰ বায়ুপথত বিষৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত বায়ুপথৰ আৱৰণত প্ৰদাহ হ’ব পাৰে। এই প্ৰদাহে হাঁপানীৰ লক্ষণ আৰু অধিক সমস্যা কৰাৰ লগতে ৰোগীৰ কাহ, উশাহ-নিশাহ লোৱাত সমস্যা হ’বলৈ আৰম্ভ কৰে।

* শ্বাস-প্ৰশ্বাসজনিত ৰোগ বিশেষজ্ঞসকলে কয় যে অত্যধিক গৰম আৰু ঠাণ্ডাই আপোনাৰ হাঁপানীৰ ৰোগৰ সূচনা কৰাই নহয়, হঠাতে উষ্ণতাৰ পৰিৱৰ্তনেও সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰে।

* বতৰৰ পৰিৱৰ্তনৰ উপৰি শীতকালত সাধাৰণতে শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছ বৃদ্ধিৰ সৈতেও জড়িত। এই ঋতুত আৰ এছ ভি, ফ্লু, সাধাৰণ চৰ্দি আৰু Covid-19ৰ দৰে সংক্ৰমণৰ বাবেও হাঁপানী ৰোগীৰ সমস্যা বৃদ্ধি পাব পাৰে। অধ্যয়নত দেখা গৈছে যে ভাইৰাছৰ সংক্ৰমণে শীতকালত হাঁপানীৰ সম্ভাৱনা ৬০ৰ পৰা ৭০% বৃদ্ধি কৰিব পাৰে।

* চিকিৎসকৰ পৰামৰ্শ কি?
বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি বতৰ সলনি হ’লে হাঁপানী বা অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগীয়ে নিয়মীতভাৱে চিকিৎসকৰ সহায় লোৱা উচিত। শীতকালত গৰম কাপোৰ পিন্ধিব লাগে, বিশেষকৈ মুখ, নাক আৰু মূৰৰ চাৰিওফালৰ অংশ ভালদৰে ঢাকি ৰাখিব লাগে। কোনো ধৰণৰ জটিলতা ৰোধ কৰিবলৈ সদায় লগত ইনহেলাৰ ৰখা উচিত। কেৱল হাঁপানী ৰোগীৰ বাবে ঠাণ্ডা বতৰ ভাবুকি নহয়, ঘৰৰ ভিতৰত থকা ধূলিও ইয়াৰ কাৰণ হ’ব পাৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই