--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শীতকালত স্বাস্থ্যজনিত বহুতো সমস্যা দেখা যায়। বিশেষকৈ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে শিশু, বৃদ্ধ আৰু কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাত ভুগি থকা লোকসকলে নিজকে ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰি ৰখাটো অতি প্ৰয়োজন। কাৰণ তাপমাত্ৰা কমিলে ৰক্তচাপ, ছুগাৰ, হৃদৰোগ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা লোকৰ সমস্যা বৃদ্ধি পাব পাৰে। সেয়েহে নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি জানো আহক।

শীতকালত হাঁপানী, ব্ৰংকাইটিছ বা নিউমোনিয়া আদি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকৰ সমস্যা বৃদ্ধি পাব পাৰে। বতাহ শুকান আৰু ঠাণ্ডা হোৱাৰ বাবে শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ সমস্যা হোৱাৰ আশংকাও হ’ব পাৰে। শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা লোকসকলৰ বাবে ঠাণ্ডা বতৰে কিমান সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে কি কি কৰা উচিত জানো আহক।

* বতৰৰ পৰিৱৰ্তন আৰু বতাহৰ শুকানতাই আপোনাৰ বায়ুপথত বিষৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত বায়ুপথৰ আৱৰণত প্ৰদাহ হ’ব পাৰে। এই প্ৰদাহে হাঁপানীৰ লক্ষণ আৰু অধিক সমস্যা কৰাৰ লগতে ৰোগীৰ কাহ, উশাহ-নিশাহ লোৱাত সমস্যা হ’বলৈ আৰম্ভ কৰে।

* শ্বাস-প্ৰশ্বাসজনিত ৰোগ বিশেষজ্ঞসকলে কয় যে অত্যধিক গৰম আৰু ঠাণ্ডাই আপোনাৰ হাঁপানীৰ ৰোগৰ সূচনা কৰাই নহয়, হঠাতে উষ্ণতাৰ পৰিৱৰ্তনেও সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰে।

* বতৰৰ পৰিৱৰ্তনৰ উপৰি শীতকালত সাধাৰণতে শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছ বৃদ্ধিৰ সৈতেও জড়িত। এই ঋতুত আৰ এছ ভি, ফ্লু, সাধাৰণ চৰ্দি আৰু Covid-19ৰ দৰে সংক্ৰমণৰ বাবেও হাঁপানী ৰোগীৰ সমস্যা বৃদ্ধি পাব পাৰে। অধ্যয়নত দেখা গৈছে যে ভাইৰাছৰ সংক্ৰমণে শীতকালত হাঁপানীৰ সম্ভাৱনা ৬০ৰ পৰা ৭০% বৃদ্ধি কৰিব পাৰে।

* চিকিৎসকৰ পৰামৰ্শ কি?
বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি বতৰ সলনি হ’লে হাঁপানী বা অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগীয়ে নিয়মীতভাৱে চিকিৎসকৰ সহায় লোৱা উচিত। শীতকালত গৰম কাপোৰ পিন্ধিব লাগে, বিশেষকৈ মুখ, নাক আৰু মূৰৰ চাৰিওফালৰ অংশ ভালদৰে ঢাকি ৰাখিব লাগে। কোনো ধৰণৰ জটিলতা ৰোধ কৰিবলৈ সদায় লগত ইনহেলাৰ ৰখা উচিত। কেৱল হাঁপানী ৰোগীৰ বাবে ঠাণ্ডা বতৰ ভাবুকি নহয়, ঘৰৰ ভিতৰত থকা ধূলিও ইয়াৰ কাৰণ হ’ব পাৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন