--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই উপলক্ষে দিয়া ভাষণত মোদীয়ে জনসাধাৰণক 'মেক ইন ইণ্ডিয়া' আৰু 'ভোকেল ফৰ লোকেল'ক গুৰুত্ব দিবলৈ আহ্বান জনায়।

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিল্লীৰ ৰোহিণীত প্ৰায় ১১,০০০ কোটি টকা ব্যয়সাপেক্ষ দেশৰ প্রথমটো ৮ লেন এলিভেটেড হাইৱে' দ্বাৰকা এক্সপ্ৰেছৱে' আৰু আৰবান এক্সটেনশ্যন ৰ'ড-২ৰ শুভ উদ্বোধন কৰে।


এই উপলক্ষে দিয়া ভাষণত মোদীয়ে জনসাধাৰণক 'মেক ইন ইণ্ডিয়া' আৰু 'ভোকেল ফৰ লোকেল'ক গুৰুত্ব দিবলৈ আহ্বান জনায়।


মোদীয়ে কয়, 'যদি আপোনালোক ভাৰতীয় হয়, তেন্তে ভাৰতত প্ৰস্তুত কৰা সামগ্ৰীহে ক্ৰয় কৰিব। দীপাৱলীতো তেনে সামগ্ৰীহে ক্ৰয় কৰিব, যিবোৰ ভাৰতত প্ৰস্তুত কৰা হৈছে। ব্যৱসায়ীসকলেও যেন বিদেশী সামগ্ৰী বৰ্জন কৰি লোকেল সামগ্রীহে বিক্ৰী কৰে।'


উল্লেখযোগ্য যে আমেৰিকাই ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ সময়তে প্রধানমন্ত্রীয়ে কৌশলগতভাৱে এই আহ্বান জনায়।


আমেৰিকাই ভাৰতৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা ২৫ শতাংশ শুল্ক ইতিমধ্যে ৭ আগষ্টৰ পৰা বলৱৎ হৈছে। অতিৰিক্ত ২৫ শতাংশ শুল্ক ২৭ আগষ্টৰ পৰা বলৱৎ হোৱাৰ আশংকা আছে। এনে সময়তে স্বদেশী সামগ্ৰীৰ বাবে আহ্বান জনাই তথা 'মে'ক ইন ইণ্ডিয়া'ক শক্তিশালী কৰিবলৈ কৈ মোদীয়ে এক কৌশল গ্রহণ কৰা দেখা গৈছে।


মোদীয়ে ভাষণত আৰু কয় যে ১১ বছৰ আগতে ভাৰতৰ প্রয়োজনীয় ম'বাইল ফ'ন বিদেশৰ পৰা আহিছিল। কিন্তু এতিয়া দেশত প্রতি বছৰে ৩০-৩৫ কোটি ম'বাইল ফ'ন নিৰ্মাণ কৰা হয় আৰু ৰপ্তানিও কৰা হয়। তেওঁ আৰু কয়, 'এই পৰিৱৰ্তনে ভাৰতৰ উৎপাদন ক্ষমতা আৰু 'মেক ইন ইণ্ডিয়া'ৰ সফলতা প্ৰদৰ্শন কৰে।


প্রধানমন্ত্রী মোদীয়ে ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত কোৱাৰ দৰেই এই সভাতো দীপাৱলীৰ সময়ত জি এছ টিৰ সংস্কাৰ হ'ব বুলি ঘোষণা কৰি কয় যে জনতাই দীপাৱলীত ডাবল বোনাছ পাব। প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'বিশ্বই যেতিয়া ভাৰতলৈ চায়, পৰীক্ষা কৰে, তেতিয়া তেওঁলোকৰ প্ৰথম দৃষ্টি পৰে আমাৰ ৰাজধানীত, আমাৰ দিল্লীত পৰে। সেইবাবে দিল্লীক আমি বিকাশৰ এনে এক মডেল কৰিব লাগিব, য'ত সকলোৱে উপলব্ধি কৰিব যে হয়, এইখনেই উন্নত (বিকশিত) হ'বলৈ ধৰা ভাৰতৰ ৰাজধানী।'


দেওবাৰৰ শুভ উদ্বোধনৰ আগতে প্রধানমন্ত্রী মোদীয়ে দ্বাৰকা এক্সপ্ৰেছৱে'লৈ গৈ তাত কাম কৰা শ্ৰমিকসকলৰ সৈতে কথা পাতে। ইয়াৰ পাছত বিষয়াসকলৰ সৈতে প্ৰকল্পৰ বিষয়ে বুজ লয়। ইয়াৰ পাছত তেওঁ ৰোহিণীৰ পৰা বক্কৰৱালালৈ ৰ'ড শ্ব' কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি