--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰন্ধনৰ  নায়ক নিমখ  স্বাস্থ্যৰ ক্ষেত্ৰত খলনায়ক হিচাবে পৰিগণিত হৈছে।  ৰন্ধা-বঢ়াৰ বাবে নিমখ এক অত্যাৱশ্যকীয় উপাদান। কিন্তু নিমখেমাতিব পাৰে নানান বিপদ। এফালে নিমখে  খাদ্যৰ সোৱাদ উন্নত কৰে; আনফালে ই স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি কৰে বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহছে।  

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে  অত্যধিক নিমখ খোৱাৰ ফলত প্ৰতি বছৰে প্ৰায় ১.৮৯  নিযুত লোকৰ মৃত্যু হয়। নিমখে  উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ  সমস্যাৰ সৃষ্টি কৰে। গতিকে, কিমান নিমখ দেহৰ বাবে অপকাৰী?   এয়া এক  ডাঙৰ প্ৰশ্ন। নিমখত থকা  ছডিয়াম হৈছে এক অত্যাৱশ্যকীয় উপাদান,  যি উপাদানে আমাৰ দেহৰ কোষবোৰৰ স্বাভাৱিক কাৰ্যকলাপ বজাই ৰখাত সহায় কৰে। ছডিয়াম প্ৰাকৃতিকভাৱে বিভিন্ন খাদ্যত, যেনে গাখীৰ, মাংস, আৰু শেলফিছত পোৱা যায়। কিন্তু যদি অতিৰিক্ত পৰিমাণত গ্ৰহণ কৰা হয় তেন্তে ছডিয়ামে হৃদৰোগ, ষ্ট্ৰোক আৰু অকাল মৃত্যুৰ আশংকা বৃদ্ধি কৰে বুলি  বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত কোৱা হৈছে। হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ এক প্ৰতিবেদনত এইবুলিও কোৱা হৈছে যে অত্যধিক ছডিয়াম গ্ৰহণৰ ফলত উচ্চ ৰক্তচাপ হয়, যাৰ ফলত হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকা অধিক বৃদ্ধি পায়। 

ই  হৃদযন্ত্ৰৰ ৰোগ  থকা লোকসকলৰ ক্ষেত্ৰতো জটিলতাৰ সৃষ্টি কৰে। নিমখৰ বাবে অনুমোদিত পৰিমাণ  কি: প্ৰাপ্তবয়স্কসকলৰ বাবে, বিশ্ব স্বাস্থ্য সংস্থাই ২০০০ মিগ্ৰা/দিনত  ছডিয়াম গ্ৰহণৰ পৰামৰ্শ দিয়ে, যি মাত্ৰ এক চাহ চামুচতকৈ কিছু কম।  অৱশ্যে, শিশুৰ বাবে এই পৰিমাণ তেওঁলোকৰ শক্তিৰ প্ৰয়োজনীয়তা অনুসৰি মিলাব লাগিব। বিশ্ব স্বাস্থ্য সংস্থাই লগতে পৰামৰ্শ দিছে যে খোৱা নিমখ আয়ডিনযুক্ত  হ’ব লাগে। আয়ডিন মগজুৰ বিকাশৰ বাবেও অত্যাৱশ্যকীয় উপাদান। ছডিয়াম গ্ৰহণ হ্ৰাস কৰিবলৈ কেতবোৰ  পৰামৰ্শও দিছে বিশ্ব স্বাস্থ্য সংস্থাই: আমি হঠাতে নিমখ খোৱা একেবাৰে এৰি দিয়াটো অসম্ভৱ আৰু তেনে কৰিব নালাগেও। নিমখ বিহীন আহাৰৰ সোৱাদ পোৱা নাযায়। সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই খাদ্যত যিমান পাৰি সিমান কমকৈ নিমখ খোৱাৰ  পৰামৰ্শ দিছে। লগতে, কেঁচা নিমখ খোৱা পৰিহাৰ কৰিবলৈ কৈছে। উল্লেখ্য চেনি আৰু নিমখ পৰাপক্ষত কমকৈ খাবলৈ স্বাস্থ্য বিজ্ঞানীসকলে পৰামৰ্শ দি আহিছে৷ চেনিৰ লগতে অত্যধিক নিমখে দেশৰ নানান ক্ষতি সাধন কৰিব পাৰে৷ 

এটা কথা ঠিক যে সকলো মানুহে সমানে নিমখ নাখায়। কিছুমানে জিভাত লগাকৈ আৰু কিমানে পাতলীয়া জুতিতহে নিমখ খায়। কিছুমানে আকৌ একেবাৰে নিমখ নাখায়। যিকি নহওঁক ,অত্যাধিক নিমখ খাব নালাগে। কিন্তু অত্যাধিক নিমখ খালে শৰীৰত নানান ক্ষতি  হ'ব পাৰে।

নিমখত যথেষ্ট ছ’ডিয়াম আছে। সেয়ে অতিৰিক্ত নিমখ খালে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ শৰীৰত পৰিব পাৰে।  অলপ ছ’ডিয়াম শৰীৰৰ বাবে ভাল, কিন্তু যদি ই অত্যাধিক হৈ পৰে, ই বিভিন্ন ধৰণে ক্ষতি কৰিব পাৰে। সেইকাৰণে কমকৈ নিমখ খোৱাৰ পৰামৰ্শ দিয়া হয়।

অতিৰিক্ত নিমখে কি ক্ষতি কৰিব পাৰে?
প্ৰথমতে, অতিৰিক্ত ছ’ডিয়ামে ৰক্তচাপ বৃদ্ধি কৰে। কোৱা হয় যে কেঁচা নিমখ খোৱাৰ ফলত ছডিয়ামৰ স্তৰ আৰু বেছি বৃদ্ধি হয়। ই ৰক্তচাপ বৃদ্ধি কৰাৰ আশংকাও বৃদ্ধি কৰে। ইয়াৰ উপৰি অধিক নিমখ খোৱা লোকৰ ষ্ট্ৰোক আৰু হৃদৰোগৰ আশংকাও বৃদ্ধি হয়।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি, দিনে ১ চাহ চামুচতকৈ অধিক নিমখ খোৱাটো কাৰো বাবে সঠিক কথা নহয়। ১ চাহ চামুচ নিমখত প্ৰায় ৩৪০০ মিলিগ্ৰাম ছডিয়াম থাকে।দৈনিক গ্ৰহণ কৰাএই  পৰিমাণ ২০০০ মিলিগ্ৰামৰ ভিতৰত ৰাখিব লাগে। যদি শৰীৰত ইয়াতকৈ অধিক ছডিয়াম প্ৰৱেশ কৰে তেন্তে ৰোগৰ আশংকাও বৃদ্ধি হয়।সেয়ে যিমান পাৰি নিমখ কমাই খাওঁ আহক। অতিৰিক্ত কেঁচা নিমখ পৰাপক্ষত নোখোৱাই ভাল।নিমখৰ দৰে চেনিও যিমান পাৰি কমাই খাব পাৰিলে দেহ সুস্থ হৈ থকাত সহায়ক হয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক