--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ সৰ্বোচ্চ উচ্চতাত থকা সুৰংগ পথ মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আজি অৰুণাচল ভ্ৰমণকালত দুৰ্গম ছেলা গিৰিপথত ১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছেলা সুৰংগ দেশবাসীৰ নামত উছৰ্গা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৮২৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ছেলা সুৰংগ অৱস্থিত ১৩ হাজাৰ ফুট উচ্চতাত। 

যাৰ আছে অসামৰিক দিশৰ লগতে অত্যাধিক সামৰিক গুৰুত্ব। কিয়নো অৰুণাচল প্ৰদেশৰ টাৱাঙৰ সমীপত নিৰ্মিত এই সুৰংগ পথৰ পৰা নিচেই সমীপতে আছে ভাৰত–চীন প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা। যাৰ বাবে বছৰৰ সকলো সময়তে টাৱাঙৰে দেশৰ অন্য অংশৰে সুচল যাতায়াত হৈ পৰিছিল অপৰিহাৰ্য।

ছেলা সুৰংগ মুকলি হোৱাৰ পাছত এতিয়াৰে পৰা সকলো বতৰতে টাৱাং তথা চীন সীমান্তলৈ যাতায়াত হৈ পৰিল সহজসাধ্য। কিয়নো ছেলা অঞ্চলত বছৰৰ অধিকাংশ সময়ে আহুকালৰ সৃষ্টি কৰি আহিছিল তুষাৰপাতে। যাৰ বাবে সাধাৰণ লোকৰ লগতে চীনা সীমান্তলৈ সেনাৰ আহ–যাহত আহি পৰিছিল বাধা। কিন্ত অত্যাধুনিক সুৰংগটো মুকলি হোৱাৰ পাছত এতিয়া আঁতৰিল সেই বাধা। 

২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিছিল ছেলা সুৰংগৰ। প্ৰায় ৫ বছৰৰ পাছত এই একেগৰাকী প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে গুৰুত্বপূৰ্ণ সুৰংগ পথটো। দুটাকৈ সুৰংগৰে নিৰ্মাণ হৈছে গুৰুত্বপূৰ্ণ সুৰংগ পথছোৱা। যাৰ মাজেৰে প্ৰতিদিনে আহ–যাহ কৰিব পাৰিব ৩ হাজাৰ সৰু বাহনৰ লগতে ২ হাজাৰ গধুৰ বাহন। আজি মুকলি কৰা ছেলা টানেলৰ এটা সুৰংগৰ দৈৰ্ঘ্য ৯৮০ মিটাৰ হোৱাৰ বিপৰীতে আনটো সুৰংগৰ দৈৰ্ঘ্য হৈছে ১.৫ কিলোমিটাৰ। 

আনহাতে নতুন সুৰংগ পথছোৱা সংযোগ কৰিছে ৮.৬ কিলোমিটাৰ নতুন পথে। BROই নিৰ্মাণ কৰি উলিয়াইছে গুৰুত্বপূৰ্ণ ছেলা সুৰংগ। আজি মুকলি কৰা সুৰংগ পথছোৱাৰ ভিতৰত ৮০ কিলোমিটাৰ প্ৰতিঘণ্টা বেগত চলাচল কৰিব পাৰিব বাহনে। আনহাতে নৱনিৰ্মিত ছেলা সুৰংগই চীনা সীমান্তলৈ হ্ৰাস কৰিব ১০ কিলোমিটাৰ দূৰত্ব। অৰুণাচলবাসীৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰি আজি গুৰুত্বপূৰ্ণ ছেলা সুৰংগ মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ উন্নয়নত বাধাৰ সৃষ্টি কৰাৰ অভিযোগৰে কংগ্ৰেছক কৰিলে তীব্ৰ সমালোচনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু