--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ সৰ্বোচ্চ উচ্চতাত থকা সুৰংগ পথ মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আজি অৰুণাচল ভ্ৰমণকালত দুৰ্গম ছেলা গিৰিপথত ১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছেলা সুৰংগ দেশবাসীৰ নামত উছৰ্গা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৮২৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ছেলা সুৰংগ অৱস্থিত ১৩ হাজাৰ ফুট উচ্চতাত। 

যাৰ আছে অসামৰিক দিশৰ লগতে অত্যাধিক সামৰিক গুৰুত্ব। কিয়নো অৰুণাচল প্ৰদেশৰ টাৱাঙৰ সমীপত নিৰ্মিত এই সুৰংগ পথৰ পৰা নিচেই সমীপতে আছে ভাৰত–চীন প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা। যাৰ বাবে বছৰৰ সকলো সময়তে টাৱাঙৰে দেশৰ অন্য অংশৰে সুচল যাতায়াত হৈ পৰিছিল অপৰিহাৰ্য।

ছেলা সুৰংগ মুকলি হোৱাৰ পাছত এতিয়াৰে পৰা সকলো বতৰতে টাৱাং তথা চীন সীমান্তলৈ যাতায়াত হৈ পৰিল সহজসাধ্য। কিয়নো ছেলা অঞ্চলত বছৰৰ অধিকাংশ সময়ে আহুকালৰ সৃষ্টি কৰি আহিছিল তুষাৰপাতে। যাৰ বাবে সাধাৰণ লোকৰ লগতে চীনা সীমান্তলৈ সেনাৰ আহ–যাহত আহি পৰিছিল বাধা। কিন্ত অত্যাধুনিক সুৰংগটো মুকলি হোৱাৰ পাছত এতিয়া আঁতৰিল সেই বাধা। 

২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিছিল ছেলা সুৰংগৰ। প্ৰায় ৫ বছৰৰ পাছত এই একেগৰাকী প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে গুৰুত্বপূৰ্ণ সুৰংগ পথটো। দুটাকৈ সুৰংগৰে নিৰ্মাণ হৈছে গুৰুত্বপূৰ্ণ সুৰংগ পথছোৱা। যাৰ মাজেৰে প্ৰতিদিনে আহ–যাহ কৰিব পাৰিব ৩ হাজাৰ সৰু বাহনৰ লগতে ২ হাজাৰ গধুৰ বাহন। আজি মুকলি কৰা ছেলা টানেলৰ এটা সুৰংগৰ দৈৰ্ঘ্য ৯৮০ মিটাৰ হোৱাৰ বিপৰীতে আনটো সুৰংগৰ দৈৰ্ঘ্য হৈছে ১.৫ কিলোমিটাৰ। 

আনহাতে নতুন সুৰংগ পথছোৱা সংযোগ কৰিছে ৮.৬ কিলোমিটাৰ নতুন পথে। BROই নিৰ্মাণ কৰি উলিয়াইছে গুৰুত্বপূৰ্ণ ছেলা সুৰংগ। আজি মুকলি কৰা সুৰংগ পথছোৱাৰ ভিতৰত ৮০ কিলোমিটাৰ প্ৰতিঘণ্টা বেগত চলাচল কৰিব পাৰিব বাহনে। আনহাতে নৱনিৰ্মিত ছেলা সুৰংগই চীনা সীমান্তলৈ হ্ৰাস কৰিব ১০ কিলোমিটাৰ দূৰত্ব। অৰুণাচলবাসীৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰি আজি গুৰুত্বপূৰ্ণ ছেলা সুৰংগ মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ উন্নয়নত বাধাৰ সৃষ্টি কৰাৰ অভিযোগৰে কংগ্ৰেছক কৰিলে তীব্ৰ সমালোচনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী