--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্মশানত তান্ত্ৰিকৰ পূজা-সাধনাৰ কথা নতুন নহয়। কিছুমান তান্ত্ৰিকে সাধনাৰ নামত নানান অদ্ভূত কাৰ্য কৰি আহিছে। শেহতীয়াকৈ মধ্য প্ৰদেশৰ গুণাৰ গোপালপুৰাৰ শ্মশানত এক আচৰিত ঘটনা ঘটা পৰিলক্ষিত হয়। গোপালপুৰা শ্মশানত তিনিজন তান্ত্ৰিকে  জ্বলন্ত চিতাৰ সন্মুখত বহিলৈ  তন্ত্ৰ সাধনা কৰাৰ দৃশ্যই বহুতকে আচৰিত কৰি তোলে। 

মহাশিৱৰাত্ৰি উপলক্ষে নিশা প্ৰায় ৯ বজাত আন্ধাৰৰ মাজতে তান্ত্ৰিক কেইজনে  তন্ত্ৰ সাধনা কৰিছিল। যেতিয়া মৃতকৰ পৰিয়াল আৰু বন্ধুবৰ্গই এই দৃশ্য দেখিছিল, তেওঁলোকৰ বুকু কঁপি উঠিছিল। তান্ত্ৰিক কেইজনে সেন্দুৰ , চুৰি, চুলি আৰু আন কেতবোৰ  সামগ্ৰী লৈ  চিতাত জ্বলি থকা  মৃতদেহৰ  ভস্মৰ তুলি লৈ  তন্ত্ৰ সাধনা কৰি আছিল। তান্ত্ৰিকসকলে মৃত অশ্বিনী কেৱাটৰ  চিতাভস্ম এটা বটলত ভৰাই লৈছিল।দৰাচলতে, ২৯ বছৰীয়া অশ্বিনী কেৱাটৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। 

শিৱৰাত্ৰি উপলক্ষে অশ্বিনীয়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে কেদাৰনাথ ধামলৈ গৈছিল।মন্দিৰ  দৰ্শন কৰি আৰু প্ৰসাদ গ্ৰহণৰ পিছত অশ্বিনীয়ে  বুকুত তীব্ৰ বিষ অনুভৱ কৰিছিল। হৃদৰোগত আক্ৰান্ত হৈ অশ্বিনীৰ মৃত্যু হৈছিল।  পৰিয়ালটোৱে মৃত যুৱকজনৰ  গোপালপুৰাৰ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া কৰিছিল আৰু ঘৰলৈ উভতি আহিছিল। 

অশ্বিনীয়ে চিগাৰেট খাবলৈ ভাল পাইছিল, অশ্বিনীৰ ভায়েক নিখিলে শেষ মুহূৰ্তত ভায়েকৰ চখ  পূৰণ কৰিবলৈ আৰু আত্মাৰ শান্তিৰ বাবে  তেওঁৰ বন্ধু আকাশ ৰঘুবংশীৰ সৈতে  চিগাৰেট লৈ পুনৰ শ্মশানত উপস্থিত হৈছিল। কিন্তু তাত তেওঁলোকে তিনি তান্ত্ৰিকে কৰি থকা তন্ত্ৰ সাধনাৰ  দৃশ্য  দেখি আচৰিত হৈ গৈছিল। লগে লগে তান্ত্ৰিক কেইজনক  আৰক্ষীৰ হাতত গতাই দিয়া হয়। তান্ত্ৰিককেইজনৰ  নাম অবিনাশ চান্দেল (নাথ), দিলীপ চান্দেল (নাথ) আৰু ৰাহুল বৈৰাগী বুলি জানিব পৰা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ