--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্মশানত তান্ত্ৰিকৰ পূজা-সাধনাৰ কথা নতুন নহয়। কিছুমান তান্ত্ৰিকে সাধনাৰ নামত নানান অদ্ভূত কাৰ্য কৰি আহিছে। শেহতীয়াকৈ মধ্য প্ৰদেশৰ গুণাৰ গোপালপুৰাৰ শ্মশানত এক আচৰিত ঘটনা ঘটা পৰিলক্ষিত হয়। গোপালপুৰা শ্মশানত তিনিজন তান্ত্ৰিকে  জ্বলন্ত চিতাৰ সন্মুখত বহিলৈ  তন্ত্ৰ সাধনা কৰাৰ দৃশ্যই বহুতকে আচৰিত কৰি তোলে। 

মহাশিৱৰাত্ৰি উপলক্ষে নিশা প্ৰায় ৯ বজাত আন্ধাৰৰ মাজতে তান্ত্ৰিক কেইজনে  তন্ত্ৰ সাধনা কৰিছিল। যেতিয়া মৃতকৰ পৰিয়াল আৰু বন্ধুবৰ্গই এই দৃশ্য দেখিছিল, তেওঁলোকৰ বুকু কঁপি উঠিছিল। তান্ত্ৰিক কেইজনে সেন্দুৰ , চুৰি, চুলি আৰু আন কেতবোৰ  সামগ্ৰী লৈ  চিতাত জ্বলি থকা  মৃতদেহৰ  ভস্মৰ তুলি লৈ  তন্ত্ৰ সাধনা কৰি আছিল। তান্ত্ৰিকসকলে মৃত অশ্বিনী কেৱাটৰ  চিতাভস্ম এটা বটলত ভৰাই লৈছিল।দৰাচলতে, ২৯ বছৰীয়া অশ্বিনী কেৱাটৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। 

শিৱৰাত্ৰি উপলক্ষে অশ্বিনীয়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে কেদাৰনাথ ধামলৈ গৈছিল।মন্দিৰ  দৰ্শন কৰি আৰু প্ৰসাদ গ্ৰহণৰ পিছত অশ্বিনীয়ে  বুকুত তীব্ৰ বিষ অনুভৱ কৰিছিল। হৃদৰোগত আক্ৰান্ত হৈ অশ্বিনীৰ মৃত্যু হৈছিল।  পৰিয়ালটোৱে মৃত যুৱকজনৰ  গোপালপুৰাৰ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া কৰিছিল আৰু ঘৰলৈ উভতি আহিছিল। 

অশ্বিনীয়ে চিগাৰেট খাবলৈ ভাল পাইছিল, অশ্বিনীৰ ভায়েক নিখিলে শেষ মুহূৰ্তত ভায়েকৰ চখ  পূৰণ কৰিবলৈ আৰু আত্মাৰ শান্তিৰ বাবে  তেওঁৰ বন্ধু আকাশ ৰঘুবংশীৰ সৈতে  চিগাৰেট লৈ পুনৰ শ্মশানত উপস্থিত হৈছিল। কিন্তু তাত তেওঁলোকে তিনি তান্ত্ৰিকে কৰি থকা তন্ত্ৰ সাধনাৰ  দৃশ্য  দেখি আচৰিত হৈ গৈছিল। লগে লগে তান্ত্ৰিক কেইজনক  আৰক্ষীৰ হাতত গতাই দিয়া হয়। তান্ত্ৰিককেইজনৰ  নাম অবিনাশ চান্দেল (নাথ), দিলীপ চান্দেল (নাথ) আৰু ৰাহুল বৈৰাগী বুলি জানিব পৰা গৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী