--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কি হ’ব টীম ইণ্ডিয়াৰ? পাৰিবনে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জয় কৰিব? অষ্ট্ৰেলিয়াই বান্ধি দিয়া ৪৪৪ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিব পাৰিব নে ৰোহিত বাহিনীয়ে?

বাতৰি লিখাৰ পৰলৈকে টীম ইণ্ডিয়াই ৩২ অভাৰত ১৩২ ৰাণ কৰি আছে৷ ক্ৰিজত আছে বিৰাট কোহলী আৰু আজিংক্য ৰাহানে৷ এতিয়াও প্ৰয়োজন ৩১২ ৰাণ! তাৰবাবে কোহলী আৰু ৰাহানেই এটা দীঘলীয়া যুটি বান্ধিব লাগিব৷

ভাৰতৰ এই কঠিন স্থিতিৰ মূলতে হ’ল টপ অৰ্ডাৰ বেটাৰসকলৰ হতাশজনক প্ৰদৰ্শন৷ অধিনায়ক ৰোহিত শৰ্মাই ৬০ টা বলত ৪৩ ৰাণ কৰিলেও তেওঁৰ পৰা দীঘলিয়া ইনিংছৰ আশা কৰা হৈছিল৷ প্ৰথম ইনিংছৰ দৰে দ্বিতীয় ইনিংছতো ব্যৰ্থ হয় শুভমান গীল (১৮)৷ অৱশ্যে তেওঁৰ আউটৰ সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিছে৷

হতাশজনক প্ৰদৰ্শনেৰে টেষ্ট কেৰিয়াৰ প্ৰায় শেষ হৈছে চেতেশ্বৰ পূজাৰাৰ৷ প্ৰথম ইনিংছৰ দৰেই দ্বিতীয় ইনিংছতো ব্যৰ্থ হয় পূজাৰা৷ কৰে মাত্ৰ ২৭ ৰাণ৷ প্রথম ইনিংছৰ দৰেই অষ্ট্ৰেলিয়াৰ বলাৰসকলে প্ৰদৰ্শন কৰিছে দূৰ্দান্ত প্ৰদৰ্শন৷

বাতৰি লিখাৰ পৰলৈকে কোহলীয়ে ২৬ ৰাণ আৰু ৰাহানেই ১৩ ৰাণ কৰি অপৰাজীত হৈ আছে৷ যদিহে দুয়ো দলৰ ইনিংছ আগুৱাই নিয়ে, তেন্তে বেটিং ক্ৰমৰ শেষৰফালে জাডেজা আৰু ছাৰদুল ঠাকুৰৰ বাবে সহায়ক হৈ পৰিব৷

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছ সামৰে আঠ উইকেটত ২৭০ ৰাণ কৰি থকা অৱস্থাত৷ আগদিনা অপৰাজীত হৈ থকা লাবুচানে আৰু কেমেৰণ গ্ৰীণে সোনকালেই আউট হয়৷ কিন্তু উইকেটৰক্ষক এলেক্স কেৰী (৬৬) আৰু মিচেল ষ্টাৰ্ক (৪১)-এ দূৰ্দান্ত বেটিং কৰে৷ ফলস্বৰূপে ভাৰতৰ ৪৪৪ ৰাণৰ বিশাল লক্ষ্য দিবলৈ সক্ষম হয়৷ ভাৰতৰ হৈ ৰবীন্দ্ৰ জাডেজাই তিনিটা আৰু মহম্মদ ছামী, উমেশ যাদৱে দুটা উইকেট লাভ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ