--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কি হ’ব টীম ইণ্ডিয়াৰ? পাৰিবনে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জয় কৰিব? অষ্ট্ৰেলিয়াই বান্ধি দিয়া ৪৪৪ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিব পাৰিব নে ৰোহিত বাহিনীয়ে?

বাতৰি লিখাৰ পৰলৈকে টীম ইণ্ডিয়াই ৩২ অভাৰত ১৩২ ৰাণ কৰি আছে৷ ক্ৰিজত আছে বিৰাট কোহলী আৰু আজিংক্য ৰাহানে৷ এতিয়াও প্ৰয়োজন ৩১২ ৰাণ! তাৰবাবে কোহলী আৰু ৰাহানেই এটা দীঘলীয়া যুটি বান্ধিব লাগিব৷

ভাৰতৰ এই কঠিন স্থিতিৰ মূলতে হ’ল টপ অৰ্ডাৰ বেটাৰসকলৰ হতাশজনক প্ৰদৰ্শন৷ অধিনায়ক ৰোহিত শৰ্মাই ৬০ টা বলত ৪৩ ৰাণ কৰিলেও তেওঁৰ পৰা দীঘলিয়া ইনিংছৰ আশা কৰা হৈছিল৷ প্ৰথম ইনিংছৰ দৰে দ্বিতীয় ইনিংছতো ব্যৰ্থ হয় শুভমান গীল (১৮)৷ অৱশ্যে তেওঁৰ আউটৰ সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিছে৷

হতাশজনক প্ৰদৰ্শনেৰে টেষ্ট কেৰিয়াৰ প্ৰায় শেষ হৈছে চেতেশ্বৰ পূজাৰাৰ৷ প্ৰথম ইনিংছৰ দৰেই দ্বিতীয় ইনিংছতো ব্যৰ্থ হয় পূজাৰা৷ কৰে মাত্ৰ ২৭ ৰাণ৷ প্রথম ইনিংছৰ দৰেই অষ্ট্ৰেলিয়াৰ বলাৰসকলে প্ৰদৰ্শন কৰিছে দূৰ্দান্ত প্ৰদৰ্শন৷

বাতৰি লিখাৰ পৰলৈকে কোহলীয়ে ২৬ ৰাণ আৰু ৰাহানেই ১৩ ৰাণ কৰি অপৰাজীত হৈ আছে৷ যদিহে দুয়ো দলৰ ইনিংছ আগুৱাই নিয়ে, তেন্তে বেটিং ক্ৰমৰ শেষৰফালে জাডেজা আৰু ছাৰদুল ঠাকুৰৰ বাবে সহায়ক হৈ পৰিব৷

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছ সামৰে আঠ উইকেটত ২৭০ ৰাণ কৰি থকা অৱস্থাত৷ আগদিনা অপৰাজীত হৈ থকা লাবুচানে আৰু কেমেৰণ গ্ৰীণে সোনকালেই আউট হয়৷ কিন্তু উইকেটৰক্ষক এলেক্স কেৰী (৬৬) আৰু মিচেল ষ্টাৰ্ক (৪১)-এ দূৰ্দান্ত বেটিং কৰে৷ ফলস্বৰূপে ভাৰতৰ ৪৪৪ ৰাণৰ বিশাল লক্ষ্য দিবলৈ সক্ষম হয়৷ ভাৰতৰ হৈ ৰবীন্দ্ৰ জাডেজাই তিনিটা আৰু মহম্মদ ছামী, উমেশ যাদৱে দুটা উইকেট লাভ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু