--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাপ বৃদ্ধি পালে  নেশ্যনেল ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্রিজভূষণ শৰণ সিঙৰ৷ ব্ৰিজভূষণৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুৱে যৌন নিৰ্যাতনৰ অভিযোগ তুলি  প্ৰতিবাদী মল্লযোদ্ধাসকলে হিংসা বিয়পাব পৰা কোনো ধৰণৰ মন্তব্য কৰা নাছিল। এই কথা শুকুৰবাৰে আদালতত কয় দিল্লী আৰক্ষীয়ে।

ইপিনে, আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী জগবীৰ সিঙৰ বিস্ফোৰক দাবীয়ে ব্রিজভূষণৰ ওপৰত আৰু চাপ বৃদ্ধি কৰিছে৷ তেওঁ কয় যে যোৱা বছৰ লক্ষ্ণৌত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপৰ সময়ত এটা ঘটনা সংঘটিত হৈছিল। এগৰাকী মহিলা মল্লযুঁজাৰুৱে কয় যে ব্রিজভূষণে ফটো তুলি থকাৰ সময়তে মহিলা খেলুৱৈগৰাকীক আপত্তিকৰভাৱে স্পৰ্শ কৰিছিল। ইয়াৰ পিছত তেওঁক কিবা কোৱা হয়, যাৰ পিছত মহিলাগৰাকী তাৰ পৰা গুচি যায়।

ৰেফাৰীগৰাকীৰ এই দাবীৰ লগে লগে ব্রিজভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অধিক শক্তিশালী হৈ পৰা বুলি ধাৰণা কৰা হৈছে৷

উল্লেখ্য যে আচলতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে শেহতীয়াকৈ মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰিছিল। বৈঠকৰ অন্তত প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে কয় যে কেন্দ্ৰই ১৫ জুনৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। সেইবাবেই আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰা বুলি ধাৰণা কৰিছে সচেতন মহলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু