--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাপ বৃদ্ধি পালে  নেশ্যনেল ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্রিজভূষণ শৰণ সিঙৰ৷ ব্ৰিজভূষণৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুৱে যৌন নিৰ্যাতনৰ অভিযোগ তুলি  প্ৰতিবাদী মল্লযোদ্ধাসকলে হিংসা বিয়পাব পৰা কোনো ধৰণৰ মন্তব্য কৰা নাছিল। এই কথা শুকুৰবাৰে আদালতত কয় দিল্লী আৰক্ষীয়ে।

ইপিনে, আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী জগবীৰ সিঙৰ বিস্ফোৰক দাবীয়ে ব্রিজভূষণৰ ওপৰত আৰু চাপ বৃদ্ধি কৰিছে৷ তেওঁ কয় যে যোৱা বছৰ লক্ষ্ণৌত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপৰ সময়ত এটা ঘটনা সংঘটিত হৈছিল। এগৰাকী মহিলা মল্লযুঁজাৰুৱে কয় যে ব্রিজভূষণে ফটো তুলি থকাৰ সময়তে মহিলা খেলুৱৈগৰাকীক আপত্তিকৰভাৱে স্পৰ্শ কৰিছিল। ইয়াৰ পিছত তেওঁক কিবা কোৱা হয়, যাৰ পিছত মহিলাগৰাকী তাৰ পৰা গুচি যায়।

ৰেফাৰীগৰাকীৰ এই দাবীৰ লগে লগে ব্রিজভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অধিক শক্তিশালী হৈ পৰা বুলি ধাৰণা কৰা হৈছে৷

উল্লেখ্য যে আচলতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে শেহতীয়াকৈ মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰিছিল। বৈঠকৰ অন্তত প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে কয় যে কেন্দ্ৰই ১৫ জুনৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। সেইবাবেই আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰা বুলি ধাৰণা কৰিছে সচেতন মহলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব