--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ববাসীৰ বাবে ভাল খবৰ৷ বিশ্ব স্বাস্থ্য সন্থাই অনুমোদন জনালে প্ৰথমটো মেলেৰীয়া প্ৰতিষেধক৷ ৬ অক্টোবৰত বিশ্ব স্বাস্থ্য সন্থাৰ সচিব প্ৰধান ট্ৰেডচ আধানম ঘেবৰেয়েচুছে সংবাদ মেলযোগে ঘোষণা কৰে এই কথা৷ তেওঁ কয় যে, “এক দীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল; বিজ্ঞানৰ এই জয়যাত্ৰাই মেলেৰীয়া নিৰ্মূল কৰি হাজাৰ হাজাৰ ৰোগীৰ জীৱন বচাব৷

বিজ্ঞানীসকলে দাবী কৰা মতে, মেলেৰীয়াৰ সবাতোকৈ ভয়াৱহ প্লাজমোডিয়াম ফালচিপেৰামকো প্ৰতিৰোধ কৰিব পাৰে এই প্ৰতিষেধকে৷ সুদীৰ্ঘ চাৰি বছৰ ধৰি আফ্ৰিকা মহাদেশত চলা পৰীক্ষণৰ অন্তত এই প্ৰতিষেধক ১০জনৰ ৪জনৰ ওপৰত ফলপ্ৰসু হোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, এই ভেকচিন তৈয়াৰ কৰাৰ ক্ষেত্ৰত ইউৰোপীয় চিকিৎসা সংস্থাৰ পৰাও ইতিবাচক সঁহাৰি লাভ কৰিছে আফ্ৰিকাই৷ ইতিমধ্যে আফ্ৰিকাৰ চাৰিখন দেশ ক্ৰমে ঘানা, কেনিয়া আৰু মালাৱিৰ ৮ লক্ষ শিশুক প্ৰদান কৰা এই ভেকচিনৰ সুফল পোৱা গৈছে৷

তথ্য অনুসৰি ২০১৯ চনত সমগ্ৰ বিশ্বত ২৩কোটি লোক এই ৰোগত আক্ৰান্ত হৈছিল আৰু ৪ লক্ষ লোকৰ মৃত্যু হৈছিল৷ ৫ বছৰৰ তলৰ শিশু এই ৰোগত অধিক আক্ৰান্ত হয়৷ ২০১৯চনত ৬৭ শতাংশ ৫বছৰৰ তলৰ শিশুৰ মেলেৰীয়াত মৃত্যু হৈছিল৷ বিশ্ব স্বাস্থ্য সস্থাৰ স্বীকৃতিপ্ৰাপ্ত এই ভেকচিন বৈজ্ঞানীক চিহ্ন হৈছে ‘আৰটিএছ, এছ/এএছঅ ১’ আৰু বাণিজ্যিক নাম মস্কুইৰিক্স৷ ৫মাহৰ ওপৰৰ শিশুক ইণ্ট্ৰামাস্কুলাৰ পদ্ধতিৰে ৪পালিকৈ এই ভেকচিন দিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক