--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ছ’চিয়েল মিডিয়া জায়াণ্ট ফেচবুকে ফটো আৰু ভিডিঅ’ত উপস্থিতি চিনাক্ত কৰিবলৈ ব্যৱহৃত ফেচিয়েল ৰিক’গনিশ্যন ছফ্টৱেৰ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। জানিবলৈ পোৱা মতে, মুখমণ্ডল চিনাক্তকৰণ প্ৰযুক্তি ব্যৱহাৰৰ নৈতিকতা সম্পৰ্কে প্ৰশ্ন উত্থাপন হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। প্ৰতিবেদন অনুসৰি, ফেচিয়েল ৰিক’গনিশ্যন প্ৰযুক্তিৰ ব্যৱহাৰৰ নৈতিকতা আৰু লগতে ব্যক্তিগত গোপনীয়তা উলংঘন, বৰ্ণবাদী আচৰণ আৰু ছফ্টৱেৰৰ শুদ্ধতা সম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈছিল।

ছফ্টৱেৰ কোম্পানীটোৱে ব্যৱহাৰকাৰীসকলৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বাবে তীব্ৰ সমালোচনাৰো সন্মুখীন হোৱা বুলি প্ৰকাশ পাইছে। কিন্তু এতিয়ালৈকে বিষয়টোৰ ওপৰত কোনো স্পষ্ট নীতি নিৰ্ধাৰণ কৰা নাই বুলি জনাইছে ফেচবুক কৰ্তৃপক্ষই। এতিয়াও, যেতিয়া এই ছ’চিয়েল মিডিয়া এপ্ ব্যৱহাৰকাৰীসকলে এখন ফটো বা ভিডিঅ’ পোষ্ট কৰে, সেই ছবিখনত থকা ব্যক্তিজনৰ উপস্থিতি স্বয়ংক্ৰিয়ভাৱে ফেচ ৰিক’গনিশ্যন প্ৰযুক্তিৰ জৰিয়তে টেগ কৰা হয়। কিন্তু ব্যৱহাৰকাৰী সকলে ছবিখনত নিজ মুখমণ্ডল স্কেন আৰু টেগ কৰাৰ বিকল্প বাছনি কৰিব পাৰিব নে নোৱাৰে? এই সন্দৰ্ভত ফেচবুকৰ উক্ত বিভাগটোৰ উপ-সভাপতি জেৰেমী পেচেণ্টিয়ে এটা ব্লগ পোষ্টত কয় যে, ‘এনে অনিশ্চয়তাৰ মাজত ফেচিয়েল ৰিক’গনিশ্যনৰ ব্যৱহাৰ হ্ৰাস কৰাটোৱে সঠিক সিদ্ধান্ত।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান