--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ছ’চিয়েল মিডিয়া জায়াণ্ট ফেচবুকে ফটো আৰু ভিডিঅ’ত উপস্থিতি চিনাক্ত কৰিবলৈ ব্যৱহৃত ফেচিয়েল ৰিক’গনিশ্যন ছফ্টৱেৰ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। জানিবলৈ পোৱা মতে, মুখমণ্ডল চিনাক্তকৰণ প্ৰযুক্তি ব্যৱহাৰৰ নৈতিকতা সম্পৰ্কে প্ৰশ্ন উত্থাপন হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। প্ৰতিবেদন অনুসৰি, ফেচিয়েল ৰিক’গনিশ্যন প্ৰযুক্তিৰ ব্যৱহাৰৰ নৈতিকতা আৰু লগতে ব্যক্তিগত গোপনীয়তা উলংঘন, বৰ্ণবাদী আচৰণ আৰু ছফ্টৱেৰৰ শুদ্ধতা সম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈছিল।

ছফ্টৱেৰ কোম্পানীটোৱে ব্যৱহাৰকাৰীসকলৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বাবে তীব্ৰ সমালোচনাৰো সন্মুখীন হোৱা বুলি প্ৰকাশ পাইছে। কিন্তু এতিয়ালৈকে বিষয়টোৰ ওপৰত কোনো স্পষ্ট নীতি নিৰ্ধাৰণ কৰা নাই বুলি জনাইছে ফেচবুক কৰ্তৃপক্ষই। এতিয়াও, যেতিয়া এই ছ’চিয়েল মিডিয়া এপ্ ব্যৱহাৰকাৰীসকলে এখন ফটো বা ভিডিঅ’ পোষ্ট কৰে, সেই ছবিখনত থকা ব্যক্তিজনৰ উপস্থিতি স্বয়ংক্ৰিয়ভাৱে ফেচ ৰিক’গনিশ্যন প্ৰযুক্তিৰ জৰিয়তে টেগ কৰা হয়। কিন্তু ব্যৱহাৰকাৰী সকলে ছবিখনত নিজ মুখমণ্ডল স্কেন আৰু টেগ কৰাৰ বিকল্প বাছনি কৰিব পাৰিব নে নোৱাৰে? এই সন্দৰ্ভত ফেচবুকৰ উক্ত বিভাগটোৰ উপ-সভাপতি জেৰেমী পেচেণ্টিয়ে এটা ব্লগ পোষ্টত কয় যে, ‘এনে অনিশ্চয়তাৰ মাজত ফেচিয়েল ৰিক’গনিশ্যনৰ ব্যৱহাৰ হ্ৰাস কৰাটোৱে সঠিক সিদ্ধান্ত।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক