--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এলিয়েন বিষয়টো পৃথিৱীবাসীৰ বাবে সদায় এক ৰহস্যৰ বিষয় হিচাপে বিবেচিত হৈ আহিছে৷ কোনোৱে যদি কয় এলিয়েন আছে, কোনোৱে কয় নাই৷ সাধাৰণ ভাষাত এলিয়েন মানে হ'ল বহিঃজগতৰ প্ৰাণী৷ পৃথিৱীত মানৱ জাতি বাস কৰাৰ দৰেই অন্য গ্ৰহতো প্ৰাণীয়ে বাস কৰে বুলি ধাৰণা কৰা হয় আৰু সেই সন্দৰ্ভত যথেষ্ট গৱেষণাও চলাই থকা হৈছে৷ এলিয়েনে UFO নামৰ বাহনত উঠি পৃথিৱীৰ ৰেহ-ৰূপ পৰীক্ষা কৰিবলৈ আহি থাকে বুলি কোনো কোনো বিজ্ঞানীয়ে দাবী কৰে৷ শেহতীয়াকৈ এটা অডিঅ' ক্লিপে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

এই অডিঅ' ক্লিপে দাবী কৰা অনুসৰি বিশ্বৰ মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে দেখা পাইছিল এলিয়েনক৷ অডিঅ' ক্লিপটোৱে দাবী কৰা অনুসৰি এলবাৰ্ট আইনষ্টাইনক মৃত এলিয়েনৰ মৃতদেহ চাবলৈ আমেৰিকালৈ লৈ যোৱা হৈছিল৷ অডিঅ' ক্লিপটোৰ কথোপকথনত কোৱা হৈছিল যে বিশ্বৰ অতি প্ৰভাৱশালী বিজ্ঞানী আইনষ্টাইনক ১৯৪৭ চনত ইংলেণ্ডৰ গোপন এজেণ্টসকলে নিউ মেক্সিকোৰ ৰছৱেলত দুৰ্ঘটনাগ্ৰস্ত ইউএফঅ'ৰ ধ্বংসাৱশেষৰ অনুসন্ধান কৰিবলৈ পঠিয়াইছিল, য'ত এলিয়েন উপস্থিত আছিল। আইনষ্টাইনৰ এই যাত্ৰাত সংগী হৈছিল তেওঁৰ সহকাৰী ডঃ চাৰ্লি ৰাইট৷

১৯৯৩ চনত ডঃ চাৰ্লি ৰাইটৰ সৈতে হোৱা এক কথোপকথন ৰেকৰ্ডিং কৰা হৈছিল৷ প্ৰায় ২৯ বছৰ কাল এই ৰেকৰ্ডিং গোপনে ৰাখি এতিয়া মুকলি কৰি দিয়া হৈছে যাতে বিশ্ববাসীয়ে গম পায় যে সঁচাকৈয়ে আছে এলিয়েনৰ অস্তিত্ব৷ এলিয়েনৰ ঘটনাটো আন সামৰিক আৰু বিজ্ঞানীৰ উপস্থিতিত এটা বিমানবন্দৰত সংঘটিত হৈছিল বুলি ডঃ চাৰ্লি ৰাইটৰ কথোপকথনত প্ৰকাশ পাইছে৷ ডঃ চাৰ্লিয়ে কৈছিল "বিংশ শতিকাৰ আটাইতকৈ বিখ্যাত তাত্ত্বিক পদাৰ্থবিজ্ঞানী আইনষ্টাইন, যিয়ে পৰমাণু আৰু অণুৰ অস্তিত্ব প্ৰমাণ কৰিছিল, তেওঁক ১৯৪৭ চনৰ জুলাই মাহত UFO আৰু এলিয়েন প্ৰত্যক্ষ কৰি সেই সন্দৰ্ভত মতামত প্ৰদান কৰিবলৈ কোৱা হৈছিল৷ এই গোপন কাৰ্যসূচীত ময়ো লগত আছিলোঁ৷ মই আইনষ্টাইনৰ সৈতে এখন অদ্ভূত যান দেখিছিলোঁ৷ যানখন সম্পূৰ্ণৰূপে ধ্বংস হৈছিল৷ যানখন আছিল ডিস্কৰ দৰে আকাৰৰ আৰু পাতল৷ দূৰৰ পৰা যানখন জিলিকি আছিল কিন্তু ওচৰ চাপি যোৱাৰ লগে লগে নিস্তেজ হৈ পৰিছিল৷''

তাৰ পিছত তেওঁলোকে ৫ জন মৃত এলিয়েনক দেখিছিল। এলিয়েনৰ উচ্চতা আছিল প্ৰায় ৫ ফুট আৰু তেওঁলোকে একেবাৰে টাইট-ফিটিং সাজ পিন্ধি আছিল৷ মূৰৰ আকৃতি বহুত ডাঙৰ আছিল কিন্তু চুলি নাছিল আৰু শৰীৰত নাছিল নোম৷ শৰীৰৰ ৰং আছিল ধোঁৱা বৰণীয়া৷ চাৰ্লিয়ে কৈছিল যে কেৱলমাত্ৰ আইনষ্টাইনকহে এলিয়েনৰ মৃতদেহ ওচৰৰ পৰা চাবলৈ দিছিল৷ চাৰ্লিক ভালদৰে চাবলৈ অনুমতি দিয়া হোৱা নাছিল৷

আইনষ্টাইনে লগ পাইছিল জীৱিত এলিয়নকো

চাৰ্লিয়ে এই অডিঅ' টেপটোত বৰ্ণনা কৰা অনুসৰি আইনষ্টাইনে জীৱিত এলিয়নকো লগ পাইছে৷ সেই গোপন কাৰ্যসূচীৰ পিছত আন এটা ভ্ৰমণত তেওঁলোক গৈছিল য'ত আছিল এজন জীৱিত এলিয়েন৷ সেই এলিয়েন যথেষ্ট বিষত ভুগি আছিল কিন্তু চাৰ্লিক ভিতৰলৈ যাবলৈ দিয়া হোৱা নাছিল কেৱল আইনষ্টাইন সোমাই গৈছিল।

আইনষ্টাইনক যেতিয়া এই বিষয়ে চাৰ্লিয়ে সুধিছিল তেতিয়া আইনষ্টাইনে কৈছিল যে, তেওঁ এলিয়েনক দেখি বা ইয়াৰ বিষয়ে জানি আচৰিত হোৱা নাছিল কিয়নো তেওঁ জানিছিল যে এলিয়েনৰ সঁচাকৈয়ে অস্তিত্ব আছে৷ তেওঁ আশাৰ ৰেঙনি দেখিছিল যে অদূৰ ভৱিষ্যতে এলিয়েন আৰু মানুহৰ মাজত যোগাযোগ বৃদ্ধি পাব আৰু ইজনে সিজনৰ বিষয়ে অধিক শিকিব।

এই ভ্ৰমণবোৰৰ বিষয়ে কাকো ক'বলৈ চাৰ্লিক অনুমতি দিয়া হোৱা নাছিল। এতিয়া এই কথোপকথনৰ ৰেকৰ্ডিঙে হয়তো এলিয়েন সম্পৰ্কে অধিক গৱেষণা কৰিবলৈ বিজ্ঞানীসকলৰ সন্মুখত এখন নতুন দুৱাৰ মুকলি কৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান