--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এলিয়েন বিষয়টো পৃথিৱীবাসীৰ বাবে সদায় এক ৰহস্যৰ বিষয় হিচাপে বিবেচিত হৈ আহিছে৷ কোনোৱে যদি কয় এলিয়েন আছে, কোনোৱে কয় নাই৷ সাধাৰণ ভাষাত এলিয়েন মানে হ'ল বহিঃজগতৰ প্ৰাণী৷ পৃথিৱীত মানৱ জাতি বাস কৰাৰ দৰেই অন্য গ্ৰহতো প্ৰাণীয়ে বাস কৰে বুলি ধাৰণা কৰা হয় আৰু সেই সন্দৰ্ভত যথেষ্ট গৱেষণাও চলাই থকা হৈছে৷ এলিয়েনে UFO নামৰ বাহনত উঠি পৃথিৱীৰ ৰেহ-ৰূপ পৰীক্ষা কৰিবলৈ আহি থাকে বুলি কোনো কোনো বিজ্ঞানীয়ে দাবী কৰে৷ শেহতীয়াকৈ এটা অডিঅ' ক্লিপে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

এই অডিঅ' ক্লিপে দাবী কৰা অনুসৰি বিশ্বৰ মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে দেখা পাইছিল এলিয়েনক৷ অডিঅ' ক্লিপটোৱে দাবী কৰা অনুসৰি এলবাৰ্ট আইনষ্টাইনক মৃত এলিয়েনৰ মৃতদেহ চাবলৈ আমেৰিকালৈ লৈ যোৱা হৈছিল৷ অডিঅ' ক্লিপটোৰ কথোপকথনত কোৱা হৈছিল যে বিশ্বৰ অতি প্ৰভাৱশালী বিজ্ঞানী আইনষ্টাইনক ১৯৪৭ চনত ইংলেণ্ডৰ গোপন এজেণ্টসকলে নিউ মেক্সিকোৰ ৰছৱেলত দুৰ্ঘটনাগ্ৰস্ত ইউএফঅ'ৰ ধ্বংসাৱশেষৰ অনুসন্ধান কৰিবলৈ পঠিয়াইছিল, য'ত এলিয়েন উপস্থিত আছিল। আইনষ্টাইনৰ এই যাত্ৰাত সংগী হৈছিল তেওঁৰ সহকাৰী ডঃ চাৰ্লি ৰাইট৷

১৯৯৩ চনত ডঃ চাৰ্লি ৰাইটৰ সৈতে হোৱা এক কথোপকথন ৰেকৰ্ডিং কৰা হৈছিল৷ প্ৰায় ২৯ বছৰ কাল এই ৰেকৰ্ডিং গোপনে ৰাখি এতিয়া মুকলি কৰি দিয়া হৈছে যাতে বিশ্ববাসীয়ে গম পায় যে সঁচাকৈয়ে আছে এলিয়েনৰ অস্তিত্ব৷ এলিয়েনৰ ঘটনাটো আন সামৰিক আৰু বিজ্ঞানীৰ উপস্থিতিত এটা বিমানবন্দৰত সংঘটিত হৈছিল বুলি ডঃ চাৰ্লি ৰাইটৰ কথোপকথনত প্ৰকাশ পাইছে৷ ডঃ চাৰ্লিয়ে কৈছিল "বিংশ শতিকাৰ আটাইতকৈ বিখ্যাত তাত্ত্বিক পদাৰ্থবিজ্ঞানী আইনষ্টাইন, যিয়ে পৰমাণু আৰু অণুৰ অস্তিত্ব প্ৰমাণ কৰিছিল, তেওঁক ১৯৪৭ চনৰ জুলাই মাহত UFO আৰু এলিয়েন প্ৰত্যক্ষ কৰি সেই সন্দৰ্ভত মতামত প্ৰদান কৰিবলৈ কোৱা হৈছিল৷ এই গোপন কাৰ্যসূচীত ময়ো লগত আছিলোঁ৷ মই আইনষ্টাইনৰ সৈতে এখন অদ্ভূত যান দেখিছিলোঁ৷ যানখন সম্পূৰ্ণৰূপে ধ্বংস হৈছিল৷ যানখন আছিল ডিস্কৰ দৰে আকাৰৰ আৰু পাতল৷ দূৰৰ পৰা যানখন জিলিকি আছিল কিন্তু ওচৰ চাপি যোৱাৰ লগে লগে নিস্তেজ হৈ পৰিছিল৷''

তাৰ পিছত তেওঁলোকে ৫ জন মৃত এলিয়েনক দেখিছিল। এলিয়েনৰ উচ্চতা আছিল প্ৰায় ৫ ফুট আৰু তেওঁলোকে একেবাৰে টাইট-ফিটিং সাজ পিন্ধি আছিল৷ মূৰৰ আকৃতি বহুত ডাঙৰ আছিল কিন্তু চুলি নাছিল আৰু শৰীৰত নাছিল নোম৷ শৰীৰৰ ৰং আছিল ধোঁৱা বৰণীয়া৷ চাৰ্লিয়ে কৈছিল যে কেৱলমাত্ৰ আইনষ্টাইনকহে এলিয়েনৰ মৃতদেহ ওচৰৰ পৰা চাবলৈ দিছিল৷ চাৰ্লিক ভালদৰে চাবলৈ অনুমতি দিয়া হোৱা নাছিল৷

আইনষ্টাইনে লগ পাইছিল জীৱিত এলিয়নকো

চাৰ্লিয়ে এই অডিঅ' টেপটোত বৰ্ণনা কৰা অনুসৰি আইনষ্টাইনে জীৱিত এলিয়নকো লগ পাইছে৷ সেই গোপন কাৰ্যসূচীৰ পিছত আন এটা ভ্ৰমণত তেওঁলোক গৈছিল য'ত আছিল এজন জীৱিত এলিয়েন৷ সেই এলিয়েন যথেষ্ট বিষত ভুগি আছিল কিন্তু চাৰ্লিক ভিতৰলৈ যাবলৈ দিয়া হোৱা নাছিল কেৱল আইনষ্টাইন সোমাই গৈছিল।

আইনষ্টাইনক যেতিয়া এই বিষয়ে চাৰ্লিয়ে সুধিছিল তেতিয়া আইনষ্টাইনে কৈছিল যে, তেওঁ এলিয়েনক দেখি বা ইয়াৰ বিষয়ে জানি আচৰিত হোৱা নাছিল কিয়নো তেওঁ জানিছিল যে এলিয়েনৰ সঁচাকৈয়ে অস্তিত্ব আছে৷ তেওঁ আশাৰ ৰেঙনি দেখিছিল যে অদূৰ ভৱিষ্যতে এলিয়েন আৰু মানুহৰ মাজত যোগাযোগ বৃদ্ধি পাব আৰু ইজনে সিজনৰ বিষয়ে অধিক শিকিব।

এই ভ্ৰমণবোৰৰ বিষয়ে কাকো ক'বলৈ চাৰ্লিক অনুমতি দিয়া হোৱা নাছিল। এতিয়া এই কথোপকথনৰ ৰেকৰ্ডিঙে হয়তো এলিয়েন সম্পৰ্কে অধিক গৱেষণা কৰিবলৈ বিজ্ঞানীসকলৰ সন্মুখত এখন নতুন দুৱাৰ মুকলি কৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক