--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ১৩ বছৰ ধৰি পৰিচালক জেমছ কেমেৰনৰ অনুৰাগীসকলে যিখন ছবিৰ বাবে অপেক্ষা কৰি আছিল, অৱশেষত সেই ছবিখনে মুক্তি লাভ কৰিলে। অৰ্থাৎ ‘অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ’-এ আজি ছবিগৃহত মুক্তি পালে। ২০০৯ চনত মুক্তি পোৱা সৰ্বকালৰ ব্লকবাষ্টাৰ ছবি ‘অৱতাৰ’ৰ ছিকুৱেল ‘অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ’। অৱতাৰে মুক্তিৰ লগে লগে সমগ্ৰ বিশ্বজুৰি ই খলকনিৰ সৃষ্টি কৰিছিল। এইবাৰ পুনৰ সেই একেই খলকনি তুলিবলৈ দৰ্শকৰ মাজলৈ আহিল ‘অৱতাৰ’ৰ ছিকুৱেল।

জেমছ কেমেৰনৰ ছবিখন প্ৰথমবাৰৰ বাবে, দৃশ্যগত মাষ্টাৰপিছ হ’ব বুলি আশা কৰা হৈছে কাৰণ প্ৰথমখন ছবিয়ে এনে আশাৰ সৃষ্টি কৰিছিল। এইটোও হৈছে। ছবিখনৰ প্ৰতিটো দৃশ্য চাই আপুনি এক অসাধাৰণ সৌন্দৰ্য্যৰ মাজত হেৰাই যাব। ভিএফএক্সত নিৰ্মিত এই ছবি পুনৰ মাষ্টাৰপিছ হিচাপে চিহ্নিত হব বুলি আশাবাদী ছবিপ্ৰেমীসকল। 

ভাৰততো মুক্তি পোৱা এই ছবিখন আৰু প্ৰথম উইকেণ্ডৰ এডভান্স বুকিঙৰ পৰা বৃহস্পতিবাৰলৈকে যিদৰে ৩০ কোটি টকা উপাৰ্জন কৰিছে, তাত কোনো সন্দেহ নাই যে ‘অৱতাৰ ২’-এ বক্স অফিচত ইতিহাসৰ সৃষ্টি কৰিবলৈ ওলাইছে। শনিবাৰ আৰু দেওবাৰৰ বাবে এতিয়াও এডভান্স বুকিং চলি আছে। এনে পৰিস্থিতিত দেখা গৈছে যে প্ৰায় ২১০০ কোটি টকাৰ বিগ বাজেটত নিৰ্মিত‘অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ’-এ প্ৰথম তিনিদিনতে অভিলেখ সৃষ্টি কৰিব। এই ছবিখনে হলিউডৰ ছবি ‘এভেঞ্জাৰছ: এণ্ডগেম’ৰ অভিলেখো ভংগ কৰিব, যিখন ছবিয়ে এতিয়ালৈকে দেশৰ ভিতৰতে সৰ্বাধিক এডভান্স বুকিং কৰিছে।

‘অৱতাৰ ২’ ভাৰতত হিন্দী আৰু ইংৰাজীৰ লগতে তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ভাষাতো মুক্তি লাভ কৰিছে। প্ৰতিদিনে এই ছবিখনৰ ১৭০০০ তকৈ অধিক শ্ব’ সমগ্ৰ দেশৰ ৩৮০০ তকৈ অধিক পৰ্দাত প্ৰদৰ্শিত হৈছে। ছবিখনৰ সন্দৰ্ভত ভাৰতীয় দৰ্শকৰ উন্মাদনাৰ হিচাপও এই কথাৰ পৰাই অনুমান কৰিব পাৰি যে বৃহস্পতিবাৰলৈকে এই ছবিখনৰ ৪ লাখতকৈ অধিক টিকট আগতীয়াকৈ বুকিং কৰা হৈছে। এতিয়াও চলি আছে টিকট বিক্ৰী।

যিদৰে এডভান্স বুকিং কৰা হৈছে, এই ছবিখনে দেশৰ সকলো ভাষাতে সহজেই ৩০-৩৫ কোটি টকা উপাৰ্জন কৰিব বুলি অনুমান কৰা হৈছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ মতে ‘অৱতাৰ ২’ই বিশ্বজুৰি মুকলিৰ দিনটোতে ১৭ মিলিয়ন ডলাৰতকৈ অধিক অৰ্থাৎ প্ৰায় ১৪০ কোটি টকা উপাৰ্জন কৰিব পাৰে।

৩৮০০ৰো অধিক পৰ্দাত মুক্তি পোৱা এই ছবিখন হলিউডৰ সৰ্ববৃহৎ মুক্তিপ্ৰাপ্ত ছবি হিচাপে পৰিগণিত হৈছে। একে সময়তে ছবিখনক লৈ হাইপ ইতিমধ্যে আছে। কিন্তু এই ছবিখন সম্পূৰ্ণ ৩ ঘন্টা ১৩ মিনিটৰ। দৰ্শকক ইমান সময়ে ছবিগৃহত বহি থকাটোও এক কঠিন খেল বুলি প্ৰমাণিত হ’ব বুলি চৰ্চা লভিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক