--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সৰু পৰ্দাৰ বিখ্যাত অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য ব্যক্তিগত জীৱনৰ বাবে আজিকালি শিৰোনাম দখল কৰিছে।শেহতীয়াকৈ তেওঁৰ জিম প্ৰশিক্ষক শ্বাহনৱাজ শ্বেখৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। চচিয়েল মিডিয়াত বিয়াৰ ফটো শ্বেয়াৰ কৰি তেওঁ হঠাতে সকলোকে আচৰিত কৰি তুলিলে। এই ছবিবোৰ সন্মুখলৈ অহাৰ লগে লগে তেওঁ বহুত অভিনন্দন পাইছে। বহুতে অভিনেত্ৰীগৰাকীক ট্ৰ’ল কৰাৰ চেষ্টাও কৰিছে। একে সময়তে প্ৰতিবাৰৰ দৰেই এইবাৰো অভিনেত্ৰীগৰাকীয়ে এই ট্ৰ’লসকলক উপযুক্ত উত্তৰ দিছে।

বিয়াৰ পাছত অতি সোনকালেই ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ পৰিছে দেৱলিনা ভট্টাচাৰ্য। তেওঁৰ বিবাহ আৰু বিয়াৰ আগৰ অনুষ্ঠানৰ বহু ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে। একে সময়তে স্বামীৰ নাম জানি বহু লোকে অভিনেত্ৰীগৰাকীক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে। আনকি অভিনেত্ৰীগৰাকীৰ বিয়াক লাভ জেহাদ বুলিও অভিহিত কৰিছে মানুহে। ট্ৰলবোৰ ইয়াতেই থমকি ৰোৱা নাছিল, বহুতে সন্তানক লৈয়ো অশ্লীল মন্তব্য আৰম্ভ কৰিছে।একে সময়তে এতিয়া দেৱলীনাই এনে ট্ৰ’লৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে। এটা এটাকৈ এই ট্ৰ’লৰ পোষ্ট ৰিটুইট কৰি উত্তৰ দিছে দেৱলীনাই

তেনে এটা টুইটৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে লিখিছে- ‘মোৰ সন্তান হিন্দু হ’ব নে মুছলমান, আপুনি কোন? আৰু ইমানেই যেতিয়া ল’ৰা-ছোৱালীক লৈ চিন্তিত হৈছে তেন্তে অনাথ আশ্ৰম বহুত আছে, যোৱা সন্তান এডপট কৰা আৰু নিজৰ মতে ধৰ্ম আৰু নাম নিৰ্ণয় কৰা। মোৰ স্বামী, মোৰ সন্তান, মোৰ ধৰ্ম, মোৰ নিয়ম। কোন তুমি?'। এনে বহু ঘৃণামূলক মন্তব্যৰ উত্তৰ দিছে দেৱোৱে। তেওঁ বিবাহক লৈ ট্ৰ’লৰ অশ্লীল মন্তব্যক অশান্তি বিয়পাই দিয়া বিষাক্ত মানুহ বুলি অভিহিত কৰিছে। এফালে বহু লোকে দেৱোৰ এই সিদ্ধান্তক লৈ অতিশয় খং উঠাৰ বিপৰীতে আনফালে বহু লোকে দেৱোক সমৰ্থন কৰা দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু