--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এদিনীয়া বিশ্বকাপৰ প্ৰাৰম্ভিক দলটো চূড়ান্ত কৰিছে। শনিবাৰে মাজনিশা ১৫ জনীয়া এটা প্ৰাৰম্ভিক দল গঠন কৰা হয়। সঞ্জু চেমছনে দলত স্থান নাবপালে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে আনুষ্ঠানিকভাৱে দলৰ কথা ঘোষণা কৰা নাই। বিশ্বকাপৰ চূড়ান্ত দল ২৮ ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা কৰিব।

সঞ্জুৰ বাহিৰেও দলত সুযোগ নাপালে তিলক বৰ্মা আৰু প্ৰসিদ্ধ কৃষ্ণই। শনিবাৰে নিশা বাছনি সমিতিৰ সদস্যসকলে এখন বৈঠকত বহিল। লোকেশ ৰাহুলৰ বিশ্বকাপৰ খেলখনক লৈ অনিশ্চয়তা শেষ হোৱাত নির্বাচকসকলে সঞ্জুক দলত ৰাখিব পৰা নাছিল৷ এছিয়া কাপৰ খেলখন চাবলৈ শ্ৰীলংকালৈ গৈছিল মুখ্য নিৰ্বাচক অজিত আগৰকাৰ। ভাৰত-পাকিস্তানৰ মেচ বাতিল হোৱাৰ পাছত তেওঁ আৰু অন্যান্য নিৰ্বাচকসকলে অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিডৰ সৈতে কথা পাতিছিল। 

আশা কৰা মতেই বিশ্বকাপত ভাৰতক নেতৃত্ব দিব ৰোহিতে। ফৰ্মত থকা উইকেটকীপাৰ-বেটছমেন ঈশান কিষানক বিশ্বকাপৰ দলত স্থান দিয়া হৈছে। সঞ্জুৰ যুঁজ মূলতঃ তেওঁৰ লগত আছিল। বেটছমেন হিচাপে ৰোহিতৰ উপৰিও দলটোত আছে বিৰাট কোহলী, শুবমান গিল, শ্ৰেয়াছ আয়েৰ, সূৰ্য্যকুমাৰ যাদৱ। চাৰিজন অল-ৰাউণ্ডাৰক দলত ৰখা হৈছে। তেওঁলোক হ’ল হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল আৰু শাৰদুল ঠাকুৰ। যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি আৰু মহম্মদ চিৰাজৰ দৰে তিনিগৰাকী বেগী বলাৰৰ স’তে আছে স্পিনাৰ কুলদীপ যাদৱ।

ভাৰতৰ ১৫ জনীয়া দলটো : ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, শুবমান গিল, শ্ৰেয়াছ আয়েৰ, সূৰ্য্যকুমাৰ যাদৱ, লোকেশ ৰাহুল, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, ৰবিন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, শাৰদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ সমী, মহম্মদ চিৰাজ , কুলদীপ যাদৱ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ