--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এদিনীয়া বিশ্বকাপৰ প্ৰাৰম্ভিক দলটো চূড়ান্ত কৰিছে। শনিবাৰে মাজনিশা ১৫ জনীয়া এটা প্ৰাৰম্ভিক দল গঠন কৰা হয়। সঞ্জু চেমছনে দলত স্থান নাবপালে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে আনুষ্ঠানিকভাৱে দলৰ কথা ঘোষণা কৰা নাই। বিশ্বকাপৰ চূড়ান্ত দল ২৮ ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা কৰিব।

সঞ্জুৰ বাহিৰেও দলত সুযোগ নাপালে তিলক বৰ্মা আৰু প্ৰসিদ্ধ কৃষ্ণই। শনিবাৰে নিশা বাছনি সমিতিৰ সদস্যসকলে এখন বৈঠকত বহিল। লোকেশ ৰাহুলৰ বিশ্বকাপৰ খেলখনক লৈ অনিশ্চয়তা শেষ হোৱাত নির্বাচকসকলে সঞ্জুক দলত ৰাখিব পৰা নাছিল৷ এছিয়া কাপৰ খেলখন চাবলৈ শ্ৰীলংকালৈ গৈছিল মুখ্য নিৰ্বাচক অজিত আগৰকাৰ। ভাৰত-পাকিস্তানৰ মেচ বাতিল হোৱাৰ পাছত তেওঁ আৰু অন্যান্য নিৰ্বাচকসকলে অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিডৰ সৈতে কথা পাতিছিল। 

আশা কৰা মতেই বিশ্বকাপত ভাৰতক নেতৃত্ব দিব ৰোহিতে। ফৰ্মত থকা উইকেটকীপাৰ-বেটছমেন ঈশান কিষানক বিশ্বকাপৰ দলত স্থান দিয়া হৈছে। সঞ্জুৰ যুঁজ মূলতঃ তেওঁৰ লগত আছিল। বেটছমেন হিচাপে ৰোহিতৰ উপৰিও দলটোত আছে বিৰাট কোহলী, শুবমান গিল, শ্ৰেয়াছ আয়েৰ, সূৰ্য্যকুমাৰ যাদৱ। চাৰিজন অল-ৰাউণ্ডাৰক দলত ৰখা হৈছে। তেওঁলোক হ’ল হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল আৰু শাৰদুল ঠাকুৰ। যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি আৰু মহম্মদ চিৰাজৰ দৰে তিনিগৰাকী বেগী বলাৰৰ স’তে আছে স্পিনাৰ কুলদীপ যাদৱ।

ভাৰতৰ ১৫ জনীয়া দলটো : ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, শুবমান গিল, শ্ৰেয়াছ আয়েৰ, সূৰ্য্যকুমাৰ যাদৱ, লোকেশ ৰাহুল, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, ৰবিন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, শাৰদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ সমী, মহম্মদ চিৰাজ , কুলদীপ যাদৱ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু