--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ হৈ আঠ বছৰ খেলাৰ পিছত মহেন্দ্ৰ সিং ধোনীয়ে এটা চাকৰি পাইছিল। ২০১২ চনত বিশ্বকাপ বিজয়ী প্ৰাক্তন অধিনায়কগৰাকীয়ে সেই চাকৰিৰ প্ৰস্তাৱত সন্মতিও দিছিল। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ধোনীৰ চাকৰি নিযুক্তি পত্ৰ। আই পি এলৰ সৃষ্টিকৰ্তা ললিত মোদীয়ে ক্ৰিকেটপ্ৰেমীৰ সৈতে এই নিযুক্তি পত্ৰখন শ্বেয়াৰ কৰে।

ধোনীক চেন্নাইৰ ইণ্ডিয়া চিমেণ্ট কোম্পানীয়ে ‘ভাইচ প্ৰেচিডেণ্ট মাৰ্কেটিং’ হিচাপে নিযুক্তি দিছিল। তেওঁৰ মাহিলী দৰমহা আছিল ৪৩ হাজাৰ টকা। বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীৰ মাহেকীয়া দৰমহাৰ পৰিসংখ্যাই আচৰিত কৰি তুলিছে ক্ৰিকেটপ্ৰেমীক। কাৰণ, ধোনীয়ে ২০১২ চনৰ ৭ জুলাইত ইণ্ডিয়া চিমেণ্টৰ নিযুক্তি পত্ৰ লাভ কৰিছিল। সেই সময়ত ধোনীৰ নেতৃত্বত ভাৰতে দুটাকৈ বিশ্বকাপ জয় কৰিছিল। ক্ৰিকেট প্ৰেমীসকলে প্ৰশ্ন উত্থাপন কৰিছে যে ধোনীয়ে ইণ্ডিয়া চিমেণ্টৰ নিযুক্তিৰ বাবে কিয় সন্মতি দিলে?

উল্লেখ্য যে ভাৰতীয় দলৰ হৈ খেলাৰ সময়ত ধোনী ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ কেন্দ্ৰীয় চুক্তিৰ সৰ্বোচ্চ পৰ্যায়ত আছিল। আগতে তেওঁ বিজ্ঞাপনৰ পৰা বহুত উপাৰ্জন কৰিছিল। তেওঁ দেশৰ অন্যতম ধনী ক্ৰিকেটাৰ।

ধোনীয়ে আৰম্ভণিৰে পৰা চেন্নাই ছুপাৰ কিংছৰ হৈ আই পি এল খেলিছিল। চি এছ কে ইণ্ডিয়া চিমেণ্টৰ মালিকানাধীন। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ প্ৰাক্তন সভাপতি এন শ্ৰীনিবাসন ইণ্ডিয়া চিমেণ্টৰ পৰিচালন সঞ্চালকও। গতিকে ধোনীক সেই নিযুক্তি পত্ৰ দিয়াৰ আঁৰত শ্ৰীনিবাসনৰ ভূমিকা আছে বুলি বিশ্বাস কৰা হয়। প্ৰাক্তন ব’ৰ্ডৰ সভাপতিগৰাকীৰ সৈতে ধোনীৰ ব্যক্তিগত সম্পৰ্কও যথেষ্ট ভাল। অৱশ্যে সংগঠনটোৰ ‘উপ-সভাপতি’ হিচাপে ধোনীৰ ৪৩ হাজাৰ টকাৰ দৰমহাক লৈ ক্ৰিকেটপ্ৰেমীৰ এটা শ্ৰেণীয়ে প্ৰশ্ন উত্থাপন কৰিছে।

২০১৯ চনত শেষবাৰৰ বাবে ভাৰতৰ হৈ খেলিছিল ধোনীয়ে। ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ এতিয়াও আই পি এল খেলি আছে। ধোনিৰ মুঠ সম্পত্তি প্ৰায় ১০৪০ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক