--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ হৈ আঠ বছৰ খেলাৰ পিছত মহেন্দ্ৰ সিং ধোনীয়ে এটা চাকৰি পাইছিল। ২০১২ চনত বিশ্বকাপ বিজয়ী প্ৰাক্তন অধিনায়কগৰাকীয়ে সেই চাকৰিৰ প্ৰস্তাৱত সন্মতিও দিছিল। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ধোনীৰ চাকৰি নিযুক্তি পত্ৰ। আই পি এলৰ সৃষ্টিকৰ্তা ললিত মোদীয়ে ক্ৰিকেটপ্ৰেমীৰ সৈতে এই নিযুক্তি পত্ৰখন শ্বেয়াৰ কৰে।

ধোনীক চেন্নাইৰ ইণ্ডিয়া চিমেণ্ট কোম্পানীয়ে ‘ভাইচ প্ৰেচিডেণ্ট মাৰ্কেটিং’ হিচাপে নিযুক্তি দিছিল। তেওঁৰ মাহিলী দৰমহা আছিল ৪৩ হাজাৰ টকা। বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীৰ মাহেকীয়া দৰমহাৰ পৰিসংখ্যাই আচৰিত কৰি তুলিছে ক্ৰিকেটপ্ৰেমীক। কাৰণ, ধোনীয়ে ২০১২ চনৰ ৭ জুলাইত ইণ্ডিয়া চিমেণ্টৰ নিযুক্তি পত্ৰ লাভ কৰিছিল। সেই সময়ত ধোনীৰ নেতৃত্বত ভাৰতে দুটাকৈ বিশ্বকাপ জয় কৰিছিল। ক্ৰিকেট প্ৰেমীসকলে প্ৰশ্ন উত্থাপন কৰিছে যে ধোনীয়ে ইণ্ডিয়া চিমেণ্টৰ নিযুক্তিৰ বাবে কিয় সন্মতি দিলে?

উল্লেখ্য যে ভাৰতীয় দলৰ হৈ খেলাৰ সময়ত ধোনী ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ কেন্দ্ৰীয় চুক্তিৰ সৰ্বোচ্চ পৰ্যায়ত আছিল। আগতে তেওঁ বিজ্ঞাপনৰ পৰা বহুত উপাৰ্জন কৰিছিল। তেওঁ দেশৰ অন্যতম ধনী ক্ৰিকেটাৰ।

ধোনীয়ে আৰম্ভণিৰে পৰা চেন্নাই ছুপাৰ কিংছৰ হৈ আই পি এল খেলিছিল। চি এছ কে ইণ্ডিয়া চিমেণ্টৰ মালিকানাধীন। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ প্ৰাক্তন সভাপতি এন শ্ৰীনিবাসন ইণ্ডিয়া চিমেণ্টৰ পৰিচালন সঞ্চালকও। গতিকে ধোনীক সেই নিযুক্তি পত্ৰ দিয়াৰ আঁৰত শ্ৰীনিবাসনৰ ভূমিকা আছে বুলি বিশ্বাস কৰা হয়। প্ৰাক্তন ব’ৰ্ডৰ সভাপতিগৰাকীৰ সৈতে ধোনীৰ ব্যক্তিগত সম্পৰ্কও যথেষ্ট ভাল। অৱশ্যে সংগঠনটোৰ ‘উপ-সভাপতি’ হিচাপে ধোনীৰ ৪৩ হাজাৰ টকাৰ দৰমহাক লৈ ক্ৰিকেটপ্ৰেমীৰ এটা শ্ৰেণীয়ে প্ৰশ্ন উত্থাপন কৰিছে।

২০১৯ চনত শেষবাৰৰ বাবে ভাৰতৰ হৈ খেলিছিল ধোনীয়ে। ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ এতিয়াও আই পি এল খেলি আছে। ধোনিৰ মুঠ সম্পত্তি প্ৰায় ১০৪০ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক