--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইমাৰ্জিং এছিয়া কাপৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰত। যুৱ তাৰকাৰে ভৰা টিম ইণ্ডিয়াই ইয়াৰ পূৰ্বে পাকিস্তানক পৰাস্ত কৰিছিল যদিও খিতাপৰ মেচখনত পাকিস্তানৰ অভিজ্ঞ খেলুৱৈসকলে চাপক ভালকৈ চম্ভালিছিল আৰু ডাঙৰ ব্যৱধানত খিতাপ জয় কৰিছিল। ফাইনেলত মুখামুখি ভাৰতীয় দলটোত ৰিয়ান পৰাগকো অন্তৰ্ভুক্ত কৰা হৈছিল। পৰাগে বলৰ সৈতে মান্যভাৱে প্ৰদৰ্শন কৰিছিল যদিও বেটৰ সৈতে বিশেষ একো প্ৰদৰ্শন কৰিব পৰা নাছিল।

কেইবছৰমান পূৰ্বে আই পি এলত আশাব্যঞ্জক যুৱক হিচাপে আত্মপ্ৰকাশ কৰিছিল ৰিয়ান পৰাগে।বিস্ফোৰকভাৱে বেটিং কৰিব পৰা খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু বলৰ সৈতে উপযোগী বলিঙো কৰিব পাৰিছিল। অৱশ্যে আই পি এলত ৰাজস্থান ৰয়েলছ দলত সঘনাই সুযোগ পোৱাৰ পাছতো পৰাগে বিশেষ একো কৰিব পৰা নাই৷ দুৰ্বল প্ৰদৰ্শনৰ বাবে পৰাগ তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছে। এতিয়া ৰিয়ান পৰাগে সদ্যসমাপ্ত দেওধৰ ট্ৰফীত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে আৰু তেওঁৰ সমালোচকক উপযুক্ত উত্তৰ দিছে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰিয়ান পৰাগে কয় "মই একো গুৰুত্ব নিদিওঁ। মানুহে মোৰ বিষয়ে কি ভাবে মই চিন্তা নকৰো। মই খেলিবলৈ আৰম্ভ কৰা ধৰণে ক্ৰিকেট খেলিম। মই বিচৰা ধৰণে ক্ৰিকেট খেলিব বিচাৰো।" তদুপৰি ৰিয়ানে বেটিঙৰ ক্ষেত্ৰত কেৱল প্ৰতিথযশা ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীকো অনুসৰণ কৰাৰ কথা ঘোষণা কৰিছে৷

স্মৰ্তব্য যে, সদ্যসমাপ্ত অধ্যাপক ডি বি দেওধৰ ট্ৰফীত  ৮৮.৫ গড় ৰাণেৰে মুঠ ৩৫৪ ৰাণ সংগ্ৰহ কৰে৷ইতিমধ্যে ইয়াত ৰিয়ানৰ দুটাকৈ শতক আৰু কালি ফাইনেলৰ দিনা ৯৫ ৰাণৰ দুৰ্দান্ত ইনিংছ প্ৰদৰ্শন কৰে৷ইতিমধ্যে ৰিয়ান পৰাগক দেওধৰ ট্ৰফীৰ মেন অব্ দ্য ছিৰিজ খিতাপ অৰ্পণ কৰা হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক