--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইমাৰ্জিং এছিয়া কাপৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰত। যুৱ তাৰকাৰে ভৰা টিম ইণ্ডিয়াই ইয়াৰ পূৰ্বে পাকিস্তানক পৰাস্ত কৰিছিল যদিও খিতাপৰ মেচখনত পাকিস্তানৰ অভিজ্ঞ খেলুৱৈসকলে চাপক ভালকৈ চম্ভালিছিল আৰু ডাঙৰ ব্যৱধানত খিতাপ জয় কৰিছিল। ফাইনেলত মুখামুখি ভাৰতীয় দলটোত ৰিয়ান পৰাগকো অন্তৰ্ভুক্ত কৰা হৈছিল। পৰাগে বলৰ সৈতে মান্যভাৱে প্ৰদৰ্শন কৰিছিল যদিও বেটৰ সৈতে বিশেষ একো প্ৰদৰ্শন কৰিব পৰা নাছিল।

কেইবছৰমান পূৰ্বে আই পি এলত আশাব্যঞ্জক যুৱক হিচাপে আত্মপ্ৰকাশ কৰিছিল ৰিয়ান পৰাগে।বিস্ফোৰকভাৱে বেটিং কৰিব পৰা খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু বলৰ সৈতে উপযোগী বলিঙো কৰিব পাৰিছিল। অৱশ্যে আই পি এলত ৰাজস্থান ৰয়েলছ দলত সঘনাই সুযোগ পোৱাৰ পাছতো পৰাগে বিশেষ একো কৰিব পৰা নাই৷ দুৰ্বল প্ৰদৰ্শনৰ বাবে পৰাগ তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছে। এতিয়া ৰিয়ান পৰাগে সদ্যসমাপ্ত দেওধৰ ট্ৰফীত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে আৰু তেওঁৰ সমালোচকক উপযুক্ত উত্তৰ দিছে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰিয়ান পৰাগে কয় "মই একো গুৰুত্ব নিদিওঁ। মানুহে মোৰ বিষয়ে কি ভাবে মই চিন্তা নকৰো। মই খেলিবলৈ আৰম্ভ কৰা ধৰণে ক্ৰিকেট খেলিম। মই বিচৰা ধৰণে ক্ৰিকেট খেলিব বিচাৰো।" তদুপৰি ৰিয়ানে বেটিঙৰ ক্ষেত্ৰত কেৱল প্ৰতিথযশা ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীকো অনুসৰণ কৰাৰ কথা ঘোষণা কৰিছে৷

স্মৰ্তব্য যে, সদ্যসমাপ্ত অধ্যাপক ডি বি দেওধৰ ট্ৰফীত  ৮৮.৫ গড় ৰাণেৰে মুঠ ৩৫৪ ৰাণ সংগ্ৰহ কৰে৷ইতিমধ্যে ইয়াত ৰিয়ানৰ দুটাকৈ শতক আৰু কালি ফাইনেলৰ দিনা ৯৫ ৰাণৰ দুৰ্দান্ত ইনিংছ প্ৰদৰ্শন কৰে৷ইতিমধ্যে ৰিয়ান পৰাগক দেওধৰ ট্ৰফীৰ মেন অব্ দ্য ছিৰিজ খিতাপ অৰ্পণ কৰা হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক