--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ ক্ৰীড়া মন্ত্ৰী গুৰমীত সিঙে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডলৈ এখন পত্ৰ লিখিছে। বিশ্বকাপৰ এখনো মেচ পঞ্জাৱৰ মোহালিত অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ সন্দৰ্ভত তেওঁ প্ৰশ্ন উত্থাপন কৰে। তেওঁ প্ৰশ্ন কৰে যে মোহালীত কিয় কোনো মেচ দিয়া নহ’ল। ভাৰতত ১০খন মেচ দিয়া হৈছে। কিন্তু পঞ্জাৱৰ মোহালী সেই তালিকাত নাই।

আম আদমি পাৰ্টিৰ শাসিত পঞ্জাৱৰ ক্ৰীড়া মন্ত্ৰী গুৰমীতে মোহলীয়ে খেলখন নোপোৱাৰ পিছতে ব’ৰ্ডলৈ এখন পত্ৰ লিখিছিল। তাত তেওঁ উল্লেখ কৰে যে মোহালীত আধুনিক প্ৰযুক্তি আছে। তেওঁ লগতে উল্লেখ কৰে যে ১৯৯৬ আৰু ২০১১ চনৰ বিশ্বকাপৰ ছেমি ফাইনেল মোহলীত অনুষ্ঠিত হৈছিল। ১৯৯৬ চনত অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত পঞ্জাৱত ছেমি ফাইনেল আৰু ২০১১ চনত ভাৰত বনাম পাকিস্তানৰ মেচ অনুষ্ঠিত হয়। ইয়াৰ উপৰিও মোহালীয়ে ইয়াৰ পূৰ্বেও আই চি চি প্ৰতিযোগিতাৰ বহু গুৰুত্বপূৰ্ণ মেচ আয়োজন কৰিছে।

যোৱা মঙলবাৰে বিশ্বকাপৰ সূচী ঘোষণা কৰাৰ পিছত দেখা গৈছে যে আহমেদাবাদে অধিকাংশ গুৰুত্বপূৰ্ণ মেচ লাভ কৰিছে। ইয়াৰ ভিতৰত বিশ্বকাপৰ উদ্বোধনী আৰু অন্তিমখন খেলো অন্তৰ্ভুক্ত। তদুপৰি ভাৰত বনাম পাকিস্তানৰ মেচো তাত অনুষ্ঠিত হ’ব।য

পঞ্জাৱৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়েও তেওঁৰ পত্ৰত ৰাজীৱ শুক্লাৰ ভাষণৰ কথা উল্লেখ কৰিছে। সূচী ঘোষণা কৰাৰ পাছত ৰাজীৱে কয় যে আইচিচিয়ে মোহলীত মেচ আয়োজন কৰিব পৰা অৱস্থাত নাই। বিশ্বকাপৰ খেল আয়োজন কৰাৰ ক্ষমতা নাই মোহালীৰ। সেইবাবেই মেচখন তাত দিয়া হোৱা নাছিল।

গুৰমীতে তেওঁৰ পত্ৰত আইচিচিৰ মেচ আয়োজন কৰিবলৈ মোহালীত আৰু কি কি প্ৰয়োজন বুলি প্ৰশ্ন কৰে। আইচিচিৰ এটা দলে মোহালীৰ খেলপথাৰ পৰিদৰ্শন কৰে। গুৰমীতে সেয়ে জানিব বিচাৰিছে মোহলীত কি প্ৰয়োজন হ’ব।

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। ৮ অক্টোবৰত ভাৰতৰ প্ৰথমখন খেল। সেই মেচখন হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। মুঠ ১০খন খেলপথাৰ অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত ভাৰতৰ খেলসমূহ ৯টা স্থানত অনুষ্ঠিত হ’ব। কেৱল হায়দৰাবাদৰ ভাৰতৰ বাবে কোনো মেচ নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক