--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ ক্ৰীড়া মন্ত্ৰী গুৰমীত সিঙে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডলৈ এখন পত্ৰ লিখিছে। বিশ্বকাপৰ এখনো মেচ পঞ্জাৱৰ মোহালিত অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ সন্দৰ্ভত তেওঁ প্ৰশ্ন উত্থাপন কৰে। তেওঁ প্ৰশ্ন কৰে যে মোহালীত কিয় কোনো মেচ দিয়া নহ’ল। ভাৰতত ১০খন মেচ দিয়া হৈছে। কিন্তু পঞ্জাৱৰ মোহালী সেই তালিকাত নাই।

আম আদমি পাৰ্টিৰ শাসিত পঞ্জাৱৰ ক্ৰীড়া মন্ত্ৰী গুৰমীতে মোহলীয়ে খেলখন নোপোৱাৰ পিছতে ব’ৰ্ডলৈ এখন পত্ৰ লিখিছিল। তাত তেওঁ উল্লেখ কৰে যে মোহালীত আধুনিক প্ৰযুক্তি আছে। তেওঁ লগতে উল্লেখ কৰে যে ১৯৯৬ আৰু ২০১১ চনৰ বিশ্বকাপৰ ছেমি ফাইনেল মোহলীত অনুষ্ঠিত হৈছিল। ১৯৯৬ চনত অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত পঞ্জাৱত ছেমি ফাইনেল আৰু ২০১১ চনত ভাৰত বনাম পাকিস্তানৰ মেচ অনুষ্ঠিত হয়। ইয়াৰ উপৰিও মোহালীয়ে ইয়াৰ পূৰ্বেও আই চি চি প্ৰতিযোগিতাৰ বহু গুৰুত্বপূৰ্ণ মেচ আয়োজন কৰিছে।

যোৱা মঙলবাৰে বিশ্বকাপৰ সূচী ঘোষণা কৰাৰ পিছত দেখা গৈছে যে আহমেদাবাদে অধিকাংশ গুৰুত্বপূৰ্ণ মেচ লাভ কৰিছে। ইয়াৰ ভিতৰত বিশ্বকাপৰ উদ্বোধনী আৰু অন্তিমখন খেলো অন্তৰ্ভুক্ত। তদুপৰি ভাৰত বনাম পাকিস্তানৰ মেচো তাত অনুষ্ঠিত হ’ব।য

পঞ্জাৱৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়েও তেওঁৰ পত্ৰত ৰাজীৱ শুক্লাৰ ভাষণৰ কথা উল্লেখ কৰিছে। সূচী ঘোষণা কৰাৰ পাছত ৰাজীৱে কয় যে আইচিচিয়ে মোহলীত মেচ আয়োজন কৰিব পৰা অৱস্থাত নাই। বিশ্বকাপৰ খেল আয়োজন কৰাৰ ক্ষমতা নাই মোহালীৰ। সেইবাবেই মেচখন তাত দিয়া হোৱা নাছিল।

গুৰমীতে তেওঁৰ পত্ৰত আইচিচিৰ মেচ আয়োজন কৰিবলৈ মোহালীত আৰু কি কি প্ৰয়োজন বুলি প্ৰশ্ন কৰে। আইচিচিৰ এটা দলে মোহালীৰ খেলপথাৰ পৰিদৰ্শন কৰে। গুৰমীতে সেয়ে জানিব বিচাৰিছে মোহলীত কি প্ৰয়োজন হ’ব।

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। ৮ অক্টোবৰত ভাৰতৰ প্ৰথমখন খেল। সেই মেচখন হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। মুঠ ১০খন খেলপথাৰ অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত ভাৰতৰ খেলসমূহ ৯টা স্থানত অনুষ্ঠিত হ’ব। কেৱল হায়দৰাবাদৰ ভাৰতৰ বাবে কোনো মেচ নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে