--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাবৰ আজমে ভাৰতলৈ আহি বিশ্বকাপ খেলিব নে নাই সেয়া নিৰাপত্তাৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ তদন্তৰ বাবে পাকিস্তানে ভাৰতলৈ নিৰাপত্তাৰক্ষী বিষয়া প্ৰেৰণ কৰিব। ভাৰতৰ পাঁচখন খেলপথাৰলৈ যাব তেওঁলোক। সুৰক্ষা ব্যৱস্থা পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিব।

এতিয়া পাকিস্তানত ঈদৰ ছুটী চলি আছে। ইয়াৰ পিছত ব’ৰ্ডৰ অধ্যক্ষৰ সিদ্ধান্ত লোৱা হ’ব। কেতিয়া নিৰাপত্তাৰক্ষীক ভাৰতলৈ প্ৰেৰণ কৰা হ’ব সেয়া তেওঁ সিদ্ধান্ত ল’ব। পাকিস্তানৰ ক্ৰীড়া মন্ত্ৰালয়ৰ এক সূত্ৰই সংবাদ সংস্থা পিটিআইক জনাইছে যে, “পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিৰাপত্তাৰক্ষী বিষয়া প্ৰেৰণ কৰিব। পথাৰসমূহৰ নিৰাপত্তা ব্যৱস্থা পৰীক্ষা কৰিব। বিশ্বকাপৰ সময়ত কেনেধৰণৰ ব্যৱস্থা কৰা হ’ব সেয়া হ’ব লক্ষ্যণীয়।’

চেন্নাই, বেংগালুৰু, হায়দৰাবাদ, আহমেদাবাদ আৰু কলকাতা ভ্ৰমণ কৰিব নিৰাপত্তাৰক্ষী বিষয়াসকলে। তেওঁ কয়, ‘ভাৰতলৈ যিকোনো ভ্ৰমণৰ পূৰ্বে নিৰাপত্তাৰক্ষী বিষয়াক পঠিওৱা হয়। চৰকাৰে পঠিয়াই দিয়ে। ইয়ালৈ আহি নিৰাপত্তা ব্যৱস্থা পৰীক্ষা কৰিব। কেৱল ক্ৰিকেটাৰসকলৰ সুৰক্ষাই নহয়, পাকিস্তানৰ অনুৰাগী, সাংবাদিকসকলৰ সুৰক্ষাও দেখা যাব।"

তেওঁলোকে এই প্ৰতিবেদন পাকিস্তান ক্ৰিকেট ব’ৰ্ডত দাখিল কৰিব। পিচিবিয়ে সেই প্ৰতিবেদন ভাৰতীয় ক্ৰিকেট ব’ৰ্ড আৰু আইচিচিলৈ প্ৰেৰণ কৰিব।

২০১৬ চনত টি-২০ বিশ্বকাপৰ সময়তো পিচিবিয়ে নিৰাপত্তাৰক্ষীক প্ৰেৰণ কৰিছিল। কেৱল ক্ৰিকেটতে নহয় আন খেলৰ সময়তো এই নিয়ম পালন কৰা হয়। এই প্ৰতিবেদনৰ ভিত্তিত বাবৰ আজমেৰা বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিব নে নাই সেইটো সিদ্ধান্ত লোৱা হ’ব। হায়দৰাবাদত পাকিস্তানৰ প্ৰথমখন খেল। সেই মেচখন যোগ্যতা অৰ্জনকাৰী দলৰ বিৰুদ্ধে। ইয়াৰ উপৰিও পাকিস্তানে চেন্নাই, বেংগালুৰু, কলকাতা আৰু আহমেদাবাদত লীগ মেচ খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক