--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাবৰ আজমে ভাৰতলৈ আহি বিশ্বকাপ খেলিব নে নাই সেয়া নিৰাপত্তাৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ তদন্তৰ বাবে পাকিস্তানে ভাৰতলৈ নিৰাপত্তাৰক্ষী বিষয়া প্ৰেৰণ কৰিব। ভাৰতৰ পাঁচখন খেলপথাৰলৈ যাব তেওঁলোক। সুৰক্ষা ব্যৱস্থা পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিব।

এতিয়া পাকিস্তানত ঈদৰ ছুটী চলি আছে। ইয়াৰ পিছত ব’ৰ্ডৰ অধ্যক্ষৰ সিদ্ধান্ত লোৱা হ’ব। কেতিয়া নিৰাপত্তাৰক্ষীক ভাৰতলৈ প্ৰেৰণ কৰা হ’ব সেয়া তেওঁ সিদ্ধান্ত ল’ব। পাকিস্তানৰ ক্ৰীড়া মন্ত্ৰালয়ৰ এক সূত্ৰই সংবাদ সংস্থা পিটিআইক জনাইছে যে, “পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিৰাপত্তাৰক্ষী বিষয়া প্ৰেৰণ কৰিব। পথাৰসমূহৰ নিৰাপত্তা ব্যৱস্থা পৰীক্ষা কৰিব। বিশ্বকাপৰ সময়ত কেনেধৰণৰ ব্যৱস্থা কৰা হ’ব সেয়া হ’ব লক্ষ্যণীয়।’

চেন্নাই, বেংগালুৰু, হায়দৰাবাদ, আহমেদাবাদ আৰু কলকাতা ভ্ৰমণ কৰিব নিৰাপত্তাৰক্ষী বিষয়াসকলে। তেওঁ কয়, ‘ভাৰতলৈ যিকোনো ভ্ৰমণৰ পূৰ্বে নিৰাপত্তাৰক্ষী বিষয়াক পঠিওৱা হয়। চৰকাৰে পঠিয়াই দিয়ে। ইয়ালৈ আহি নিৰাপত্তা ব্যৱস্থা পৰীক্ষা কৰিব। কেৱল ক্ৰিকেটাৰসকলৰ সুৰক্ষাই নহয়, পাকিস্তানৰ অনুৰাগী, সাংবাদিকসকলৰ সুৰক্ষাও দেখা যাব।"

তেওঁলোকে এই প্ৰতিবেদন পাকিস্তান ক্ৰিকেট ব’ৰ্ডত দাখিল কৰিব। পিচিবিয়ে সেই প্ৰতিবেদন ভাৰতীয় ক্ৰিকেট ব’ৰ্ড আৰু আইচিচিলৈ প্ৰেৰণ কৰিব।

২০১৬ চনত টি-২০ বিশ্বকাপৰ সময়তো পিচিবিয়ে নিৰাপত্তাৰক্ষীক প্ৰেৰণ কৰিছিল। কেৱল ক্ৰিকেটতে নহয় আন খেলৰ সময়তো এই নিয়ম পালন কৰা হয়। এই প্ৰতিবেদনৰ ভিত্তিত বাবৰ আজমেৰা বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিব নে নাই সেইটো সিদ্ধান্ত লোৱা হ’ব। হায়দৰাবাদত পাকিস্তানৰ প্ৰথমখন খেল। সেই মেচখন যোগ্যতা অৰ্জনকাৰী দলৰ বিৰুদ্ধে। ইয়াৰ উপৰিও পাকিস্তানে চেন্নাই, বেংগালুৰু, কলকাতা আৰু আহমেদাবাদত লীগ মেচ খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব