--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত লিয়নেল মেছিৰ সপোন বাস্তৱায়িত হ’ল। তৃতীয়বাৰৰ বাবে আৰ্জেণ্টিনাই জয়লাভ কৰে বিশ্বকাপ। চেম্পিয়ন হোৱাৰ পিছত তেওঁ সতীৰ্থ আৰু প্ৰশিক্ষক কৰ্মচাৰীসকলক ধন্যবাদ জনায়। আৰ্জেণ্টিনাৰ বিশ্বকাপবিজয়ৰ অন্যতম কাণ্ডাৰী এঞ্জেল ডি মাৰিয়া, এমিলিয়ানো মাৰ্টিনেজক বিশেষ উপহাৰ দিছে আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে।

ইংৰাজী এখন বাতৰি কাকতৰ খবৰ অনুসৰি, মেছিয়ে উপহাৰ ক্ৰয়ৰ বাবে প্ৰায় ৬ কোটি ৫৫ লাখ টকা খৰচ কৰিছে। বিশ্বকাপ বিজয়ী দলটোৰ সকলো ফুটবলাৰ আৰু প্ৰশিক্ষক কৰ্মচাৰীৰ বাবে ৩৫টা বিশেষভাৱে নিৰ্মিত আইফোন ক্ৰয় কৰিছে মেছিয়ে। ২৪ কেৰেটৰ সোণৰ প্লেটেড ফোনত আৰ্জেণ্টিনা ফুটবল ফেডাৰেচনৰ ল’গ’ আছে। ইয়াৰ উপৰিও প্ৰতিটো ফোনত তেওঁলোকৰ নামো লিখা আছে। তেওঁলোকৰ জাৰ্চি নম্বৰো আছে। প্ৰতিটো ফোনৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ১ কোটি ৭৩ লাখ টকা।

মেছিয়ে বিশ্বকাপ জয় কৰাৰ পিছতে দলৰ সকলোকে উপহাৰ দিয়াৰ কথা ভাবিছিল। তেওঁ প্ৰতিজন দলৰ সদস্যৰ বাবে এটা বিশেষ আইফোন তৈয়াৰ কৰাৰ কথা ভাবিলে। সেয়ে মেছিয়ে যোৱা শনিবাৰে পেৰিছত বাস কৰা আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী দলৰ সদস্যসকলক নিজৰ ঘৰলৈ আমন্ত্ৰণ জনাইছিল। সোণৰ আইফোনসমূহ তেওঁলোকক দিয়া হ’ল। আৰ্জেণ্টিনাৰ অধিনায়কে বাকী থকা সদস্যসকলকো উপহাৰ যোগান ধৰাৰ ব্যৱস্থা কৰিছে।

মেছিৰ ঘনিষ্ঠ ব্যক্তি এজনে কয়- ''বিশ্বকাপ জয় কৰাৰ পিছত মেছিয়ে দলৰ সকলো সদস্যক বিশেষ কিবা এটা দিয়াৰ কথা ভাবিছিল। এনেকুৱা কিবা এটা দিব বিচাৰিছিল যিয়ে আপোনাক গৌৰৱ অনুভৱ কৰিব। সেয়ে উদ্যোগী বেন লায়ন্সৰ সৈতে যোগাযোগ কৰে। দুয়োজনে তৈয়াৰ কৰিছে বিশেষ সোণৰ আইফোন ডিজাইন।’’

লিয়ন্সৰ এজেন্সী আইডিজাইন গোল্ডে কয়- ''মেছি কেৱল বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰেই নহয়, আইডিজাইন গোল্ডৰ এজন অতি মূল্যৱান গ্ৰাহকো। বিশেষ ডিজাইনৰ ফোন নিৰ্মাণৰ বাবে যোৱা দুমাহ ধৰি তেওঁ আমাৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছে। এই আইফোনসমূহ সকলো ফুটবলাৰ আৰু দলৰ অন্যান্য সদস্যৰ বাবে বিশেষভাৱে বনাবলৈ অনুৰোধ কৰা হৈছে।''

আইডিজাইন গোল্ডৰ মুৰব্বী লায়ন্সে কয়- ''মই মেছিক এই সোণৰ আইফোন আগবঢ়াইছিলো। ই মেছিক অতি সুখী কৰি তুলিছিল।'' অৱশ্যে লিয়ন্সে প্ৰথমে মেছিক সোণৰ ঘড়ী দিয়াৰ প্ৰস্তাৱ দিছিল। সেই প্ৰস্তাৱ তেওঁৰ ভাল নালাগিল। উপহাৰ হিচাপে ঘড়ীটো বৰ সাধাৰণ যেন লাগিল মেছিৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক