--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিঠিৰ আঘাতৰ বাবে আই পি এলত যশপ্ৰীত বুমৰাহৰ খেল অনিশ্চিত। নিউজিলেণ্ডত তেওঁৰ অস্ত্ৰোপচাৰৰ কথা। ইয়াৰ মাজতে এটা ক্ৰিকেট ৱেবছাইটত কোৱা হৈছে যে মুম্বাই ইণ্ডিয়ানছে সকলো মেচতে জোফ্ৰা আৰ্চাৰক নাপাবও পাৰে। ফলত আই পি এলৰ পূৰ্বে অধিক হেঁচাত পৰিছে ৰোহিত শৰ্মা।

আঘাতৰ বাবে যোৱাবাৰ আই পি এল খেলিব পৰা নাছিল আৰ্চাৰে। আঘাতৰ কথা জনাৰ পিছতো মুম্বাইয়ে নিলামত ৮ কোটি টকাত ক্ৰয় কৰিছিল আৰ্চাৰক। তেওঁলোকৰ পৰিকল্পনা আছিল এই প্ৰতিযোগিতাত বুমৰাহ-আৰ্চাৰ যুটিক দেখা। কিন্তু মুম্বাইৰ অনুৰাগীসকলৰ সেই আশা পূৰণ হোৱাৰ সম্ভাৱনা কম।

ক্ৰিকেট ৱেবছাইটটোৰ প্ৰতিবেদন অনুসৰি, আঘাতৰ পৰা আৰোগ্য লাভ কৰিহে পুনৰ দললৈ ঘূৰি আহিব আৰ্চাৰ। কিন্তু তেওঁৰ আঘাতৰ ওপৰত চকু ৰাখিব ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে। ইংলেণ্ডে দলটোৰ বিশ্বকাপ বিজয়ী বলাৰক লৈ কোনো ধৰণৰ ৰিস্ক ল’ব নিবিচাৰে। গতিকে এইবাৰ আই পি এল খেলিলেও সকলো মেচতে তেওঁক খেলাৰ সম্ভাৱনা বহুত কম। জিৰণি লৈ আৰ্চাৰ খেলিব পাৰি।

উল্লেখ্য যে ২০২০ চনৰ প্ৰতিযোগিতাৰ পিছত আই পি এলত এখনো মেচ খেলা নাই আৰ্চাৰে। ২০২১ চনত ৰাজস্থান ৰয়েলছত আছিল। কিন্তু কঁকালৰ আঘাতৰ বাবে খেলিব নোৱাৰিলে। ২০২২ চনত এই সোঁহাতৰ পেচাৰগৰাকীয়ে পিঠিৰ আঘাতৰ বাবে আই পি এলত খেলা নাছিল। এইবাৰ তেওঁ খেলিব। কিন্তু সকলো মেচতে নহয়।

৫বাৰৰ আই পি এল বিজয়ী মুম্বাইয়ে আৰ্চাৰক বুমৰাহৰ সৈতে সংযুক্ত কৰি নিজৰ পেচ এটেক শক্তিশালী কৰিব বিচাৰিছিল। কিন্তু প্ৰথমে বুমৰাহ আৰু তাৰ পিছত এতিয়া আৰ্চাৰ, ৰোহিত হেঁচাত পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট