--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিঠিৰ আঘাতৰ বাবে আই পি এলত যশপ্ৰীত বুমৰাহৰ খেল অনিশ্চিত। নিউজিলেণ্ডত তেওঁৰ অস্ত্ৰোপচাৰৰ কথা। ইয়াৰ মাজতে এটা ক্ৰিকেট ৱেবছাইটত কোৱা হৈছে যে মুম্বাই ইণ্ডিয়ানছে সকলো মেচতে জোফ্ৰা আৰ্চাৰক নাপাবও পাৰে। ফলত আই পি এলৰ পূৰ্বে অধিক হেঁচাত পৰিছে ৰোহিত শৰ্মা।

আঘাতৰ বাবে যোৱাবাৰ আই পি এল খেলিব পৰা নাছিল আৰ্চাৰে। আঘাতৰ কথা জনাৰ পিছতো মুম্বাইয়ে নিলামত ৮ কোটি টকাত ক্ৰয় কৰিছিল আৰ্চাৰক। তেওঁলোকৰ পৰিকল্পনা আছিল এই প্ৰতিযোগিতাত বুমৰাহ-আৰ্চাৰ যুটিক দেখা। কিন্তু মুম্বাইৰ অনুৰাগীসকলৰ সেই আশা পূৰণ হোৱাৰ সম্ভাৱনা কম।

ক্ৰিকেট ৱেবছাইটটোৰ প্ৰতিবেদন অনুসৰি, আঘাতৰ পৰা আৰোগ্য লাভ কৰিহে পুনৰ দললৈ ঘূৰি আহিব আৰ্চাৰ। কিন্তু তেওঁৰ আঘাতৰ ওপৰত চকু ৰাখিব ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে। ইংলেণ্ডে দলটোৰ বিশ্বকাপ বিজয়ী বলাৰক লৈ কোনো ধৰণৰ ৰিস্ক ল’ব নিবিচাৰে। গতিকে এইবাৰ আই পি এল খেলিলেও সকলো মেচতে তেওঁক খেলাৰ সম্ভাৱনা বহুত কম। জিৰণি লৈ আৰ্চাৰ খেলিব পাৰি।

উল্লেখ্য যে ২০২০ চনৰ প্ৰতিযোগিতাৰ পিছত আই পি এলত এখনো মেচ খেলা নাই আৰ্চাৰে। ২০২১ চনত ৰাজস্থান ৰয়েলছত আছিল। কিন্তু কঁকালৰ আঘাতৰ বাবে খেলিব নোৱাৰিলে। ২০২২ চনত এই সোঁহাতৰ পেচাৰগৰাকীয়ে পিঠিৰ আঘাতৰ বাবে আই পি এলত খেলা নাছিল। এইবাৰ তেওঁ খেলিব। কিন্তু সকলো মেচতে নহয়।

৫বাৰৰ আই পি এল বিজয়ী মুম্বাইয়ে আৰ্চাৰক বুমৰাহৰ সৈতে সংযুক্ত কৰি নিজৰ পেচ এটেক শক্তিশালী কৰিব বিচাৰিছিল। কিন্তু প্ৰথমে বুমৰাহ আৰু তাৰ পিছত এতিয়া আৰ্চাৰ, ৰোহিত হেঁচাত পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক