--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ চৰকাৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে বিশ্বৰ ফাৰ্মাচিউটিকেল জায়ান্ট জনছন এণ্ড জনছন ৰ মুম্বাই প্লাণ্টৰ বেবী পাউদাৰ নিৰ্মাণৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছ। এই কোম্পানীয়ে আৰু মহাৰাষ্ট্ৰত বেবী পাউদাৰ নিৰ্মাণ আৰু বিক্ৰী কৰিব নোৱাৰে। 

এফডিএয়ে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰিছে যে জনছনৰ বেবী পাউদাৰ ব্যৱহাৰ কৰিলে শিশুৰ ছালৰ ক্ষতি হ’ব পাৰে। জনছনৰ পাউদাৰ ষ্টক বজাৰৰ পৰা প্ৰত্যাহাৰ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে এফডিএয়ে। প্ৰশাসনে কোম্পানীটোক ড্ৰাগছ এণ্ড এডমিনিষ্ট্ৰেচন এক্ট, ১৯৪০ৰ অধীনত এটা শ্ব’-ক’জ জাননী জাৰি কৰে। য'ত অনুজ্ঞাপত্ৰ নিলম্বন বা বাতিলৰ দৰে ব্যৱস্থা কিয় গ্ৰহণ কৰা নহ’ব সেই বিষয়ে জানিব বিচৰা হৈছে। 

কালি ৰাজ্য চৰকাৰে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে বৃহত্তৰ জনস্বাস্থ্যৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। বিবৃতিটোত লগতে কোৱা হৈছে যে কোম্পানীটোৰ বেবী পাউদাৰে নৱজাতকৰ ছালৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

এফ ডি এৰ এক বিবৃতি অনুসৰি এই সামগ্ৰীয়ে কেঁচুৱাৰ ছালৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। এফ ডি এৰ এজন বিষয়াই কয় যে জনসাধাৰণৰ সুৰক্ষাৰ বাবে আমি অনুজ্ঞাপত্ৰ বাতিল কৰি ষ্টকটো প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছো। ২০২০ চনৰ জানুৱাৰী মাহত অল ফুড এণ্ড ড্ৰাগ লাইচেন্স হোল্ডাৰ্ছ ফাউণ্ডেচনে এফ ডি এ-মহাৰাষ্ট্ৰলৈ পত্ৰ লিখি জে এণ্ড জেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত পলম হোৱাৰ কথা আঙুলিয়াই দিছিল। কোম্পানীটোলৈ লিখা পত্ৰখনত কোৱা হৈছে যে “সাধাৰণতে যেতিয়া বেবী পাউদাৰৰ পি এইচ গড়ৰ ওপৰত হয়, তেতিয়া ই নিৰ্মাণ প্ৰক্ৰিয়াত ভুল আৰু নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়ত মিশ্ৰণ মৌল বা উপাদানত হোৱা অশুদ্ধিৰ ইংগিত দিয়ে। বেবী পাউদাৰত থকা পি এইচ লেভেল গড় হিচাপতকৈ বেছি হ’লে ই কেঁচুৱাৰ ছালত প্ৰভাৱ পেলাব পাৰে। গতিকে এই বিষয়টো অতি গুৰুত্বসহকাৰে লৈ ন্যায্য তদন্ত কৰিবলৈ অনুৰোধ জনালোঁ।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু