--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ চৰকাৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে বিশ্বৰ ফাৰ্মাচিউটিকেল জায়ান্ট জনছন এণ্ড জনছন ৰ মুম্বাই প্লাণ্টৰ বেবী পাউদাৰ নিৰ্মাণৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছ। এই কোম্পানীয়ে আৰু মহাৰাষ্ট্ৰত বেবী পাউদাৰ নিৰ্মাণ আৰু বিক্ৰী কৰিব নোৱাৰে। 

এফডিএয়ে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰিছে যে জনছনৰ বেবী পাউদাৰ ব্যৱহাৰ কৰিলে শিশুৰ ছালৰ ক্ষতি হ’ব পাৰে। জনছনৰ পাউদাৰ ষ্টক বজাৰৰ পৰা প্ৰত্যাহাৰ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে এফডিএয়ে। প্ৰশাসনে কোম্পানীটোক ড্ৰাগছ এণ্ড এডমিনিষ্ট্ৰেচন এক্ট, ১৯৪০ৰ অধীনত এটা শ্ব’-ক’জ জাননী জাৰি কৰে। য'ত অনুজ্ঞাপত্ৰ নিলম্বন বা বাতিলৰ দৰে ব্যৱস্থা কিয় গ্ৰহণ কৰা নহ’ব সেই বিষয়ে জানিব বিচৰা হৈছে। 

কালি ৰাজ্য চৰকাৰে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে বৃহত্তৰ জনস্বাস্থ্যৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। বিবৃতিটোত লগতে কোৱা হৈছে যে কোম্পানীটোৰ বেবী পাউদাৰে নৱজাতকৰ ছালৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

এফ ডি এৰ এক বিবৃতি অনুসৰি এই সামগ্ৰীয়ে কেঁচুৱাৰ ছালৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। এফ ডি এৰ এজন বিষয়াই কয় যে জনসাধাৰণৰ সুৰক্ষাৰ বাবে আমি অনুজ্ঞাপত্ৰ বাতিল কৰি ষ্টকটো প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছো। ২০২০ চনৰ জানুৱাৰী মাহত অল ফুড এণ্ড ড্ৰাগ লাইচেন্স হোল্ডাৰ্ছ ফাউণ্ডেচনে এফ ডি এ-মহাৰাষ্ট্ৰলৈ পত্ৰ লিখি জে এণ্ড জেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত পলম হোৱাৰ কথা আঙুলিয়াই দিছিল। কোম্পানীটোলৈ লিখা পত্ৰখনত কোৱা হৈছে যে “সাধাৰণতে যেতিয়া বেবী পাউদাৰৰ পি এইচ গড়ৰ ওপৰত হয়, তেতিয়া ই নিৰ্মাণ প্ৰক্ৰিয়াত ভুল আৰু নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়ত মিশ্ৰণ মৌল বা উপাদানত হোৱা অশুদ্ধিৰ ইংগিত দিয়ে। বেবী পাউদাৰত থকা পি এইচ লেভেল গড় হিচাপতকৈ বেছি হ’লে ই কেঁচুৱাৰ ছালত প্ৰভাৱ পেলাব পাৰে। গতিকে এই বিষয়টো অতি গুৰুত্বসহকাৰে লৈ ন্যায্য তদন্ত কৰিবলৈ অনুৰোধ জনালোঁ।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ