--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কিছুদিন  ধৰি উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ জৰিয়তে ন্যায়াধীশ নিযুক্তিক লৈ বিতৰ্ক চলি আছে। এনে বিতৰ্কৰ  মাজতে কেন্দ্ৰই কৈছে যে উচ্চতম ন্যায়ালয়ে শীঘ্ৰেই পাঁচজন নতুন ন্যায়াধীশ লাভ কৰিব। কেন্দ্ৰৰ হৈ এটৰ্নি জেনেৰেলে উচ্চ ন্যায়ালয়ৰ তিনিজন মুখ্য ন্যায়াধীশৰ নাম শীৰ্ষ ন্যায়ালয়ক প্ৰদান কৰিছে। উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশকো এই পদৰ বাবে প্ৰক্ষেপ  কৰা হৈছে।

ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু এ এছ ওকাৰ বিচাৰপীঠক এটৰ্নি জেনেৰেলে  কয় যে বিষয়টো এই সপ্তাহৰ  ভিতৰতে নিষ্পত্তি হোৱাৰ সম্ভাৱনা আছে। উচ্চ ন্যায়ালয়ৰ তিনিজন মুখ্য ন্যায়াধীশ হৈছে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পংকজ মিথাল, পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কাৰোল আৰু মণিপুৰ উচ্চ ন্যায়ালয়ৰ  ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰ। পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এহছানুদ্দিন আমানুল্লাহ আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনোজ মিশ্ৰাকো তালিকাখনত অন্তৰ্ভুক্ত কৰা হৈছে।

এই পাঁচজন ন্যায়াধীশৰ নাম ১৩ ডিচেম্বৰতপ্ৰস্তাৱ কৰা  হৈছিল। যদি এই ন্যায়াধীশসকলে দেশৰ শীৰ্ষ আদালতৰ দায়িত্ব লয়, উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা হ'ব ৩২ গৰাকী হ’ব।উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ  অনুমোদিত সংখ্যা  হৈছে ৩৪ । ভাৰতৰ মুখ্য ন্যায়াধীশো অনুমোদিত ন্যায়াধীশসকলৰ ভিতৰত আছে। এই সপ্তাহৰ আৰম্ভণিতে কলেজিয়ামে বিচাৰকসকলৰ তালিকাত দুটা নামৰ পৰামৰ্শ দিছিল। তেওঁলোকৰ এজন হৈছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাজেশ বিন্দাল আৰু আনজন হৈছে গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰবিন্দ কুমাৰ।

কলেজিয়ামকলৈ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু আৰু উচ্চতম ন্যায়ালয়ৰ মাজত বিবাদ চলি আছে। ন্যায়াধীশ নিয়োগৰ প্ৰক্ৰিয়াত চৰকাৰী প্ৰতিনিধিসকলকো অন্তৰ্ভুক্ত কৰিব লাগে। চৰকাৰৰ প্ৰতিনিধিসকলক ন্যায়াধীশ নিযুক্তিৰ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ অধিকাৰ দিয়া উচিত বুলি বহুতে কৈ আহিছে৷ ইয়াৰ বিপৰীতে  ন্যায়াধীশ নিয়োগৰ প্ৰক্ৰিয়াত চৰকাৰী হস্তক্ষেপৰ বহুতে প্ৰতিবাদ কৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক