--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদৰ উপৰি বিপদে জুমুৰি দি ধৰিছে গৌতম আদানীক৷ ব্যৱসায়িক সাম্ৰাজ্যত পতনৰ লগে লগে এতিয়া আদানি এণ্টাৰপ্ৰাইজেছক ৭ ফেব্ৰুৱাৰীৰ আগতে ডাউ জোনছ ছাছটেইনেবিলিটি সূচকৰ পৰা আঁতৰ কৰা  হ'ব। নেচনেল ষ্টক এক্সচেঞ্জে অতিৰিক্ত নিৰীক্ষণ ব্যৱস্থাৰ অধীনত  আদানীৰ তিনিটা ষ্টক ক্ৰমে আদানি এণ্টাৰপ্ৰাইজেছ, আদানি পোৰ্টছ আৰু অম্বুজা চিমেণ্টছৰ ওপৰত চকু ৰখাৰ সময়তে ডাউ জোনছ ছাছটেইনেবিলিটি সূচকৰ পৰা আদানীৰ কোম্পানী আঁতৰাৰ খবৰে এতিয়া চিন্তিত কৰি তুলিছে আদানী গ্ৰুপৰ সৈতে জড়িত হৈ থকাসকলক । 

নেচনেল ষ্টক এক্সচেঞ্জে নিজস্ব  ৱেবছাইটত কয়, "বস্তুনিষ্ঠ মাপকাঠি যেনে মূল্য / ভলিউম ৰ তাৰতম্য, অস্থিৰতা আদি বিশ্লেষণ কৰি নিৰীক্ষণ আদানী গ্ৰুপৰ  চিকিউৰিটিৰ ওপৰত অতিৰিক্ত নিৰীক্ষণ ব্যৱস্থা (এ.এছ.এম.) থাকিব।" গৌতম আদানি নেতৃত্বাধীন আদানী গ্ৰুপৰ  গ্ৰুপৰ  ষ্টক প্ৰতিদিনে হ্ৰাস পাই  আহিছে ৷ হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ  প্ৰতিবেদন প্ৰকাশৰ পিছতে আদানী গ্ৰুপ ডুবিবলৈ লৈছে৷ দেশৰ কেইবাটাও প্ৰতিষ্ঠানৰ পৰা হাজাৰ হাজাৰ কোটি টকা  ধাৰলৈ লোৱা আদানী গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানীয়েও দেশৰ বাহিৰলৈ পলাই গৈ নিজকে সুৰক্ষিত কৰিব নেকি তাকেলৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নয়নৰ মণি গৌতম আদানীৰ জালিয়াতিৰ কথা ইমান দিনে ঢাকি ৰখা হৈছিল যদিও মাৰ্কিন সংস্থাটোৱে সকলো গোঁমৰফাঁক কৰি দিয়াত এতিয়া অস্বস্তিত পৰিছে মোদী চৰকাৰৰ বহু বাঘা বাঘা নেতাও৷ 

আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত কৰা এনে দাবীৰ পিছতে এক হুলস্থূলৰ সৃষ্টি হয়। আদানি গোটৰ কোম্পানীবোৰৰ শ্বেয়াৰ ৰাতিটোৰ ভিতৰতে হ্ৰাস পাবলৈ ধৰে। চেঞ্চেক্সো ক্ৰমে পৰি আহে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে দাবী কৰিছে যে আদানি গ্ৰুপে জালিয়াতিৰে  কৰি ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে।অৰ্থাৎ একক দুই কৰি দেখুৱাই আদানি গ্ৰুপে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে।  সংস্থাটোৰ  প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁলোকে দুবছৰ ধৰি বিষয়টো অনুসন্ধান কৰাৰ পিছত এই তথ্য জানিব পাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক