--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদৰ উপৰি বিপদে জুমুৰি দি ধৰিছে গৌতম আদানীক৷ ব্যৱসায়িক সাম্ৰাজ্যত পতনৰ লগে লগে এতিয়া আদানি এণ্টাৰপ্ৰাইজেছক ৭ ফেব্ৰুৱাৰীৰ আগতে ডাউ জোনছ ছাছটেইনেবিলিটি সূচকৰ পৰা আঁতৰ কৰা  হ'ব। নেচনেল ষ্টক এক্সচেঞ্জে অতিৰিক্ত নিৰীক্ষণ ব্যৱস্থাৰ অধীনত  আদানীৰ তিনিটা ষ্টক ক্ৰমে আদানি এণ্টাৰপ্ৰাইজেছ, আদানি পোৰ্টছ আৰু অম্বুজা চিমেণ্টছৰ ওপৰত চকু ৰখাৰ সময়তে ডাউ জোনছ ছাছটেইনেবিলিটি সূচকৰ পৰা আদানীৰ কোম্পানী আঁতৰাৰ খবৰে এতিয়া চিন্তিত কৰি তুলিছে আদানী গ্ৰুপৰ সৈতে জড়িত হৈ থকাসকলক । 

নেচনেল ষ্টক এক্সচেঞ্জে নিজস্ব  ৱেবছাইটত কয়, "বস্তুনিষ্ঠ মাপকাঠি যেনে মূল্য / ভলিউম ৰ তাৰতম্য, অস্থিৰতা আদি বিশ্লেষণ কৰি নিৰীক্ষণ আদানী গ্ৰুপৰ  চিকিউৰিটিৰ ওপৰত অতিৰিক্ত নিৰীক্ষণ ব্যৱস্থা (এ.এছ.এম.) থাকিব।" গৌতম আদানি নেতৃত্বাধীন আদানী গ্ৰুপৰ  গ্ৰুপৰ  ষ্টক প্ৰতিদিনে হ্ৰাস পাই  আহিছে ৷ হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ  প্ৰতিবেদন প্ৰকাশৰ পিছতে আদানী গ্ৰুপ ডুবিবলৈ লৈছে৷ দেশৰ কেইবাটাও প্ৰতিষ্ঠানৰ পৰা হাজাৰ হাজাৰ কোটি টকা  ধাৰলৈ লোৱা আদানী গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানীয়েও দেশৰ বাহিৰলৈ পলাই গৈ নিজকে সুৰক্ষিত কৰিব নেকি তাকেলৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নয়নৰ মণি গৌতম আদানীৰ জালিয়াতিৰ কথা ইমান দিনে ঢাকি ৰখা হৈছিল যদিও মাৰ্কিন সংস্থাটোৱে সকলো গোঁমৰফাঁক কৰি দিয়াত এতিয়া অস্বস্তিত পৰিছে মোদী চৰকাৰৰ বহু বাঘা বাঘা নেতাও৷ 

আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত কৰা এনে দাবীৰ পিছতে এক হুলস্থূলৰ সৃষ্টি হয়। আদানি গোটৰ কোম্পানীবোৰৰ শ্বেয়াৰ ৰাতিটোৰ ভিতৰতে হ্ৰাস পাবলৈ ধৰে। চেঞ্চেক্সো ক্ৰমে পৰি আহে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে দাবী কৰিছে যে আদানি গ্ৰুপে জালিয়াতিৰে  কৰি ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে।অৰ্থাৎ একক দুই কৰি দেখুৱাই আদানি গ্ৰুপে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে।  সংস্থাটোৰ  প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁলোকে দুবছৰ ধৰি বিষয়টো অনুসন্ধান কৰাৰ পিছত এই তথ্য জানিব পাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু