--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া পাতিবলৈ মন যায় এজন যুৱকৰ। ঘৰত কেইবাবাৰো মনৰ কথাটো ক’লে। কিন্তু পৰিয়ালে বিশেষ উদ্যোগ নললে। বাৰে বাৰে চেষ্টা কৰাৰ পিছতো যেতিয়া একো নহ’ল, অৱশেষত যুৱকজনে নতুন কৌশল এটা উলিয়াই আনিলে। বিয়াৰ বাবে পৰিয়ালটোক হেঁচা প্ৰয়োগ কৰিবলৈ তেওঁ নিজকে ‘হত্যা’ কৰিলে। হত্যা কৰি নিজৰ মৃতদেহৰ ছবিখন বন্ধুৰ হোৱাটছএপলৈ পঠিয়ালে। তাৰপাছত তেওঁ নিজৰ ‘মৃত্যুৰ’ বাৰ্তাটো ঘৰলৈ প্ৰেৰণ কৰা হ’ল। উত্তৰ প্ৰদেশৰ বদায়ুঁ নামৰ ঠাইখনত সংঘটিত হৈছে এই ঘটনা।

বদায়ুঁৰ দুডেনগৰ নিবাসী অশোক কুমাৰৰ পুত্ৰ অজয়। যোৱা কেইমাহমানৰ পৰা দেউতাকক বিয়াৰ বাবে হেঁচা দি আছিল। অশোকে পুত্ৰক স্পষ্ট কৰি দিলে যে এতিয়াই তেওঁৰ বিয়া পতা নহ’ব। দেউতাকৰ কথাত পুত্ৰৰ খং উঠিল। যোৱা ১১ মাৰ্চত হঠাতে ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল অজয়। ১২ মাৰ্চত তেওঁ নিজৰ মোবাইল ফোনত এটা অডিঅ’ মেছেজ ৰেকৰ্ড কৰিছিল। সেই অডিঅ’ মেছেজত, পিতৃক সম্বোধন কৰি তেওঁ কৈছিল, “মোক অপহৰণ কৰা হৈছে। মোক মাৰপিট কৰা হৈছে, মোক বচাওক!”

পুত্ৰৰ অডিঅ’ মেছেজ শুনি অশোক নাৰ্ভাছ হৈ পৰিল। ইয়াৰ পিছতে তেওঁ বিষয়টো আৰক্ষীক খবৰ দিয়ে। পিছদিনা অৰ্থাৎ ১৩ মাৰ্চৰ নিশা অজয়ে এজোপা জোপোহাত জিভা উলিয়াই, চকু মুদি শুই থকা বন্ধু এজনৰ ফটো তুলিলে। ইয়াৰ পিছত সেই ছবিখন বন্ধুৰ WhatsApp লৈ পঠিয়ালে। অজয়ৰ দেউতাকৰ ওচৰলৈ ছবিখন প্ৰেৰণ কৰি দিলে অংশুল নামৰ সেই বন্ধুজনে। পুত্ৰৰ ‘মৃতদেহ’ৰ ছবিখন দেখি অশোক হতভম্ব হৈ পৰিল। লগে লগে পুলিচৰ ওচৰলৈ গ’ল।



সেই ফটোখনৰ সহায়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে। অজয়ৰ মোবাইলটোৰ স্থান চিনাক্তকৰণৰ কাম আৰম্ভ হ’ল। তেতিয়া দেখা যায় অজয়ৰ মোবাইলৰ লকেচন দিল্লীত। ইয়াৰ পিছতে আৰক্ষীৰ এটা দল কাছগঞ্জলৈ ৰাওনা হয়। অজয় যেতিয়া কাছগঞ্জ হৈ উঝানী অভিমুখে আহি আছিল। তাতে অজয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেতিয়াই গোটেই নাটক পোহৰলৈ আহিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement