--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া পাতিবলৈ মন যায় এজন যুৱকৰ। ঘৰত কেইবাবাৰো মনৰ কথাটো ক’লে। কিন্তু পৰিয়ালে বিশেষ উদ্যোগ নললে। বাৰে বাৰে চেষ্টা কৰাৰ পিছতো যেতিয়া একো নহ’ল, অৱশেষত যুৱকজনে নতুন কৌশল এটা উলিয়াই আনিলে। বিয়াৰ বাবে পৰিয়ালটোক হেঁচা প্ৰয়োগ কৰিবলৈ তেওঁ নিজকে ‘হত্যা’ কৰিলে। হত্যা কৰি নিজৰ মৃতদেহৰ ছবিখন বন্ধুৰ হোৱাটছএপলৈ পঠিয়ালে। তাৰপাছত তেওঁ নিজৰ ‘মৃত্যুৰ’ বাৰ্তাটো ঘৰলৈ প্ৰেৰণ কৰা হ’ল। উত্তৰ প্ৰদেশৰ বদায়ুঁ নামৰ ঠাইখনত সংঘটিত হৈছে এই ঘটনা।

বদায়ুঁৰ দুডেনগৰ নিবাসী অশোক কুমাৰৰ পুত্ৰ অজয়। যোৱা কেইমাহমানৰ পৰা দেউতাকক বিয়াৰ বাবে হেঁচা দি আছিল। অশোকে পুত্ৰক স্পষ্ট কৰি দিলে যে এতিয়াই তেওঁৰ বিয়া পতা নহ’ব। দেউতাকৰ কথাত পুত্ৰৰ খং উঠিল। যোৱা ১১ মাৰ্চত হঠাতে ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল অজয়। ১২ মাৰ্চত তেওঁ নিজৰ মোবাইল ফোনত এটা অডিঅ’ মেছেজ ৰেকৰ্ড কৰিছিল। সেই অডিঅ’ মেছেজত, পিতৃক সম্বোধন কৰি তেওঁ কৈছিল, “মোক অপহৰণ কৰা হৈছে। মোক মাৰপিট কৰা হৈছে, মোক বচাওক!”

পুত্ৰৰ অডিঅ’ মেছেজ শুনি অশোক নাৰ্ভাছ হৈ পৰিল। ইয়াৰ পিছতে তেওঁ বিষয়টো আৰক্ষীক খবৰ দিয়ে। পিছদিনা অৰ্থাৎ ১৩ মাৰ্চৰ নিশা অজয়ে এজোপা জোপোহাত জিভা উলিয়াই, চকু মুদি শুই থকা বন্ধু এজনৰ ফটো তুলিলে। ইয়াৰ পিছত সেই ছবিখন বন্ধুৰ WhatsApp লৈ পঠিয়ালে। অজয়ৰ দেউতাকৰ ওচৰলৈ ছবিখন প্ৰেৰণ কৰি দিলে অংশুল নামৰ সেই বন্ধুজনে। পুত্ৰৰ ‘মৃতদেহ’ৰ ছবিখন দেখি অশোক হতভম্ব হৈ পৰিল। লগে লগে পুলিচৰ ওচৰলৈ গ’ল।



সেই ফটোখনৰ সহায়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে। অজয়ৰ মোবাইলটোৰ স্থান চিনাক্তকৰণৰ কাম আৰম্ভ হ’ল। তেতিয়া দেখা যায় অজয়ৰ মোবাইলৰ লকেচন দিল্লীত। ইয়াৰ পিছতে আৰক্ষীৰ এটা দল কাছগঞ্জলৈ ৰাওনা হয়। অজয় যেতিয়া কাছগঞ্জ হৈ উঝানী অভিমুখে আহি আছিল। তাতে অজয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেতিয়াই গোটেই নাটক পোহৰলৈ আহিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক