--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী ৰেল ষ্টেচনত তৃতীয় লিংগসকলৰ দ্বাৰা পৰিচালিত এখন চাহৰ দোকান খোলা হৈছে। ভাৰতীয় ৰেলৱেৰ সৌজন্যত খোলা হৈছে এই ঐতিহাসিক চাহৰ দোকানখন। টুইটাৰত এই কথা জনালে উদ্যোগপতি আনন্দ মহিন্দ্ৰাই।

নিজৰ অধিকাৰৰ বাবে অহৰহ যুঁজি থকা এই তৃতীয় লিংগৰ লোকসকলে কৰ্মসংস্থাপন বিচাৰিলে বিভিন্ন ধৰণে অপব্যৱহাৰ কৰা হয়। এই বিশেষ লিংগৰ বাবে চৰকাৰৰ কোনো লিখিত সংৰক্ষণ নাই। উদ্যোগপতি আনন্দ মহিন্দ্ৰই কয় যে আন বিভিন্ন উন্নয়নমূলক কামত মোৰ এয়া মাত্ৰ এটা সৰু পদক্ষেপ।

টুইটাৰত উদ্যোগপতিজনে লিখে- ''এই সৰু, পদক্ষেপটো মোৰ দৃষ্টিত আন বহুতো প্ৰগতিশীল প্ৰকল্পৰ দৰেই উল্লেখযোগ্য আৰু পৰিৱৰ্তনশীল। ভাৰতীয় ৰেলৱেই ৮ বিলিয়নৰো অধিক লোক কঢ়িয়ায়। আটাইতকৈ ডাঙৰ কথা, কাকো বাদ নিদিয়ে।’’

নেটিজেনসকলেও এই ঐতিহাসিক পদক্ষেপক শলাগ লৈছে। এই ‘টি-ষ্টল’ৰ ছবি ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে মন্তব্যকাৰীসকলে নিজৰ মতামত প্ৰকাশ কৰে। এজনে লিখিছে, “এনে পদক্ষেপক শলাগ ল’বলগীয়া।” কোনোবাই লিখিছে, "অন্য সংগঠনতো তেওঁলোকৰ বাবে আসন সংৰক্ষণ কৰিব লাগে।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ