--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিয়ালৈ আছে মাত্ৰ ১৫ দিন।দৰা-কইনাৰ দুই পৰিয়ালৰ মাজত লাগিছে খদমদম। এনেতে দৰাই কৰি পেলালে এক অদ্ভুত কাণ্ড। দৰাই নিজৰে এজন বন্ধুৰ প্ৰেমিকাক লৈ ঘৰৰ পৰা পলাই যায়। দৰাই অন্য এজনী যুৱতীকলৈ পলাই যোৱাৰ পাছত দুয়োখন ঘৰত লাগিল হাহাকৰ। অৱশ্যে, আৰক্ষীয়ে লগে লগে ব্যৱস্থা গ্ৰহণ কৰে আৰু ল'ৰা আৰু ছোৱালী দুয়োকে বিচাৰি উলিয়ায় আৰু পৰিয়ালৰ সদস্যসকলক গতাই দিয়ে।ঘটনাটো ৰাজস্থান যোধপুৰৰ।

যোধপুৰ আৰক্ষীয়ে জনোৱা অনুসৰি এটা পৰিয়ালে তেওঁলোকৰ কন্যা সন্ধানহীন হোৱা বুলি থানাত এজাহাৰ দাখিল কৰিছিল।আৰক্ষীয়ে পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰাত ধৰা পৰে যে ছোৱালীজনীয়ে পাবুপুৰাৰ বাসিন্দা বাদল নায়ক নামৰ এজন যুৱকৰ সৈতে বিয়াত বহাৰ উদ্দেশ্যৰে পলাই গৈছিল। আৰক্ষীয়ে বাদল নায়ক আৰু ছোৱালীজনীক আৰক্ষী চকীলৈ লৈ আহি সোধা-পোছা আৰম্ভ কৰে। আৰক্ষীৰ জেৰাত দুয়ো সৈ কাঢ়ে যে তেওঁলোক দুয়ো বিয়া কৰিব বিচাৰে।ছোৱালীজনী আছিল বাদল নায়কৰ বন্ধু অমিতৰ প্ৰেমিকা। অমিতৰ সৈতে বিচ্ছেদৰ পাছত ছোৱালীজনীয়ে বাদলক হৃদয় দি থোৱা বুলি আৰক্ষীক জনায়।

কইনা গৃহত ৰীতি-নীতি পালন কৰি অন্য যুৱতীৰ সৈতে পলাল দৰা

আৰু পঢ়কঃ ঠাণ্ডা দিনত এইকেইটা কাম ভুলতো নকৰিব; নহ’লে হ’ব পাৰে বৃহৎ লোকচান

বাদল আৰু ছোৱালীজনীৰ মাজত ৬ বছৰ ধৰি সম্পৰ্ক আছে বুলি জানিব পৰা গৈছে। কিন্তু তাৰ মাজতে বাদলৰ অন্য এগৰাকী যুৱতীৰ সৈতে বিয়া ঠিক হৈছিল। বিয়াখন ১৪ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ যোধপুৰ আৰক্ষী থানাৰ এছ আই ভানৱাৰ সিঙে কয় যে বাদলৰ সৈতে বিয়া ঠিক হোৱা কইনাই দৰা বাদলৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছে। থানাত কইনাগৰাকী উপস্থিত হৈ বাদলৰ ওপৰত খং উজাৰে আৰু বাদলৰ গালত প্ৰচণ্ড চৰ সোধায়। আৰক্ষীয়ে বিষয়টো হস্তক্ষেপ কৰি কইনাক শান্ত কৰায়। অৱশ্যে, আৰক্ষীয়ে দৰা বাদলৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক