--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিয়ালৈ আছে মাত্ৰ ১৫ দিন।দৰা-কইনাৰ দুই পৰিয়ালৰ মাজত লাগিছে খদমদম। এনেতে দৰাই কৰি পেলালে এক অদ্ভুত কাণ্ড। দৰাই নিজৰে এজন বন্ধুৰ প্ৰেমিকাক লৈ ঘৰৰ পৰা পলাই যায়। দৰাই অন্য এজনী যুৱতীকলৈ পলাই যোৱাৰ পাছত দুয়োখন ঘৰত লাগিল হাহাকৰ। অৱশ্যে, আৰক্ষীয়ে লগে লগে ব্যৱস্থা গ্ৰহণ কৰে আৰু ল'ৰা আৰু ছোৱালী দুয়োকে বিচাৰি উলিয়ায় আৰু পৰিয়ালৰ সদস্যসকলক গতাই দিয়ে।ঘটনাটো ৰাজস্থান যোধপুৰৰ।

যোধপুৰ আৰক্ষীয়ে জনোৱা অনুসৰি এটা পৰিয়ালে তেওঁলোকৰ কন্যা সন্ধানহীন হোৱা বুলি থানাত এজাহাৰ দাখিল কৰিছিল।আৰক্ষীয়ে পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰাত ধৰা পৰে যে ছোৱালীজনীয়ে পাবুপুৰাৰ বাসিন্দা বাদল নায়ক নামৰ এজন যুৱকৰ সৈতে বিয়াত বহাৰ উদ্দেশ্যৰে পলাই গৈছিল। আৰক্ষীয়ে বাদল নায়ক আৰু ছোৱালীজনীক আৰক্ষী চকীলৈ লৈ আহি সোধা-পোছা আৰম্ভ কৰে। আৰক্ষীৰ জেৰাত দুয়ো সৈ কাঢ়ে যে তেওঁলোক দুয়ো বিয়া কৰিব বিচাৰে।ছোৱালীজনী আছিল বাদল নায়কৰ বন্ধু অমিতৰ প্ৰেমিকা। অমিতৰ সৈতে বিচ্ছেদৰ পাছত ছোৱালীজনীয়ে বাদলক হৃদয় দি থোৱা বুলি আৰক্ষীক জনায়।

কইনা গৃহত ৰীতি-নীতি পালন কৰি অন্য যুৱতীৰ সৈতে পলাল দৰা

আৰু পঢ়কঃ ঠাণ্ডা দিনত এইকেইটা কাম ভুলতো নকৰিব; নহ’লে হ’ব পাৰে বৃহৎ লোকচান

বাদল আৰু ছোৱালীজনীৰ মাজত ৬ বছৰ ধৰি সম্পৰ্ক আছে বুলি জানিব পৰা গৈছে। কিন্তু তাৰ মাজতে বাদলৰ অন্য এগৰাকী যুৱতীৰ সৈতে বিয়া ঠিক হৈছিল। বিয়াখন ১৪ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ যোধপুৰ আৰক্ষী থানাৰ এছ আই ভানৱাৰ সিঙে কয় যে বাদলৰ সৈতে বিয়া ঠিক হোৱা কইনাই দৰা বাদলৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছে। থানাত কইনাগৰাকী উপস্থিত হৈ বাদলৰ ওপৰত খং উজাৰে আৰু বাদলৰ গালত প্ৰচণ্ড চৰ সোধায়। আৰক্ষীয়ে বিষয়টো হস্তক্ষেপ কৰি কইনাক শান্ত কৰায়। অৱশ্যে, আৰক্ষীয়ে দৰা বাদলৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক