--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী-অনুষ্কাৰ প্ৰেম কাহিনী সকলোৱে জানে। বিৰুষ্কাৰ বিয়াৰ ছবছৰ হৈ গ’ল। কিন্তু আজিও প্ৰেমৰ সাগৰত সাতুৰি-নাদুৰি ফুৰি দম্পতীহালে। এইবেলি অনুষ্কা শৰ্মাই প্ৰথমবাৰৰ বাবে কান চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত খোজ পেলাইছে। অনুষ্কা শৰ্মাই কান চলচ্চিত্ৰ মহোৎসৱত আত্মপ্ৰকাশ কৰিয়েই যেন  'ছিক্সাৰ' কোবাই দিলে। 

কান চলচ্চিত্ৰ মহোৎসৱত অনুষ্কাই পৰিধান কৰা সাজ দেখি বহুতেই বিমোহিত হৈ পৰিছিল। ব্যতিক্ৰম নাছিল   বিৰাট কোহলীও। পত্নীৰ ৰূপত যেন বিৰাট কোহলী 'বোল্ড আউট' হৈ পৰে।  অনুষ্কা শৰ্মাই বগা অফ-শ্বল্ডাৰ গাউন পিন্ধি কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজকাঢ়িছিল। আলিয়া ভাট, পূজা হেগড়ে, বাণী কাপুৰৰ পৰা আৰম্ভ কৰি  প্ৰীতি জিণ্টালৈকে সকলোকে  অভিনেত্ৰীগৰাকীৰ নৱৰূপে  মন্ত্ৰ মুগ্ধ কৰি তোলা পৰিলক্ষিত হয়। 


 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by AnushkaSharma1588 (@anushkasharma)


উল্লেখ্য  অনুষ্কাই এটা প্ৰসাধন সামগ্ৰীৰ বিজ্ঞাপনৰ বাবে  কান চলচ্চিত্ৰ মহোৎসৱলৈ  গৈছিল। অনুষ্কা শৰ্মাই কানৰ ৰেড কাৰ্পেটৰ বাবে ৰিচাৰ্ড কুইন ফলৰ  পোছাক বাছনি কৰিছিল। অভিনেত্ৰীগৰাকীয়ে অনুষ্ঠানটোৰ শেষত ফটোশ্বুটো কৰিছিল। তেওঁ তেওঁৰ অনুৰাগীসকলৰ বাবে সেই ফটোবোৰ তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল।
 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by AnushkaSharma1588 (@anushkasharma)



 অনুষ্কা শৰ্মাই বগা গাউন আৰু কেতিয়াবা গুলপীয়া অফ-কান্ধৰ চেটিন টপ আৰু ক'লা বটম পিন্ধি সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছিল।একাংশ  অনুৰাগীয়ে সেই ৰূপত অনুষ্কাক  'স্বৰ্গৰ পৰা নামি অহা পৰী যেন লাগিছে' বুলি মন্তব্য কৰিছে। আনহাতে আন বহুতে তেওঁক 'বিৰাটৰ ৰাণী' বুলিও অভিহিত কৰিছে। উল্লেখ্য চাৰা আলী খান, মৃণাল ঠাকুৰ, মানুষী চিল্লাৰ , হালফিলৰ স্বপ্না চৌধুৰী আৰু উৰ্বশী ৰৌতেলায়ো এই বছৰৰ কান চলচ্চিত্ৰ মহোৎসৱত আত্মপ্ৰকাশ কৰিছিল।  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by AnushkaSharma1588 (@anushkasharma)



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু