--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্য কেৰেলা ষ্ট’ৰীক লৈ মুখ খুলিছে কমল হাছানে। এক আছুতীয়া সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে দ্য কেৰেলা ষ্ট’ৰীক প্ৰপাগাণ্ডামূলক ছবি আখ্যা দিয়ে।

কমল হাছানে সাক্ষাৎকাৰটোত কয়, “মই আপোনালোকক জনাইছোৱেই যে মই অপপ্ৰচাৰমূলক ছবিৰ বিৰোধী। তলত ল’গ’ হিচাপে ‘সঁচা কাহিনী’ লিখিলেই যথেষ্ট নহয়। এয়া সঁচাকৈয়ে সঁচা হ’ব লাগিব।”

অভিনেতাগৰাকীয়ে লগতে দ্য কেৰেলা ষ্ট’ৰীক স্পষ্টকৈ সঁচা ঘটনাৰ আলমত নিৰ্মিত নহয় বুলি মন্তব্য কৰে।

উল্লেখ্য যে যোৱা ৫ মে’ত চিনেমা হলত মুক্তি লাভ কৰে বলীউডৰ এই ছবিখনে। সুদীপ্ত সেনৰ পৰিচালনাত নিৰ্মিত এই ছবিখন মুক্তিৰ পূৰ্বেই সোমাই পৰিছিল বিতৰ্কত।

ছবিখনৰ দ্বাৰা মূলত: বাঁওপন্থী শাসিত ৰাজ্য কেৰেলাৰ বিপক্ষে অপপ্ৰচাৰ চলোৱা বুলি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। মুক্তিৰ পিছত আনকি ভাৰতৰ কিছুমান ৰাজ্যতো ছবিখন নিষিদ্ধ কৰা হৈছিল।

অৱশ্যে এই বিতৰ্কৰ মাজতো বক্স অফিচত কিছু পৰিমাণে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ছবিখনে। সমান্তৰালভাৱে বিজেপি শাসিত ৰাজ্যসমূহত ছবিখনে চৰকাৰী সমৰ্থন লাভ কৰাও দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে