--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া হোৱা এমাহ হোৱাই নাই, তাৰ মাজতে আৰম্ভ হ’ল সংঘাত! আপাততঃ তেনে ধাৰণাই এতিয়া গঢ়লৈ উঠিছে একাংশৰ মনত৷ একাংশক নেটিজেনক সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈয়েই হয়তো দেৱলীনাই স্বামী শ্বাহনাৱাজ শ্বেখৰ সৈতে সংঘাতৰ ইংগিত দিছে বুলিও বহুতে আলোচনা কৰিছে৷ দেৱলীনা ভট্টাচাৰ্যই জিম প্ৰশিক্ষক শ্বাহনাৱাজ শ্বেখৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছৰে পৰা সামাজিক মাধ্যমত সমালোচনাৰ চিকাৰ হৈ আহিছে।

 অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ সৈতে  এই মাহৰ আৰম্ভণিতে এগৰাকী অ-হিন্দু যুৱক শ্বাহনাৱাজ শ্বেখৰ বিয়া হৈছিল৷ এই বিয়াখনকলৈ ছচিয়েল মিডিয়াত সমালোচনাৰ জোৱাৰ উঠিছিল৷ মুম্বাইৰ ওচৰৰ এখন সৰু পাহাৰীয়া চহৰ লোনাভলাত গোপনে অনুষ্ঠিত হৈছিল দেৱলীনাৰ বিয়া । জিম প্ৰশিক্ষক শ্বেহনাৱাজ শ্বেখৰ সৈতে বিয়াত বহাৰ  পিছৰে পৰাই দেৱলীনা  প্ৰশ্নৰ সন্মুখীন হৈ আহিছে। হঠাতে দেৱলীনাই তেওঁৰ স্বামীৰ সৈতে   এটা ভিডিঅ' পোষ্ট কৰিছে৷ ভিডিঅ’টো এখন ধাৰাবাহিকৰ যদিও ভিডিঅ’টোত দেৱলীনা আৰু শ্বাহনাৱাজ শ্বেখৰ অহি-নকুলৰ সম্পৰ্ক দেখা গৈছে৷  

দেৱলীনাই সামাজিক মাধ্যমত যথেষ্ট সমালোচনা সহ্য কৰিছে , কিয়নো তেওঁৰ স্বামী এজন মুছলমান।নেটিজেনৰ এটা অংশই এই বুলিও  চৰ্চা কৰিছিল যে  যে দেৱলীনা গৰ্ভৱতী হৈছিল বাবেই ততাতৈয়াকৈ বিয়াত বহিল৷ দেৱলীনাক আলিয়া ভাটৰ সৈতেও  তুলনা কৰা হৈছিল।

কিন্তু অভিনেত্ৰীগৰাকীয়ে সকলো সমালোচনাৰ প্ৰত্যুত্তৰ  দিছিল। এইবাৰ দেৱলীনাই এটা নতুন ভিডিঅ' শ্বেয়াৰ কৰিছে, য'ত তেওঁ তেওঁৰ ধাৰাবাহিক 'সাথ নিভানা সাথিয়া'ৰ জনপ্ৰিয় সংলাপ "ৰণচাৰে মে কৌন থা"ৰ এটা ৰিল তৈয়াৰ কৰা হৈছে। দেৱলীনাক কোকিলাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে আৰু আনফালে হেতালৰ চৰিত্ৰত শ্বেহনাৱাজক দেখা গৈছে। দেৱলীনাই  স্বামীৰ সৈতে দিয়া    ভিডিঅ'টো চাই বহুতে এইবুলি অনুমান কৰিছে যে দেৱলীনা আৰু শ্বাহনাৱাজ শ্বেখৰ মাজত হয়তো সংঘাত হৈছে৷ 


শেহতীয়াকৈ দেৱলীনাই তেওঁৰ বন্ধু বিশাল সিঙৰ সৈতেও এটা ৰোমাণ্টিক ভিডিঅ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে৷ ভিডিঅ’টো বিশালৰ সৈতে দেৱলীনাই নিবিড় মুহূৰ্ত কটোৱা দেখা গৈছে৷ বহুতে মন্তব্য কৰা মতে এই ভিডিঅ’টোৰ বাবেই  দেৱলীনা আৰু শ্বাহনাৱাজ শ্বেখৰ মাজত সংঘাত হ’ব পাৰে৷ কিয়নো বিশালৰ সৈতেই দেৱলীনাৰ বিয়া হ’ব বুলি বহু দিনৰে পৰা কথা ওলাই আছিল৷ শ্বাহনাৱাজ শ্বেখৰ সৈতে দেৱলীনাৰ সম্পৰ্ক কেনে অৱস্থাত আছে সেয়া হয়তো দুই-এদিনতে স্পষ্ট হ’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু