--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ বিতৰ্কৰ মাজত সোমাই পৰিছে 'কাশ্মীৰ ফাইলছ'ৰ পৰিচালক বিবেক অগ্নিহোত্ৰী৷ এইবাৰ বিতৰ্কৰ বিষয় বিকিনি৷ হিন্দুত্ববাদী শিবিৰৰ নয়ণৰ মণি স্বৰূপ হৈ পৰা পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে কিছুদিন পূৰ্বে দীপিকা পাডুকনে পাঠান ছবিত গেৰুৱা বিকিনি পিন্ধি নৃত্য কৰাৰ বাবে দীপিকাক তীব্ৰ সমালোচনা কৰিছিল৷ দীপিকাই বিকিনি পিন্ধা বাবেই ইছ আছ কৰা পৰিচালক বিবেকক এইবাৰ তথ্য-প্ৰমাণসহ উভতি ধৰিছে নেটিজেনে৷ 

নেটিজেনে পৰিচালকগৰাকীক প্ৰত্যুত্তৰ দিবলৈ বাছি লৈছে  তেওঁৰ কন্যাক৷ পৰিচালকগৰাকীৰ কন্যায়ো বিকিনি পিন্ধি ফটোশ্বুট কৰিছিল৷ এতিয়া সেই কথাই নেটিজেনে তেওঁক মনত পেলাই দিছে৷ 
পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে শ্বাহৰুখ-দীপিকাৰ 'পাঠান'  চলচ্চিত্ৰৰ 'বেচৰম ৰং' গানটোৰ শালীনতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল। এনে সময়তে তেওঁৰ ছোৱালীয়ে বিকিনি পিন্ধা ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সেই ছবিখন শ্বেয়াৰ কৰি 'কাশ্মীৰ ফাইলছ'ৰ পৰিচালকগৰাকীক  ট্ৰ'ল কৰা হৈছে।

২৮ ডিচেম্বৰত বিবেক অগ্নিহোত্ৰীয়ে টুইটাৰত 'পাঠান' ছবিখনৰ 'বেচৰম ৰং' গানটোৰ এটা কোলাজ  শ্বেয়াৰ কৰিছিল। তেওঁ শিৰোনাম দিছিল, "এয়া   হৈছে বলীউডৰ বিৰুদ্ধে এটা ভিডিঅ'। যিসকল ধৰ্মনিৰপেক্ষ তেওঁলোকে  ইয়াক চোৱা নাই। " 



বিবেকে পোষ্ট কৰা ভিডিঅ'টোৱে 'পাঠান' বোলছবিখনৰ গানটোৰ শালীনতাকলৈ প্ৰশ্ন কৰা হৈছিল। ইয়াৰ উপৰি তেওঁ পৰিচালক আৰু প্ৰযোজকসকলক সকলোৱে চাব পৰা ছবি  সৃষ্টি কৰিবলৈ পৰামৰ্শ দিছিল।  বিবেকৰ টুইটত নেটিজেনসকলৰ এটা অংশৰ খং উঠিছে। পৰিচালকৰ কন্যাই   বিকিনি পিন্ধাৰ ফটো সেয়ে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ 

Vivek-Daughter-Tweet


ইফালে, তেওঁৰ দ্বাৰা পোষ্ট কৰা 'পাঠান' সম্পৰ্কীয় ভিডিঅ'টোৰ সৈতে বিবেকৰ পুৰণি সাক্ষাৎকাৰৰ এটা ভিডিঅ'ও ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। পুৰণি ভিডিঅ'টোত, বিবেকক 'ইৰোটিকা' বনোৱাৰ বিষয়ে কোৱা শুনা যায়। আৰু এই কথা উল্লেখ কৰি পৰিচালকজনক 'ভণ্ড' বুলি অভিহিত কৰিছে নেটিজেনে। টুইটটো শ্বেয়াৰ কৰি পৰিচালকজনে পুনৰ স্পষ্ট কৰি দিছে যে তেওঁ সময়ৰ সৈতে সলনি হৈছে। কিন্তু অপবাদকাৰীসকলে সেই কথা বুজি পোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক