--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ বিতৰ্কৰ মাজত সোমাই পৰিছে 'কাশ্মীৰ ফাইলছ'ৰ পৰিচালক বিবেক অগ্নিহোত্ৰী৷ এইবাৰ বিতৰ্কৰ বিষয় বিকিনি৷ হিন্দুত্ববাদী শিবিৰৰ নয়ণৰ মণি স্বৰূপ হৈ পৰা পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে কিছুদিন পূৰ্বে দীপিকা পাডুকনে পাঠান ছবিত গেৰুৱা বিকিনি পিন্ধি নৃত্য কৰাৰ বাবে দীপিকাক তীব্ৰ সমালোচনা কৰিছিল৷ দীপিকাই বিকিনি পিন্ধা বাবেই ইছ আছ কৰা পৰিচালক বিবেকক এইবাৰ তথ্য-প্ৰমাণসহ উভতি ধৰিছে নেটিজেনে৷ 

নেটিজেনে পৰিচালকগৰাকীক প্ৰত্যুত্তৰ দিবলৈ বাছি লৈছে  তেওঁৰ কন্যাক৷ পৰিচালকগৰাকীৰ কন্যায়ো বিকিনি পিন্ধি ফটোশ্বুট কৰিছিল৷ এতিয়া সেই কথাই নেটিজেনে তেওঁক মনত পেলাই দিছে৷ 
পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে শ্বাহৰুখ-দীপিকাৰ 'পাঠান'  চলচ্চিত্ৰৰ 'বেচৰম ৰং' গানটোৰ শালীনতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল। এনে সময়তে তেওঁৰ ছোৱালীয়ে বিকিনি পিন্ধা ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সেই ছবিখন শ্বেয়াৰ কৰি 'কাশ্মীৰ ফাইলছ'ৰ পৰিচালকগৰাকীক  ট্ৰ'ল কৰা হৈছে।

২৮ ডিচেম্বৰত বিবেক অগ্নিহোত্ৰীয়ে টুইটাৰত 'পাঠান' ছবিখনৰ 'বেচৰম ৰং' গানটোৰ এটা কোলাজ  শ্বেয়াৰ কৰিছিল। তেওঁ শিৰোনাম দিছিল, "এয়া   হৈছে বলীউডৰ বিৰুদ্ধে এটা ভিডিঅ'। যিসকল ধৰ্মনিৰপেক্ষ তেওঁলোকে  ইয়াক চোৱা নাই। " 



বিবেকে পোষ্ট কৰা ভিডিঅ'টোৱে 'পাঠান' বোলছবিখনৰ গানটোৰ শালীনতাকলৈ প্ৰশ্ন কৰা হৈছিল। ইয়াৰ উপৰি তেওঁ পৰিচালক আৰু প্ৰযোজকসকলক সকলোৱে চাব পৰা ছবি  সৃষ্টি কৰিবলৈ পৰামৰ্শ দিছিল।  বিবেকৰ টুইটত নেটিজেনসকলৰ এটা অংশৰ খং উঠিছে। পৰিচালকৰ কন্যাই   বিকিনি পিন্ধাৰ ফটো সেয়ে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ 

Vivek-Daughter-Tweet


ইফালে, তেওঁৰ দ্বাৰা পোষ্ট কৰা 'পাঠান' সম্পৰ্কীয় ভিডিঅ'টোৰ সৈতে বিবেকৰ পুৰণি সাক্ষাৎকাৰৰ এটা ভিডিঅ'ও ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। পুৰণি ভিডিঅ'টোত, বিবেকক 'ইৰোটিকা' বনোৱাৰ বিষয়ে কোৱা শুনা যায়। আৰু এই কথা উল্লেখ কৰি পৰিচালকজনক 'ভণ্ড' বুলি অভিহিত কৰিছে নেটিজেনে। টুইটটো শ্বেয়াৰ কৰি পৰিচালকজনে পুনৰ স্পষ্ট কৰি দিছে যে তেওঁ সময়ৰ সৈতে সলনি হৈছে। কিন্তু অপবাদকাৰীসকলে সেই কথা বুজি পোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু