--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পৰা পোহৰলৈ আহিছে এটা চাঞ্চল্যকৰ গোচৰ। মহানগৰীৰ এটমদপুৰ আৰক্ষী থানা এলেকাৰ অন্তৰ্গত এখন চহৰত বিবাহ অনুষ্ঠানৰ সময়ত ৰসগোল্লাক লৈ হোৱা কাজিয়াত এজন লোকৰ মৃত্যু হয় আৰু আন এজন আহত হয়।

আজি আৰক্ষীয়ে জনোৱা মতে, কালি গভীৰ নিশা আগ্ৰাৰ এটমদপুৰ চহৰৰ বিনায়ক ভৱনত খণ্ডাউলী ব্যৱসায়ী ৱাকাৰৰ পুত্ৰ জাভেদ আৰু ৰছিদৰ বিবাহ সংঘটিত হৈছিল। তেওঁ ক’লে যে বিয়াৰ আগৰ ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত ৰসগোল্লাক লৈ অতিথিসকলৰ মাজত কিছু বিবাদ হৈছিল আৰু লাহে লাহে বিষয়টো ইমানেই বেয়া হৈ পৰিছিল যে কোনোবাই ছুৰী উলিয়াই ৰাইজক আক্ৰমণ কৰিবলৈ ধৰিলে।

জানিব পৰা মতে বৰযাত্ৰী আদৰি  ভিতৰলৈ যোৱাৰ সময়ত তাত ৰসগোল্লা দিয়া হৈছিল। দৰা ঘৰৰ এজন যেতিয়া এটাতকৈ অধিক ৰসগোল্লা বিচাৰিলে, তেতিয়া কাউণ্টাৰত থিয় হৈ থকা যুৱকজনে নাকচ কৰিলে। ইয়াৰ পাছত দুয়োৰে মাজত কাজিয়া আৰম্ভ হ’ল আৰু বিবাদ ইমানেই বাঢ়ি গ’ল যে ৰসগুল্লাৰ বাবে চোকা ছুৰীৰে আঘাত কৰা হ'ল। আৰু এনেকৈয়ে তীব্ৰ কাজিয়াৰ পাছতে চকী দলিয়াই হত্যা কৰা হ’ল এজনক।

আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত বৰযাত্ৰীত অহা ২০ খালীলৰ চিকিৎসাৰ সময়ত মৃত্যু হোৱাৰ বিপৰীতে শ্বাহৰুখ আহত হয়।

আনহাতে আগ্ৰাৰ আৰক্ষী অধীক্ষক, গ্ৰাম্য সত্যজিৎ গুপ্তাই জনোৱা মতে, এই বিবাদত দুজন লোক আহত হৈছে আৰু ৰসগোল্লাৰ কাৰণেই ছুৰীৰে আঘাত কৰা ফলত দুয়োৰে অৱস্থা শোচনীয় হৈ পৰে ।  ইয়াৰে এজন লোকৰ চিকিৎসাৰ সময়ত মৃত্যু হৈছিল। তেওঁ কয় যে ক্ষুব্ধ পক্ষৰ অভিযোগৰ ভিত্তিত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইয়াত ফৰেনছিক দলৰ সহায়ও লোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু