--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পৰা পোহৰলৈ আহিছে এটা চাঞ্চল্যকৰ গোচৰ। মহানগৰীৰ এটমদপুৰ আৰক্ষী থানা এলেকাৰ অন্তৰ্গত এখন চহৰত বিবাহ অনুষ্ঠানৰ সময়ত ৰসগোল্লাক লৈ হোৱা কাজিয়াত এজন লোকৰ মৃত্যু হয় আৰু আন এজন আহত হয়।

আজি আৰক্ষীয়ে জনোৱা মতে, কালি গভীৰ নিশা আগ্ৰাৰ এটমদপুৰ চহৰৰ বিনায়ক ভৱনত খণ্ডাউলী ব্যৱসায়ী ৱাকাৰৰ পুত্ৰ জাভেদ আৰু ৰছিদৰ বিবাহ সংঘটিত হৈছিল। তেওঁ ক’লে যে বিয়াৰ আগৰ ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত ৰসগোল্লাক লৈ অতিথিসকলৰ মাজত কিছু বিবাদ হৈছিল আৰু লাহে লাহে বিষয়টো ইমানেই বেয়া হৈ পৰিছিল যে কোনোবাই ছুৰী উলিয়াই ৰাইজক আক্ৰমণ কৰিবলৈ ধৰিলে।

জানিব পৰা মতে বৰযাত্ৰী আদৰি  ভিতৰলৈ যোৱাৰ সময়ত তাত ৰসগোল্লা দিয়া হৈছিল। দৰা ঘৰৰ এজন যেতিয়া এটাতকৈ অধিক ৰসগোল্লা বিচাৰিলে, তেতিয়া কাউণ্টাৰত থিয় হৈ থকা যুৱকজনে নাকচ কৰিলে। ইয়াৰ পাছত দুয়োৰে মাজত কাজিয়া আৰম্ভ হ’ল আৰু বিবাদ ইমানেই বাঢ়ি গ’ল যে ৰসগুল্লাৰ বাবে চোকা ছুৰীৰে আঘাত কৰা হ'ল। আৰু এনেকৈয়ে তীব্ৰ কাজিয়াৰ পাছতে চকী দলিয়াই হত্যা কৰা হ’ল এজনক।

আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত বৰযাত্ৰীত অহা ২০ খালীলৰ চিকিৎসাৰ সময়ত মৃত্যু হোৱাৰ বিপৰীতে শ্বাহৰুখ আহত হয়।

আনহাতে আগ্ৰাৰ আৰক্ষী অধীক্ষক, গ্ৰাম্য সত্যজিৎ গুপ্তাই জনোৱা মতে, এই বিবাদত দুজন লোক আহত হৈছে আৰু ৰসগোল্লাৰ কাৰণেই ছুৰীৰে আঘাত কৰা ফলত দুয়োৰে অৱস্থা শোচনীয় হৈ পৰে ।  ইয়াৰে এজন লোকৰ চিকিৎসাৰ সময়ত মৃত্যু হৈছিল। তেওঁ কয় যে ক্ষুব্ধ পক্ষৰ অভিযোগৰ ভিত্তিত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইয়াত ফৰেনছিক দলৰ সহায়ও লোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক