--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বজাৰত এতিয়া আম ওলাইছে। অৱশ্যে অসমত এতিয়াও আম ভালদৰে পকা নাই। গ্ৰীষ্ম মানেই পকা আমৰ মজা। কিন্তু ব্যৱসায়ীসকলৰ মাজৰে বহুতে অধিক মাত্ৰাত পকা আম বজাৰত মেলি দিবলৈ কেঁচা আম তৎক্ষণাত পকাবলৈ নানান অসৎ উপায় অৱলম্বন কৰে। ফলত আম হৈ পৰে বিষাক্ত। আম পকাবলৈ সাধাৰণতে বিষাক্ত কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰা হয়। আম পকাবলৈ  কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰই।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে অৱগত কৰিছে যে কেলচিয়াম কাৰ্বাইড গেছৰ সহায়ত আম পকোৱাটো নিষিদ্ধ।  ২০১১ চনতে  আম পকাবলৈ এই গেছ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। বিভাগটোৱে প্ৰকাশ কৰা অধিসূচনাত আম ব্যৱসায়ৰ সৈতে জড়িত সকলোকে সেয়ে এই বিষয়ত সকীয়াই দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য নিয়ন্ত্ৰক সংস্থাসমূহক এই সন্দৰ্ভত সজাগ হ’বলৈ কোৱা হৈছে। তদুপৰি এনে অবৈধ কাম-কাজৰ লগত জড়িত থকাসকলৰ বিৰুদ্ধে  কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও কোৱা হৈছে।

আম পকাবলৈ ব্যৱহাৰ কৰা কেলচিয়াম কাৰ্বাইড  কি? কিয় নিষিদ্ধ কৰা হৈছে ইয়াক? আচলতে কেলচিয়াম কাৰ্বাইডৰ পৰা এচিটাইলিন গেছ নিৰ্গত হয়। য’ত শৰীৰৰ বাবে অতি মাৰাত্মক আৰ্ছেনিক আৰু ফছফৰাছ থাকে।  ফলত তেনে পদাৰ্থৰে আম পকালে আম  লগত সেই বিষাক্ত পদাৰ্থও আমাৰ পেটলৈ যায়।  ফলত শৰীৰৰ কঁপনি, অস্বস্তি অনুভৱ কৰা, দুৰ্বলতা, বস্তু গিলাত  সমস্যা, বমি হোৱাৰ পৰা আৰম্ভ কৰি ছালৰ ঘাঁ আদি গুৰুতৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ বিকল্প কি? এফ এছ এছ এ আইয়ে কয় যে আম বা অন্যান্য ফল পকাবলৈ প্ৰয়োজনত  ইথিলিন বাহিৰৰ পৰা প্ৰয়োগ কৰিব পাৰি।

 ই কিছু পৰিমাণে ‘নিৰাপদ’। ই প্ৰাকৃতিকভাৱে ফলৰ ভিতৰত হৰম’ন উৎপন্ন কৰিব পাৰে। ইথিলিন ব্যৱহাৰ কৰিলে বিপদৰ আশংকা  কম হয়। অৱশ্যে ইয়াক অতি প্ৰয়োজনত  পৰিমিতভাৱে ব্যৱহাৰ কৰিবলৈও কোৱা হৈছে।  ইপিনে বজাৰত বিয়পি থকা আমবোৰত কেলচিয়াম কাৰ্বাইডৰ  আছে নে নাই সেয়া  জানিবলৈ সাধাৰণতে কোনো উপায় নাথাকে। গতিকে অসাধু ব্যৱসায়ীৰ পৰা সাৱধান হোৱাৰ বিকল্প নাই।  বিশেষজ্ঞসকলে পকা আম কিনি খোৱাৰ আগতে ভালদৰে ধুই লোৱাৰ পৰামৰ্শ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ