--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বজাৰত এতিয়া আম ওলাইছে। অৱশ্যে অসমত এতিয়াও আম ভালদৰে পকা নাই। গ্ৰীষ্ম মানেই পকা আমৰ মজা। কিন্তু ব্যৱসায়ীসকলৰ মাজৰে বহুতে অধিক মাত্ৰাত পকা আম বজাৰত মেলি দিবলৈ কেঁচা আম তৎক্ষণাত পকাবলৈ নানান অসৎ উপায় অৱলম্বন কৰে। ফলত আম হৈ পৰে বিষাক্ত। আম পকাবলৈ সাধাৰণতে বিষাক্ত কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰা হয়। আম পকাবলৈ  কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰই।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে অৱগত কৰিছে যে কেলচিয়াম কাৰ্বাইড গেছৰ সহায়ত আম পকোৱাটো নিষিদ্ধ।  ২০১১ চনতে  আম পকাবলৈ এই গেছ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। বিভাগটোৱে প্ৰকাশ কৰা অধিসূচনাত আম ব্যৱসায়ৰ সৈতে জড়িত সকলোকে সেয়ে এই বিষয়ত সকীয়াই দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য নিয়ন্ত্ৰক সংস্থাসমূহক এই সন্দৰ্ভত সজাগ হ’বলৈ কোৱা হৈছে। তদুপৰি এনে অবৈধ কাম-কাজৰ লগত জড়িত থকাসকলৰ বিৰুদ্ধে  কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও কোৱা হৈছে।

আম পকাবলৈ ব্যৱহাৰ কৰা কেলচিয়াম কাৰ্বাইড  কি? কিয় নিষিদ্ধ কৰা হৈছে ইয়াক? আচলতে কেলচিয়াম কাৰ্বাইডৰ পৰা এচিটাইলিন গেছ নিৰ্গত হয়। য’ত শৰীৰৰ বাবে অতি মাৰাত্মক আৰ্ছেনিক আৰু ফছফৰাছ থাকে।  ফলত তেনে পদাৰ্থৰে আম পকালে আম  লগত সেই বিষাক্ত পদাৰ্থও আমাৰ পেটলৈ যায়।  ফলত শৰীৰৰ কঁপনি, অস্বস্তি অনুভৱ কৰা, দুৰ্বলতা, বস্তু গিলাত  সমস্যা, বমি হোৱাৰ পৰা আৰম্ভ কৰি ছালৰ ঘাঁ আদি গুৰুতৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ বিকল্প কি? এফ এছ এছ এ আইয়ে কয় যে আম বা অন্যান্য ফল পকাবলৈ প্ৰয়োজনত  ইথিলিন বাহিৰৰ পৰা প্ৰয়োগ কৰিব পাৰি।

 ই কিছু পৰিমাণে ‘নিৰাপদ’। ই প্ৰাকৃতিকভাৱে ফলৰ ভিতৰত হৰম’ন উৎপন্ন কৰিব পাৰে। ইথিলিন ব্যৱহাৰ কৰিলে বিপদৰ আশংকা  কম হয়। অৱশ্যে ইয়াক অতি প্ৰয়োজনত  পৰিমিতভাৱে ব্যৱহাৰ কৰিবলৈও কোৱা হৈছে।  ইপিনে বজাৰত বিয়পি থকা আমবোৰত কেলচিয়াম কাৰ্বাইডৰ  আছে নে নাই সেয়া  জানিবলৈ সাধাৰণতে কোনো উপায় নাথাকে। গতিকে অসাধু ব্যৱসায়ীৰ পৰা সাৱধান হোৱাৰ বিকল্প নাই।  বিশেষজ্ঞসকলে পকা আম কিনি খোৱাৰ আগতে ভালদৰে ধুই লোৱাৰ পৰামৰ্শ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি