--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দেশত এতিয়া কৰ্কট ৰোগে এক জটিল স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিছে। ভাৰতত অধিক সংখ্যক  যুৱক-যুৱতী এতিয়া কৰ্কট ৰোগত আক্ৰান্ত  হোৱাৰ তথ্য পোহৰলৈ আহিছে। এক নতুন অধ্যয়নত দেখা গৈছে যে দেশত ২০ শতাংশ কেন্সাৰ ৰোগী ৪০ বছৰৰ তলৰ পুৰুষ-মহিলাৰ ভিতৰৰে লোক।  দিল্লীৰ কৰ্কট  মুক্ত ভাৰত ফাউণ্ডেশ্যনৰ অধ্যয়নত দেখা গৈছে যে ৪০ বছৰৰ তলৰ পুৰুষ আৰু মহিলৰ মাজৰে ২০% আক্ৰান্ত হয় কৰ্কট ৰোগত। এনে কৰ্কট ৰোগৰ ভিতৰত  মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগেই (২৬ শতাংশ) আটাইতকৈ বেছি, তাৰ পিছত গেষ্ট্ৰাইটিছ কেন্সাৰ (১৬ শতাংশ) যেনে কলন, পেট, যকৃত আদিৰ কৰ্কট ৰোগ । স্তন কেন্সাৰ ১৫ শতাংশ, আৰু তেজৰ কেন্সাৰ ৯ শতাংশ।

ভাৰতত কৰ্কট মুক্ত ভাৰত অভিযানৰ নেতৃত্ব দিয়া  জ্যেষ্ঠ অংক’লজিষ্ট আশীষ গুপ্তাই যুৱ প্ৰাপ্তবয়স্কৰ মাজত কৰ্কট ৰোগ বৃদ্ধিৰ বাবে বিশৃংখল  জীৱনশৈলীকেই জগৰীয়া কৰিছে। আশীষ গুপ্তাই কয় যে আমাৰ দেশত মেদবহুলতাৰ হাৰ বৃদ্ধি পোৱা, খাদ্যাভ্যাসৰ পৰিৱৰ্তন, বিশেষকৈ  প্ৰচেছড খাদ্যৰ ব্যৱহাৰ বৃদ্ধি আৰু শাৰীৰিক শ্ৰম নকৰি  বহি থকাৰ জীৱনশৈলীও কৰ্কট ৰোগৰ  হাৰ বৃদ্ধিৰ সৈতে জড়িত। তেওঁ লগতে কয় যে আমি সুস্থ জীৱনশৈলী গ্ৰহণ কৰিব লাগিব আৰু ধঁপাত তথা  মদৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব,  যাতে নৱ প্ৰজন্মৰ কৰ্কট ৰোগৰ আশংকা ৰোধ কৰিব পৰা যায়।

অধ্যয়নটোত এয়া দেখা গৈছে যে ভাৰতত ধৰা পৰা ৰোগীৰ ২৭ শতাংশ কেন্সাৰ ১ আৰু ২ ষ্টেজত থকাৰ  বিপৰীতে ৬৩ শতাংশ ষ্টেজ ৩ বা ৪ ত থাকে। আশীষ গুপ্তাই  কয় যে প্ৰায় দুই তৃতীয়াংশ লোকৰ কৰ্কট ৰোগ  পলমকৈ ধৰা পৰে, সম্ভৱতঃ সঠিক সময়ত সঠিক পৰীক্ষা নকৰাৰ বাবে এনে হয়। 

সমগ্ৰ ভাৰতৰ ১৩৬৮ গৰাকী কৰ্কট ৰোগীকলৈ  এই অধ্যয়ন কৰা হৈছিল ।  ১ মাৰ্চৰ পৰা ১৫ মে’ৰ ভিতৰত ফাউণ্ডেশ্যনৰ কেন্সাৰ হেল্পলাইন নম্বৰত ফোন কৰাসকলৰ ক্ষেত্ৰত এই অধ্যয়ন চলোৱা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ