--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দেশত এতিয়া কৰ্কট ৰোগে এক জটিল স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিছে। ভাৰতত অধিক সংখ্যক  যুৱক-যুৱতী এতিয়া কৰ্কট ৰোগত আক্ৰান্ত  হোৱাৰ তথ্য পোহৰলৈ আহিছে। এক নতুন অধ্যয়নত দেখা গৈছে যে দেশত ২০ শতাংশ কেন্সাৰ ৰোগী ৪০ বছৰৰ তলৰ পুৰুষ-মহিলাৰ ভিতৰৰে লোক।  দিল্লীৰ কৰ্কট  মুক্ত ভাৰত ফাউণ্ডেশ্যনৰ অধ্যয়নত দেখা গৈছে যে ৪০ বছৰৰ তলৰ পুৰুষ আৰু মহিলৰ মাজৰে ২০% আক্ৰান্ত হয় কৰ্কট ৰোগত। এনে কৰ্কট ৰোগৰ ভিতৰত  মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগেই (২৬ শতাংশ) আটাইতকৈ বেছি, তাৰ পিছত গেষ্ট্ৰাইটিছ কেন্সাৰ (১৬ শতাংশ) যেনে কলন, পেট, যকৃত আদিৰ কৰ্কট ৰোগ । স্তন কেন্সাৰ ১৫ শতাংশ, আৰু তেজৰ কেন্সাৰ ৯ শতাংশ।

ভাৰতত কৰ্কট মুক্ত ভাৰত অভিযানৰ নেতৃত্ব দিয়া  জ্যেষ্ঠ অংক’লজিষ্ট আশীষ গুপ্তাই যুৱ প্ৰাপ্তবয়স্কৰ মাজত কৰ্কট ৰোগ বৃদ্ধিৰ বাবে বিশৃংখল  জীৱনশৈলীকেই জগৰীয়া কৰিছে। আশীষ গুপ্তাই কয় যে আমাৰ দেশত মেদবহুলতাৰ হাৰ বৃদ্ধি পোৱা, খাদ্যাভ্যাসৰ পৰিৱৰ্তন, বিশেষকৈ  প্ৰচেছড খাদ্যৰ ব্যৱহাৰ বৃদ্ধি আৰু শাৰীৰিক শ্ৰম নকৰি  বহি থকাৰ জীৱনশৈলীও কৰ্কট ৰোগৰ  হাৰ বৃদ্ধিৰ সৈতে জড়িত। তেওঁ লগতে কয় যে আমি সুস্থ জীৱনশৈলী গ্ৰহণ কৰিব লাগিব আৰু ধঁপাত তথা  মদৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব,  যাতে নৱ প্ৰজন্মৰ কৰ্কট ৰোগৰ আশংকা ৰোধ কৰিব পৰা যায়।

অধ্যয়নটোত এয়া দেখা গৈছে যে ভাৰতত ধৰা পৰা ৰোগীৰ ২৭ শতাংশ কেন্সাৰ ১ আৰু ২ ষ্টেজত থকাৰ  বিপৰীতে ৬৩ শতাংশ ষ্টেজ ৩ বা ৪ ত থাকে। আশীষ গুপ্তাই  কয় যে প্ৰায় দুই তৃতীয়াংশ লোকৰ কৰ্কট ৰোগ  পলমকৈ ধৰা পৰে, সম্ভৱতঃ সঠিক সময়ত সঠিক পৰীক্ষা নকৰাৰ বাবে এনে হয়। 

সমগ্ৰ ভাৰতৰ ১৩৬৮ গৰাকী কৰ্কট ৰোগীকলৈ  এই অধ্যয়ন কৰা হৈছিল ।  ১ মাৰ্চৰ পৰা ১৫ মে’ৰ ভিতৰত ফাউণ্ডেশ্যনৰ কেন্সাৰ হেল্পলাইন নম্বৰত ফোন কৰাসকলৰ ক্ষেত্ৰত এই অধ্যয়ন চলোৱা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি