--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বজৰংগ বিতৰ্কই নতুন পাক লৈছে কৰ্ণাটকৰ ৰাজনীতিত৷ নিৰ্বাচনৰ মাথোঁ কিছুদিন পূৰ্বে কংগ্ৰেছে বজৰংগ দলক নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতেই বিজেপিয়ে বিষয়টোক লৈ আৰম্ভ কৰি দিছে ৰাজনীতিৰ গণিত৷ 

কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেই আজি কৰ্ণাটকৰ বাবে দলৰ ইস্তাহাৰত বজৰংগ দলৰ ওপৰত প্ৰস্তাৱিত নিষেধাজ্ঞাক লৈ হোৱা বিতৰ্ক সম্পৰ্কে কথা ক'বলৈ অস্বীকাৰ কৰিছে। তেওঁ কয়, ড° পৰমেশ্বৰে ইতিমধ্যে স্পষ্ট কৰি দিছে। তেওঁ খচৰা সমিতিৰ অধ্যক্ষ আছিল। পৰমেশ্বৰে ইতিমধ্যে কালি উত্তৰ দিছে, মই উত্তৰ দিব নিবিচাৰোঁ৷  তেওঁ লগতে কয়, এবাৰ মোৰ দলৰ মানুহে উত্তৰ দিয়াৰ পাছত, মই মোৰ ব্যক্তিগত মতামত দিব নিবিচাৰো।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইয়ে বজৰংগ দলৰ নেতাসকলে কংগ্ৰেছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব বুলি কৰা মন্তব্যৰ বিষয়ে সোধাত তেওঁ কয়, আমি বোম্মাইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য নহয়৷ আমাৰ লোকসকল ৰাজ্যিক পৰ্যায়ত আছে, তেওঁলোকে উত্তৰ দিব।

কৰ্ণাটকৰ ১০ মে'ৰ বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ ইস্তাহাৰ মুকলি কৰাৰ সময়ত কংগ্ৰেছে কৈছিল যে জাতি আৰু ধৰ্মৰ ওপৰত সম্প্ৰদায়সমূহৰ মাজত "ঘৃণা বিয়পোৱা"ৰ বাবে বজৰংগ দল আৰু পপুলাৰ ফ্ৰণ্ট অব্ ইণ্ডিয়াৰ (পিএফআই) দৰে ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে দৃঢ় আৰু নিৰ্ণায়ক ব্যৱস্থা ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ।

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক আক্ৰমণ কৰি দলৰ নিষেধাজ্ঞাৰ প্ৰতিশ্ৰুতিক ভগৱান হনুমানৰ ভক্তসকলক বন্দী কৰি ৰখাৰ প্ৰয়াস বুলি অভিহিত কৰে। তেওঁ কয়, কংগ্ৰেছে আগতে ভগৱান ৰামক বন্দী কৰি ৰাখিছিল আৰু এতিয়া ই 'জয় বজৰংগবলী' শ্লোগান দিয়াসকলক বন্দী কৰি ৰাখিব বিচাৰিছে৷ 

ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই কয়, প্ৰধানমন্ত্ৰীৰ এনে মন্তব্য লজ্জাজনক। প্ৰধানমন্ত্ৰীয়ে ভগৱান হনুমানৰ ওপৰত আমাৰ বিশ্বাসক অপমান কৰিছে। তেওঁ দেশৰ ওচৰত ক্ষমা বিচাৰিব লাগে কিয়নো তেওঁ আমাৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিছে। কোনেও প্ৰধানমন্ত্ৰীক বজৰংগবলীক অপমান কৰাৰ অধিকাৰ দিয়া নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু