--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ তথা বিধায়ক প্ৰিয়াংক খৰ্গেক বুধবাৰে (৩ মে’) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানজনক শব্দ ব্যৱহাৰ কৰাৰ বাবে নিৰ্বাচন আয়োগে কাৰণ দেখুৱাই জাননী প্ৰদান কৰে। আয়োগে কয় যে এনে বক্তব্যই নিৰ্বাচনী আচৰণ বিধিৰ বিধান উলংঘা কৰে৷

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ প্ৰিয়াংক খৰ্গে তেওঁৰ এখন নিৰ্বাচনী সভাত পি এম মোদীৰ বাবে ‘নিষ্কৰ্মা’ শব্দটো ব্যৱহাৰ কৰিছিল। কৰ্ণাটকৰ চিত্তপুৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক প্ৰিয়াংক। এইবাৰো তেওঁ একেখন আসনৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে।

নিৰ্বাচন আয়োগে ছোনিয়া গান্ধীৰ বাবে আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ বাবে বিজেপিৰ বিধায়ক বাসনাগুদা আৰ পাটিল (যাতনাল)কো কাৰণ দেখুৱাই জাননী দিছে। বাছানাগৌড়া বিজেপিৰ তাৰকা প্ৰচাৰক। শেহতীয়াকৈ কৰ্ণাটকত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে প্ৰধানমন্ত্ৰী মোদীৰ বাবে ‘বিষাক্ত সাপ’ শব্দটো ব্যৱহাৰ কৰাৰ পিছত বাসনাগৌড়াই ছোনিয়া গান্ধীৰ বাবে ‘বিষকন্যা’ শব্দটো ব্যৱহাৰ কৰি বকাবকি কৰা বুলি অভিযোগ উঠিছে।চীন আৰু পাকিস্তানৰ এজেণ্ট বুলিও কোৱা হৈছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ প্ৰিয়াংক খৰ্গেৰ বক্তব্যক লৈ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে যে তেওঁৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰিব নালাগে? বৃহস্পতিবাৰে (৪ মে’) সন্ধিয়া ৫ বজাৰ ভিতৰত নিৰ্বাচন আয়োগক উত্তৰ দিবলৈ কোৱা হৈছে প্ৰিয়াংক খৰ্গেক। নিৰ্বাচন আয়োগত প্ৰিয়াংকৰ বিৰুদ্ধে অভিযোগ দিছিল বিজেপিয়ে। একে সময়তে বৃহস্পতিবাৰে (৪ মে’) সন্ধিয়া ৫ বজাৰ ভিতৰত বাছানাগৌড়াকো উত্তৰ দিবলৈ কোৱা হৈছে। কংগ্ৰেছে বাছানাগৌড়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু