--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ তথা বিধায়ক প্ৰিয়াংক খৰ্গেক বুধবাৰে (৩ মে’) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানজনক শব্দ ব্যৱহাৰ কৰাৰ বাবে নিৰ্বাচন আয়োগে কাৰণ দেখুৱাই জাননী প্ৰদান কৰে। আয়োগে কয় যে এনে বক্তব্যই নিৰ্বাচনী আচৰণ বিধিৰ বিধান উলংঘা কৰে৷

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ প্ৰিয়াংক খৰ্গে তেওঁৰ এখন নিৰ্বাচনী সভাত পি এম মোদীৰ বাবে ‘নিষ্কৰ্মা’ শব্দটো ব্যৱহাৰ কৰিছিল। কৰ্ণাটকৰ চিত্তপুৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক প্ৰিয়াংক। এইবাৰো তেওঁ একেখন আসনৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে।

নিৰ্বাচন আয়োগে ছোনিয়া গান্ধীৰ বাবে আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ বাবে বিজেপিৰ বিধায়ক বাসনাগুদা আৰ পাটিল (যাতনাল)কো কাৰণ দেখুৱাই জাননী দিছে। বাছানাগৌড়া বিজেপিৰ তাৰকা প্ৰচাৰক। শেহতীয়াকৈ কৰ্ণাটকত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে প্ৰধানমন্ত্ৰী মোদীৰ বাবে ‘বিষাক্ত সাপ’ শব্দটো ব্যৱহাৰ কৰাৰ পিছত বাসনাগৌড়াই ছোনিয়া গান্ধীৰ বাবে ‘বিষকন্যা’ শব্দটো ব্যৱহাৰ কৰি বকাবকি কৰা বুলি অভিযোগ উঠিছে।চীন আৰু পাকিস্তানৰ এজেণ্ট বুলিও কোৱা হৈছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ প্ৰিয়াংক খৰ্গেৰ বক্তব্যক লৈ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে যে তেওঁৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰিব নালাগে? বৃহস্পতিবাৰে (৪ মে’) সন্ধিয়া ৫ বজাৰ ভিতৰত নিৰ্বাচন আয়োগক উত্তৰ দিবলৈ কোৱা হৈছে প্ৰিয়াংক খৰ্গেক। নিৰ্বাচন আয়োগত প্ৰিয়াংকৰ বিৰুদ্ধে অভিযোগ দিছিল বিজেপিয়ে। একে সময়তে বৃহস্পতিবাৰে (৪ মে’) সন্ধিয়া ৫ বজাৰ ভিতৰত বাছানাগৌড়াকো উত্তৰ দিবলৈ কোৱা হৈছে। কংগ্ৰেছে বাছানাগৌড়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে