--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে এটা স্মাৰ্টফোন কিনিবৰ বাবে নিজৰ তেজ বিক্ৰী কৰাৰ চেষ্টা কৰিছিল। ছোৱালীজনীয়ে দেওবাৰে অনলাইন শ্বপিং এপৰ ​​জৰিয়তে স্মাৰ্টফোনটো অৰ্ডাৰ কৰিছিল। ইয়াৰ দাম আছিল প্ৰায় ৯ হাজাৰ টকা আৰু বৃহস্পতিবাৰে স্মাৰ্টফোনটো ডেলিভাৰী হোৱাৰ কথা আছিল। ফোনটো ক্ৰয় কৰাৰ বাবে প্ৰয়োজনীয় টকাখিনিৰ ব্যৱস্থা কৰাত অসুবিধা হোৱাত তেওঁ নিজৰ তেজ বিক্ৰী কৰাৰ সিদ্ধান্ত লয়। তেজ বিকি ধন ঘটিবৰ বাবে ছোৱালীজনী বালুৰঘাটৰ জিলা চিকিৎসালয়লৈ যোৱাৰ সিদ্ধান্ত লয়।

ঘৰত ছোৱালীজনীয়ে টিউচনলৈ যাম বুলি কৈ ঘৰৰ পৰা ওলাই আহে। বাছ ষ্টেণ্ডত চাইকেলখন এৰি বাছত উঠি তেওঁ হাস্পতাল পালেগৈ। বালুৰঘাট জিলা চিকিৎসালয়ৰ ব্লাড বেংকৰ কৰ্মচাৰী কনক কুমাৰ দাসে এই সন্দৰ্ভত জনায় যে "প্ৰথম অৱস্থাত তাই আমাক কৈছিল যে তাই নিজৰ তেজ বিক্ৰী কৰিব বিচাৰে যাতে তাই ভায়েকৰ চিকিৎসাৰ খৰচ দিব পাৰে। কিন্তু পিছত অলপ কাউন্সেলিং কৰাৰ পাছত তাই আমাক কৈছিল যে তাই এটা স্মাৰ্টফোন কিনিবলৈ টকা বিচাৰে যিটো তাই ইতিমধ্যে নিজৰ আত্মীয়ৰ স্মাৰ্টফোনত অনলাইনত অৰ্ডাৰ দিছে। ফোনটো আহি পোৱাৰ সময় হৈছে, অথচ তাইৰ হাতত টকা নাই, সেয়ে তাই তেজ বিক্ৰী কৰাৰ কথা ভাবে। 

জিলা শিশু কল্যাণ সমিতিৰ সহযোগত কিশোৰীগৰাকীক পিতৃ-মাতৃক চমজাই দিয়া হয়। কিশোৰীগৰাকীৰ পিতৃয়ে স্থানীয় বজাৰত শাক-পাচলি বিক্ৰী কৰে আৰু মাতৃ এগৰাকী গৃহিণী। এই ঘটনা পশ্চিমবংগৰ।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…