--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে এটা স্মাৰ্টফোন কিনিবৰ বাবে নিজৰ তেজ বিক্ৰী কৰাৰ চেষ্টা কৰিছিল। ছোৱালীজনীয়ে দেওবাৰে অনলাইন শ্বপিং এপৰ ​​জৰিয়তে স্মাৰ্টফোনটো অৰ্ডাৰ কৰিছিল। ইয়াৰ দাম আছিল প্ৰায় ৯ হাজাৰ টকা আৰু বৃহস্পতিবাৰে স্মাৰ্টফোনটো ডেলিভাৰী হোৱাৰ কথা আছিল। ফোনটো ক্ৰয় কৰাৰ বাবে প্ৰয়োজনীয় টকাখিনিৰ ব্যৱস্থা কৰাত অসুবিধা হোৱাত তেওঁ নিজৰ তেজ বিক্ৰী কৰাৰ সিদ্ধান্ত লয়। তেজ বিকি ধন ঘটিবৰ বাবে ছোৱালীজনী বালুৰঘাটৰ জিলা চিকিৎসালয়লৈ যোৱাৰ সিদ্ধান্ত লয়।

ঘৰত ছোৱালীজনীয়ে টিউচনলৈ যাম বুলি কৈ ঘৰৰ পৰা ওলাই আহে। বাছ ষ্টেণ্ডত চাইকেলখন এৰি বাছত উঠি তেওঁ হাস্পতাল পালেগৈ। বালুৰঘাট জিলা চিকিৎসালয়ৰ ব্লাড বেংকৰ কৰ্মচাৰী কনক কুমাৰ দাসে এই সন্দৰ্ভত জনায় যে "প্ৰথম অৱস্থাত তাই আমাক কৈছিল যে তাই নিজৰ তেজ বিক্ৰী কৰিব বিচাৰে যাতে তাই ভায়েকৰ চিকিৎসাৰ খৰচ দিব পাৰে। কিন্তু পিছত অলপ কাউন্সেলিং কৰাৰ পাছত তাই আমাক কৈছিল যে তাই এটা স্মাৰ্টফোন কিনিবলৈ টকা বিচাৰে যিটো তাই ইতিমধ্যে নিজৰ আত্মীয়ৰ স্মাৰ্টফোনত অনলাইনত অৰ্ডাৰ দিছে। ফোনটো আহি পোৱাৰ সময় হৈছে, অথচ তাইৰ হাতত টকা নাই, সেয়ে তাই তেজ বিক্ৰী কৰাৰ কথা ভাবে। 

জিলা শিশু কল্যাণ সমিতিৰ সহযোগত কিশোৰীগৰাকীক পিতৃ-মাতৃক চমজাই দিয়া হয়। কিশোৰীগৰাকীৰ পিতৃয়ে স্থানীয় বজাৰত শাক-পাচলি বিক্ৰী কৰে আৰু মাতৃ এগৰাকী গৃহিণী। এই ঘটনা পশ্চিমবংগৰ।












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক