--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মান্তৰকৰণৰ বিষয়কলৈ এতিয়া হিন্দুত্ববাদী সংগঠনসমূহ অধিক সক্ৰিয় হৈ পৰিছে।  হিন্দুসকলে ধৰ্ম সলনি কৰিলে তেনে লোকৰ বিৰুদ্ধে  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে  বিশ্ব হিন্দু পৰিষদে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই (আৰ এছ এছ) দেশত জন্ম নিয়ন্ত্ৰণৰ ওপৰত এখন আইন প্ৰৱৰ্তনৰ দাবী জনাই আহিছে। 

হিন্দুত্ববাদী সংগঠনসমূহে দাবী কৰি আহিছে  যে হিন্দু লোকৰ সংখ্যা দেশত ক্ৰমাৎ  হ্ৰাস পাইছে। একে সময়তে আৰ এছ এছে দাবী কৰিছে যে জাতি আৰু ৰাষ্ট্ৰৰ ধাৰণাটো সম্পূৰ্ণৰূপে বিলুপ্ত কৰিব লাগে। আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে কয়, "জাতি ব্যৱস্থাৰ আৰু কোনো প্ৰাসংগিকতা নাই। ভাগৱতে দাবী কৰিছিল যে জাতি ব্যৱস্থাই দেশত বৈষম্যৰ সৃষ্টি কৰিছে। বিষয়টো ব্যাখ্যা কৰি তেওঁ কয়, "বৈষম্য সৃষ্টি কৰা  এনে সকলো বোৰ প্ৰথা বাতিল  কৰা উচিত"।

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ ওপৰত সংঘৰ হেঁচাৰ মাজতে বিশ্ব হিন্দু পৰিষদে (ভিএইচপি) এক নতুন আন্দোলন আৰম্ভ কৰিছে।  পৰিষদে ধৰ্মান্তৰকৰণৰ জৰিয়তে হিন্দুৰ পৰা মুছলমান বা খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত হোৱা সকলৰ বিৰুদ্ধে কঠোৰ হ’ব বুলি কৈছে। তেনে লোকক চৰকাৰী লাভালাভ দিয়া বন্ধ কৰিবলৈ দাবী জনাইছে সংঘঠনটোৱে। অৰ্থাৎ যদি অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু হিন্দুসকলৰ অন্যান্য পিছপৰা শ্ৰেণীয়ে তেওঁলোকৰ ধৰ্ম সলনি কৰে, তেন্তে শিক্ষা, চাকৰি আৰু অন্যান্য ক্ষেত্ৰত সংৰক্ষণৰ লাভালাভ বন্ধ কৰিব লাগে। পৰিষদে বিশ্বাস কৰে যে যদি এনে নীতি প্ৰৱৰ্তন কৰা হয়, দেশত ধৰ্মান্তৰকৰণৰ ঘটনা হ্ৰাস পাব।

পৰিষদে ইতিমধ্যে এই ক্ষেত্ৰত  আন্দোলন আৰম্ভ কৰিবলৈ 'সমাজিক সম্ৰাসাতা অভিযান' নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ নেতৃত্ব দিব গুজৰাটৰ নেতা তথা পৰিষদৰ সৰ্বভাৰতীয় সচিব দেওজীভাই ৰাউতে। ৰাউত আন্দোলন আৰম্ভ কৰিবলৈ  কলকাতাত উপস্থিত হৈছে। দুদিনীয়া ভ্ৰমণকালত তেওঁ ৰাজ্যিক নেতৃত্বৰ সৈতে ধৰ্মান্তৰকৰণ প্ৰতিৰোধ ৰখাৰ বাবে পৰিষদে কি পথ ল'ব সেই বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠকতমিলিত হ’ব। 

ৰাউতে কয় , "নিয়ম অনুসৰি, কেৱল হিন্দুসকলেহে সংৰক্ষণৰ সুবিধা লাভ কৰিব বুলি ধাৰণা কৰা হয়। কাৰণ সংৰক্ষণৰ উদ্দেশ্য হৈছে হিন্দু সমাজৰ শ্ৰেণীটোক বিত্তীয় আৰু সামাজিক মৰ্যাদা দিয়া । মুছলমান বা খ্ৰীষ্টান ধৰ্মত এনে কোনো জাতিবৈষম্য নাই। গতিকে যিসকল হিন্দুৰ পৰা মুছলমান বা  খ্ৰীষ্টান হোৱাৰ বাবে তেওঁলোকক সংৰক্ষণৰ সুবিধা দিয়াৰ কোনো প্ৰশ্নই নাই"।  ৰাউতে লগতে কয়, "বিশ্ব হিন্দু পৰিষদ এখন সামাজিক সংগঠন। ৰাজনীতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। আমি এই বিষয়ে সমাজক জাগ্ৰত কৰিব বিচাৰো। পৰিষদে অতীতত একেটা কামেই  কৰিছিল। যেতিয়া সমাজ জাগ্ৰত হয়, চৰকাৰে সেই পথ ল'বলৈ বাধ্য হয়। ''

পৰিষদে এয়াও  দাবী কৰিছে যে  কেন্দ্ৰলৈ এনে প্ৰস্তাৱ ইতিমধ্যে দিয়া হৈছিল। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ কে জি বালাকৃষ্ণনৰ নেতৃত্বত এখন আয়োগ গঠন কৰিছে ,বিষয়টো কিমান যুক্তিসঙ্গত সেয়া পৰীক্ষা কৰি চাবলৈ।  পৰিষদৰ সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতি আলোক কুমাৰে কয়   "সমগ্ৰ দেশতে অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকলক বিভিন্ন প্ৰলোভনেৰে ধৰ্মান্তৰিত কৰা হৈছে। বহুতে ধৰ্মান্তৰকৰণৰ পিছতো হিন্দু হিচাপে সংৰক্ষণৰ সকলো সুবিধা গ্ৰহণ কৰি আছে। ইয়াক বন্ধ কৰিবলৈ সমগ্ৰ দেশতে অভিযান অব্যাহত থাকিব। ''

পৰিষদৰ প্ৰচাৰ অভিযানত কোৱা হ'ব যে ১৯৫০ চনত সংবিধানে কেৱল হিন্দুসকলক সংৰক্ষণ প্ৰদান কৰাৰ কথা কৈছিল। পিছলৈ ১৯৮৫ চনত শিখ ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ কিছু অংশ সংৰক্ষণৰ অধীনত অন্তৰ্ভুক্ত কৰা হয়, কিন্তু খ্ৰীষ্টান বা মুছলমানসকলৰ সংৰক্ষণৰ অধিকাৰ সংবিধানৰ দ্বাৰা স্বীকৃত নহয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement